নৃত্য উৎসৱ ২০২৪' ৰ আয়োজন* - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 23 April 2024

নৃত্য উৎসৱ ২০২৪' ৰ আয়োজন*

 


W7s news,,গুৱাহাটী, ২২ এপ্ৰিল: গুৱাহাটীৰ প্ৰয়াস কলাকেন্দ্ৰই বিশ্ব নৃত্য দিৱস উপলক্ষে আয়োজন কৰিছে 'নৃত্য উৎসৱ ২০২৪'ৰ। অহা ২৮ এপ্ৰিলৰ বিয়লি ২ বজাৰ পৰা পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ডঃ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত এই নৃত্যানুষ্ঠান অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত সত্ৰীয়া নৃত্য ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে পদ্মশ্ৰী ঘনকান্ত বৰা বৰবায়ন আৰু নৃত্যগুৰু ৰামকৃষ্ঞ তালুকদাৰক 'শ্ৰেষ্ঠশ্ৰী কলানিধি' সন্মানেৰে সন্মানীত কৰা হ'ব। এই অনুষ্ঠানতে দেশৰ কেইবাগৰাকীও শাস্ত্ৰীয় নৃত্য শিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰিব । আয়োজকে সকলো কলাপ্ৰেমীৰ সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here