বস্ত্ৰ ভৱন'ৰ বাকৰিত 'তাঁতৰ বিহু" পালন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 17 April 2024

বস্ত্ৰ ভৱন'ৰ বাকৰিত 'তাঁতৰ বিহু" পালন

 




 W7s news গুৱাহাটী: অসমীয়া জাতিৰ বাপতি সাহন ৰঙালী বিহু অইন বছৰৰ দৰে এই বছৰো ১৩ এপ্ৰিলৰ পৰা ৰাজ্যজুৰি উলহ মালহেৰে আৰম্ভ হৈছে l পৰম্পৰা অনুসৰি চ'তৰ শেষৰ দিনাৰ পৰা বা সংক্ৰান্তিৰ পৰা  ছয় ব'হাগৰলৈ সাত দিন এই বিহু পালন কৰা হয়l এই সাত বিহুৰ অন্যতম হৈছে - "তাঁতৰ বিহু" l  ইয়াক সাত বিহুৰ চতুৰ্থ দিনা পালন কৰা হয় l এই বেলি, অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগে পোন প্ৰথম বাৰৰ বাবে মঙলবাৰে আমবাৰীৰ 'বস্ত্ৰ ভৱন'ৰ বাকৰিত আয়োজন কৰিছিল 'তাঁতৰ বিহু"ৰ এক মনোৰম কাৰ্যসূচী l বিভাগৰ বিষয়া-কৰ্মচাৰী সকলে পৰম্পৰাগত সাজেৰে আহি 'বস্ত্ৰ ভৱন'ত থকা তাঁত শাল সমূহ সজাই তুলিছিল আৰু ধূপ ধূনা চাকি বন্তি জ্বলাই পূজা অৰ্চনা কৰে l  দিনৰ ১২ বজাৰ পৰা এই উপলক্ষে অনুষ্ঠিত হয় বিহু সুৰীয়া গীত-মাত, হুচৰিৰ এক অনুষ্ঠান l ইয়াৰ পূৰ্বে "তাঁত বিহুৰ তাৎপৰ্য আৰু পৰম্পৰা"এই বিষয়ত বিশেষ বক্তৃতা প্ৰদান কৰে অসম টেক্সটাইল ইনষ্টিটিউটৰ জ্যেষ্ঠ শিক্ষক তথা বিশিষ্ট নিবন্ধকাৰ  ৰবীন খাটনিয়াৰে l প্ৰাৰম্ভতে,  অনুষ্ঠানটো আনুষ্ঠানিক ভাৱে মুকলি কৰে হস্ততাঁত বস্ত্ৰশিল্প আৰু ৰেচম বিভাগৰ সচিব  দিলীপ কুমাৰ বৰাই l ভাষণত  বৰাই হেৰাই যাব ধৰা কেইবাটাও বিহু নাম পৰিৱেশন কৰি ইয়াৰ সংৰক্ষন আৰু চৰ্চাৰ প্ৰয়োজন আছে বুলি কয় l বিভাগীয় সঞ্চালক  পৰাগ মণি মহন্তই আদৰণী ভাষণ আগবঢ়ায় "তাঁতৰ বিহু" উদযাপনৰ উদ্দেশ্যৰ কথা উল্লেখ কৰি বহাগ বিহুৰ এটা দিন আমাৰ তাঁত শাল খনৰ নামত উচৰ্গা কৰা মানে ইয়াৰ লগত জড়িত অসমৰ শিপিনী সকলক সন্মান প্ৰদৰ্শন কৰা হৈছে বুলি উল্লেখ কৰে l অনুষ্ঠানত ড ভূপেন্দ্ৰ নাথ শৰ্মা, উৎপলা দেৱী, চিত্তৰঞ্জন চৌধুৰী আৰু প্ৰশান্ত তালুকদাৰে তাঁতৰ গীত, বিহু সুৰীয়া গীত আৰু শিপিনীক লৈ লিখা কবিতা আবৃত্তি কৰে l আৰ্টফেডৰ অভিযন্তা  কুশল কুমাৰে অনুষ্ঠানৰ প্ৰাকক্ষণত বেদৰ শ্লোক উচ্চাৰণেৰে আটাইকে মন্ত্ৰ মুগ্ধ কৰে l 'সমন্বয় ক্ষেত্ৰৰ বিহু হুঁচৰি দলে' অনুষ্ঠানত হুঁচৰি আৰু বাৰেৰহনীয়া নৃত্য পৰিৱেশন কৰে l সোনাঘুলী  দেউৰী বিহুৱা দলে কাৰ্য্যক্ৰমত জনজাতীয় বিহু নৃত্য পৰিৱেশন কৰে l অনুষ্ঠানটোৰ আঁত ধৰে  জয়ন্ত দেৱ শৰ্মা আৰু  যামিনী বৰগোহাঁইয়ে l এই অনুষ্ঠানতে চন্দ্ৰপুৰৰ দুগৰাকী পাকৈত তাঁতশালৰ শিপিনী  কুসুম কলিতা আৰু ভগেশ্বৰী বাড়োক তেওঁলোকৰে উৎকৃষ্ট শিল্প কৰ্মৰ বাবে সম্ভাসন জনোৱা হয় l

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here