ইন্দ্ৰী হৈ পৰিল বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত বিকশিত হোৱা একক মল্ট হুইস্কী: - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 16 April 2024

ইন্দ্ৰী হৈ পৰিল বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত বিকশিত হোৱা একক মল্ট হুইস্কী:

 

 দ্বিতীয় বৰ্ষত ইয়াৰ ১ লাখতকৈও অধিক কেছ বিক্ৰী হৈছে

গ্লোবেল জায়েন্ট-সমূহক অতিক্ৰমি এক ৫৯৯% বিকাশেৰে সৈতে ভাৰতত ৩০% বজাৰ অংশীদাৰিত্ব দখল কৰে

W7s news,,,, নতুন দিল্লী: পিকাডিলি ডিষ্টিলেৰীজৰ দ্বাৰা আগবঢ়োৱা ভাৰতৰ ১ম আৰু সৰ্বাধিক বঁটা লাভ কৰা ইন্দ্ৰী ট্ৰিপল কেস্ক চিংগল মল্ট হুইস্কী ইন্দ্ৰি-ত্ৰিনি-য়ে ‘পৃথিৱীৰ এতিয়ালৈকে অত্যন্ত দ্ৰুতগতিত বৃদ্ধি পোৱা চিংগল মল্ট হুইস্কী’ হিচাপে পৰিগণিত হৈ ভাৰতৰ বিকাশৰ যাত্ৰাক আৰু অধিক দৃঢ় কৰি তুলিছে৷ স্কটলেণ্ড, জাপান, টাইৱান অথবা বিশ্বৰ আন যিকোনো স্থানৰ অন্য কোনো চিংগল মল্ট হুইস্কীয়ে ইয়াৰ আৰম্ভনীৰ পৰা দুবছৰৰ ভিতৰত ১,০০,০০০ কেছৰ সীমা অতিক্ৰম কৰিব পৰা নাই৷ এই কৃতিত্বৰ জৰিয়তে ইন্দ্ৰী-ত্ৰিনিয়ে সকলো প্ৰত্যাশাক মষিমুৰ কৰি বিশ্বৰ শীৰ্ষ বিক্ৰী হোৱা একক মল্ট হুইস্কী-ৰ অভিজাত ক্লাবত সোমাই পৰিল৷

যোৱা বৰ্ষৰ তুলনাত অভূতপূৰ্ব ৫৯৯% বৃদ্ধিৰ হাৰেৰে সৈতে ইন্দ্ৰীয়ে কেৱল অভিলেখসমূহ ভংগ কৰাই নহয়; লগতে ই প্ৰতিযোগীতাখনক নতুন ৰূপ প্ৰদান কৰিছে৷ ভাৰতত ৩০% বজাৰ অংশীদাৰিত্ব দখল কৰাৰ পথত ইন্দ্ৰীয়ে বাটকটীয়া হৈ পৰিছে৷ পিকাডিলি ডিষ্টিলেৰীজ-য়ে ইয়াৰ অভিলাষী সম্প্ৰসাৰণ পৰিকল্পনাসমূহেৰে সৈতে বিশ্বৰ শীৰ্ষ ৫টা বিক্ৰী হোৱা একক মল্ট হুইস্কী-ৰ ভিতৰত এটা হৈ পৰাৰ কল্পনা কৰিছে৷

২০২১ চনৰ নৱেম্বৰ মাহত আত্মপ্ৰকাশ কৰাৰ পিছৰে পৰা ইন্দ্ৰীৰ ব্ৰেণ্ড যাত্ৰাই আৰম্ভণি হোৱাৰ পৰা এই অসাধাৰণ মাইলৰ খুঁটিলৈকে বিশ্ব হুইস্কী বঁটা আৰু আন্তঃৰাষ্ট্ৰীয় হুইস্কী প্ৰতিযোগিতাৰ দৰে সন্মানীয় প্ৰতিযোগিতাসমূহত ‘শ্ৰেষ্ঠ ভাৰতীয় একক মল্ট’-কে ধৰি ২৫টাতকৈও অধিক গোলকীয় লোভনীয় প্ৰশংসা লাভ কৰিছে৷ ‘এছিয়ান হুইস্কী অৱ দ্য ইয়েৰ’ আৰু নিউয়ৰ্ক ৱৰ্ল্ড ৱাইন এণ্ড স্পিৰিটছ প্ৰতিযোগিতাত ‘গোল্ড মেডেল’-ৰ দৰে উল্লেখযোগ্য উপাধি লাভ কৰি ইন্দ্ৰীয়ে বিশ্বব্যাপী ভাৰতক অপৰিসীমভাৱে গৌৰৱান্বিত কৰি তুলিছে৷ ইয়াৰ মুকুটমণ্ডিত কৃতিত্ব আহিছিল যেতিয়া ইন্দ্ৰী দীপাৱলী কলেক্টৰচ্ এডিচনক স্কচ আৰু আমেৰিকাৰ প্ৰতিদ্বন্দ্বীসকলক অতিক্ৰম কৰি হুইস্কীজ অৱ দ্য ৱৰ্ল্ড এৱাৰ্ডত ‘বেষ্ট হুইস্কী ইন দ্য ৱৰ্ল্ড’ হিচাপে ঘোষণা কৰা হৈছিল৷ এই সফলতাই ব্ৰেণ্ডটোক অকল উন্নীত কৰি তোলাই নহয় লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতীয় হুইস্কীসমূহৰ সুনামকো শক্তিশালী কৰি তুলিছে, যাৰ ফলত প্ৰিমিয়াম ভাৰতীয় একক মল্টসমূহৰ চাহিদা বৰ্ধিত হৈ পৰিছে৷

ইন্দ্ৰীৰ উত্থানে প্ৰিমিয়াম স্পিৰিটসমূহ অগ্ৰসৰ হোৱাৰ পথত উপভোক্তাসকলৰ আচৰণ আৰু পছন্দসমূহৰ ভূমিকম্পীয় পৰিৱৰ্তনৰ ইংগিত দিয়ে৷ উদ্যোগৰ প্ৰতিবেদনসমূহৰ অনুসৰি ভাৰতীয় একক মল্ট হুইস্কীয়ে ২০২১-২২ চনত ১৪৪% বৃদ্ধিৰে স্কটিছ প্ৰতিপক্ষসকলক অতিক্ৰম কৰি অভ্যুত্থান সংঘটিত কৰিছে আৰু এয়া গতিবেগ গঢ় লৈ উঠাৰ আৰম্ভনীহে মাথোন৷ কনফেডাৰেচন অৱ ইণ্ডিয়ান এলক’হলিক বেভাৰেজ কোম্পানী (চিআইএবিচি)-ৰ প্ৰাৰম্ভিক অনুমান অনুসৰি ২০২৩ চনত মুঠ বিক্ৰীৰ ভিতৰত ভাৰতীয় একক মল্টসমূহৰ এক আশ্চৰ্য্যচকিত কৰি তোলা ৫৩% নেতৃত্ব আছিল, যাৰ ফলত আমদানিকৃত ব্ৰেণ্ডসমূহ পিছ পৰি থাকিল৷

‘‘এসময়ত আমদানিকৃত লেবেলসমূহৰ আধিপত্য থকা বজাৰখনত ইন্দ্ৰীয়ে ভাৰতীয় উৎকৃষ্টতাৰ আকাশবাতি হিচাপে সগৌৰৱে থিয় দিছে৷ ই কেৱল এটা ব্ৰেণ্ডেই নহয়; ই হৈছে জাতীয় গৌৰৱৰ প্ৰতীক, ভাৰতীয় স্পিৰিটসমূহৰ মৰ্যাদাক অতুলনীয় উচ্চতালৈ উন্নীত কৰি তুলিছে৷ ইন্দ্ৰীয়ে কেৱল এই গুৰুদায়িত্বৰ নেতৃত্ব দিয়া নাই; ই এক বিপ্লৱৰ নেতৃত্বও প্ৰদান কৰিছে’’, পিকাডিলি ডিষ্টিলেৰীজৰ চিইঅ’ প্ৰবীণ মালভিয়া-য়ে এইদৰে কয়৷

ইন্দ্ৰীয়ে ভাৰতীয় একক মল্ট হুইস্কীৰ মানদণ্ডসমূহ পুনৰ সংজ্ঞায়িত কৰি থকাৰ সময়তে পিকাডিলি ডিষ্টিলেৰীসমূহে সীমাবদ্ধতা ঠেলি দিয়া, নতুন দিগন্তসমূহৰ অন্বেষণ কৰাৰ লগতে বিশ্বৰ চৌপাশৰ হুইস্কী অনুৰাগীসকলক ব্যতিক্ৰমী অভিজ্ঞতাসমূহ প্ৰদানৰ বাবে নিজকে উৎসৰ্গিত কৰি ৰাখিছে৷


ষ্টক ষ্টিকাৰ: (PICCADIL | 530305 | INE546C01010)

https://www.bseindia.com/stock-share-price/piccadily-agro-industries-ltd/piccadily-agro-inds/530305/

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here