ভাৰতৰ কনিষ্টতম হিচাপে গুৱাহাটীৰ আৰাধ্যা ধানুকাৰ সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 27 April 2024

ভাৰতৰ কনিষ্টতম হিচাপে গুৱাহাটীৰ আৰাধ্যা ধানুকাৰ সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ


 

W7s news,,,গুৱাহাটী ২৭ এপ্ৰিলঃ মাত্ৰ ১০ বছৰ ২৫ দিন বয়সত সন্মানীয় ডক্টৰেড পৰিষদৰ পৰা ক্ৰীড়াত সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰা ভাৰতৰ ভিতৰত প্ৰথমগৰাকী কনিষ্ঠতম অৰ্জনকাৰী হিচাপে সন্মান বুটলিছে গুৱাহাটীৰ কন্যা  আৰাধ্যা ধানুকাই।লগতে তেওঁক অাজী ২৭ এপ্ৰিলত নতুন দিল্লীত এক গাম্ভীয্যপূর্ণ অনুষ্ঠানত ষ্ট্ৰসংঘৰ বিশ্ববিদ্যালয়ৰ বিশ্ব শান্তি আৰু ভাৰত গৌৰৱ ৰত্ন শ্ৰী সমন বঁটা প্ৰদান কৰে বলিউডৰ অভিনেত্ৰী ডিয়া মিৰ্জাই।উক্ত অনুষ্ঠানত পৰম বীৰ চক্ৰ বঁটা প্ৰাপ্ত যোগেন্দ্ৰ সিং যাদৱ, আন্তঃৰাষ্ট্ৰীয় মল্লযোদ্ধা নৰসিং যাদৱ, ন্যায়াধীশ অৱনীশ চাক্সেনাৰ লগতে আন বহুতো বিশিষ্ট ব্যক্তিৰ উপস্থিতি থাকে। ড০ আৰাধ্যা ধানুকাই ক্ৰীড়াত কনিষ্ঠতম সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰি  উল্লেখযোগ্য কৃতিত্ব অৰ্জন কৰিছে,যি হৈছে শিশু প্ৰডিজি আৰু অসমক তেওঁৰ প্ৰতিভাৰ বাবে গৌৰৱান্বিত কৰিছে। তেওঁ ৭ টাকৈ ৰাজ্যিক অভিলেখ, ৩ টা ৰাষ্ট্ৰীয় ৰেকৰ্ড আৰু ৩ টা ৱৰ্ল্ড ৰেকৰ্ড গঢ়াৰ লগতে অসমৰ হুলা হুপিং গাৰ্লৰ খিতাপ লাভ বুটলিবলৈ সক্ষম হৈছে। শিক্ষা আৰু ক্ৰীড়া দুয়োটাক্ষেত্ৰতে তেওঁৰ উৎকৰ্ষতাই উচ্চাকাংক্ষী ব্যক্তিসকলৰ বাবে  অনুপ্ৰেৰণাৰ প্ৰতীক হৈ পৰিছে।আৰাধ্যা ধানুকা হৈছে প্ৰসিদ্ধ উদ্যোগপতি ড০ ঘনশ্যাম - স্বাতী ধানুকাৰ কন্যা  আৰু প্ৰখ্যাত সমাজকৰ্মী ড০ অশোক আৰু কুসুম ধানুকাৰ নাতিনী।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here