প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ পৰিচালনা সমিতি আৰু শৈক্ষিক পৰিষদৰ বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 28 April 2024

প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ পৰিচালনা সমিতি আৰু শৈক্ষিক পৰিষদৰ বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ


 

W7s news,,,,,গুৱাহাটী, ২৮ এপ্ৰিল, ২০২৪: যোৱা ২৬ আৰু ২৭ এপ্ৰিল তাৰিখে গুৱাহাটীত অনুষ্ঠিত হোৱা প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ অষ্টম পৰিচালনা সমিতিৰ বৈঠক, আৰু শৈক্ষিক পৰিষদৰ বৈঠকত সন্মানীয় সদস্যসকলে প্ৰতিষ্ঠানটোৰ বিকাশ সম্পৰ্কীয় কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনা কৰে। ২৬ এপ্ৰিলত হাজংবাৰীস্থিত বিশ্ববিদ্যালয়ৰ মুখ্য চৌহদত বাস্তু পুজন অনুষ্ঠানেৰে কাৰ্যসূচীৰ আৰম্ভণি হয়। ইয়াৰ পিছত, পৰিচালনা সমিতিৰ বৈঠকখন ২০২৩ চনৰ ১৭ ডিচেম্বৰত অনুষ্ঠিত হোৱা পূৰ্বৱৰ্তী পৰিচালনা সমিতিৰ বৈঠকত উল্লেখিত কাৰ্যসূচীৰ অগ্ৰগতিৰ খতিয়ানৰ সৈতে আৰম্ভ হয়। বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক, অধ্যাপক যোগেশ কাকতিয়ে এতিয়ালৈকে প্ৰতিষ্ঠানটোৰ সফলতা আৰু আগন্তুক প্ৰত্যাহ্বানৰ বিষয়ে অন্তৰ্দৃষ্টি প্ৰদানকাৰী এক প্ৰতিষ্ঠানিক প্ৰগতি প্ৰতিবেদন উপস্থাপন কৰি ইয়াৰ ওপৰত আলোচনাৰ আহ্বান কৰে। বিশ্ববিদ্যালয়খনৰ শিক্ষক কৰ্মচাৰীসকলক প্ৰতিনিধিত্ব কৰি অৰ্থনীতি অনুষদ শ্ৰীমতী মনামী ডেকাই বিশ্ববিদ্যালয়খনৰ অনন্য শক্তি আৰু অৱদানৰ ওপৰত এক প্ৰতিবেদন আগবঢ়ায় আৰু এই বৈশিষ্ট্যসমূহক শৈক্ষিক উৎকৰ্ষতা আৰু প্ৰতিষ্ঠানিক উন্নয়নৰ হকে ব্যৱহাৰ কৰাৰ ওপৰত এক গঠনমূলক আলোচনা কৰে।  

বিশ্ববিদ্যালয়খনৰ উন্নত কাৰ্যকুশলতাৰ বাবে গুৰুত্বপূৰ্ণ প্ৰশাসনিক বিষয়সমূহ বিশ্ববিদ্যালয়খনৰ মাননীয় উপাচাৰ্য অধ্যাপক প্ৰদীপ কুমাৰ যোশীৰ নেতৃত্বত অনুষ্ঠিত বৈঠকত আলোচনা কৰা হয়। লগতে, এক বৃত্তি ব্যৱস্থাৰ অনুমোদন, বিভিন্ন গুৰুত্বপূৰ্ণ পদত নিযুক্তিৰ বাবে অনুমোদন, আইন প্ৰস্তুত সমিতি গঠন আৰু ক্ৰয় প্ৰক্ৰিয়াৰ বাবে মানক সঞ্চালন প্ৰক্ৰিয়া (এছ ও পি) স্থাপনৰ সন্দৰ্ভতো সিদ্ধান্ত লোৱা হয়। বৈঠকৰ সময়ত, পৰৱৰ্তী শৈক্ষিক অধিৱেশনৰ বাবে মাচুলৰ আন্তঃগাঁথনিৰ অনুমোদন জনোৱাৰ লগতে এটা নতুন ডিপ্লমা পাঠ্যক্ৰমৰ প্ৰৱৰ্তন কৰা হয়।  ২৭ এপ্ৰিলত প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ দ্বিতীয় শৈক্ষিক পৰিষদৰ বৈঠক যথেষ্ট উৎসাহ আৰু উদ্দেশ্যপূৰ্ণভাৱে আহ্বান কৰা হয়। পঞ্জীয়কৰ দ্বাৰা প্ৰতিষ্ঠানিক প্ৰগতি প্ৰতিবেদন উপস্থাপন কৰাৰ পিছত, বিশ্ববিদ্যালয়খনৰ মাননীয় উপাচাৰ্য, অধ্যাপক স্মৃতি কুমাৰ সিনহাই শৈক্ষিক অধিৱেশন 2024-25ৰ বাবে শৈক্ষিক পৰিকল্পনা উপস্থাপন কৰে। এই উপস্থাপনৰ পিছত সংগতিপূৰ্ণ আলোচনা আৰু পৰামৰ্শ সভা অনুষ্ঠিত হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here