অসমৰ হাৰ্ট থ্ৰব জুবিন গাৰ্গৰ চুক্তি ভাৰতৰ আগশাৰীৰ পুৰুষৰ পোছাক ব্ৰেণ্ড টাৰ্টেলৰ সৈতে গুৱাহাটীত বিহু উদযাপনৰ বাবে - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 3 April 2024

অসমৰ হাৰ্ট থ্ৰব জুবিন গাৰ্গৰ চুক্তি ভাৰতৰ আগশাৰীৰ পুৰুষৰ পোছাক ব্ৰেণ্ড টাৰ্টেলৰ সৈতে গুৱাহাটীত বিহু উদযাপনৰ বাবে




W7s news গুৱাহাটী: দেশত ২০ বছৰ সম্পূৰ্ণ কৰা পুৰুষৰ পোছাকৰ আইকনিক ব্ৰেণ্ড টাৰ্টলে এই উল্লেখযোগ্য মাইলৰ খুঁটি অতিক্ৰম কৰাৰ উপলক্ষে গৌৰৱেৰে ঘোষণা কৰিছে যে জনপ্ৰিয় গায়ক জুবিন গাৰ্গৰ সহযোগত গুৱাহাটীত ব্ৰেণ্ডটোৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া বিহু উদযাপন কৰিব।


৫ এপ্ৰিলৰ সন্ধিয়া গুৱাহাটীৰ চেণ্ট্ৰেল মলত জুবিন গাৰ্গে ৰঙালী বিহু উদযাপন কৰাৰ লগতে অসমৰ চহকী সাংস্কৃতিক জগতৰ সুভাস উপভোগ কৰিব। অসমৰ সংগীত জগতৰ অন্যতম শ্ৰেষ্ঠ শিল্পী জুবিন গাৰ্গে নিজৰ মনোমোহা কণ্ঠৰ মায়াজালৰ দ্বাৰা পৰিবেশ মনোমোহা কৰি তুলিব। চেণ্ট্ৰেল মলৰ লগতে জুবিনে 'চিটি চেণ্টাৰ মল, জি এছ ৰোড', আৰু ফেন্সি বজাৰৰ ষ্ট’ৰ সমূহ ভ্ৰমন কৰিব।


পুৰুষৰ পোছাকৰ আইকনিক ব্ৰেণ্ড টাৰ্টল হৈছে গুণগত মান আৰু পৰম্পৰাৰ সমাৰ্থক বিগত দুটা দশক ধৰি। ইয়াৰ উৎকৃষ্টতাৰ প্ৰতি থকা দায়বদ্ধতা আৰু অসমৰ সংস্কৃতি আৰু ঐতিহ্যৰ প্ৰসাৰৰ বাবে সমৰ্পণে অঞ্চলটোৰ জনসাধাৰণৰ মাজত গভীৰভাৱে অনুৰণন ঘটায় আহিছে। 


এই অনুষ্ঠানৰ সন্দৰ্ভত ভাষণ প্ৰদান কৰি টাৰ্টেল লিমিটেডৰ বিপণন মুৰব্বী ঋতাংকৰ সৰকাৰে কয়, "অসমত টাৰ্টলৰ ২০ বছৰীয়া যাত্ৰাৰ এই বিশেষ ক্ষণত শিল্পী জুবিন গাৰ্গৰ উপস্থিতিয়ে আমাৰ বিহু উদযাপনৰ শোভা বৰ্ধন কৰাৰ লগতে আমাক ৰোমাঞ্চিত কৰিব। 


জুবিন গাৰ্গৰ সাংগীতিক প্ৰদৰ্শনে অসমৰ বিহু উৎসৱৰ জীপাল মনোভাৱ আৰু সাংস্কৃতিক সমৃদ্ধি প্ৰদৰ্শন কৰি এই সন্ধিয়া জিপাল কৰি তুলিব। এই উদযাপনৰ আন এক বিশেষ আকৰ্ষণ হ’ব এক মনোমোহা চিট-চাট শ্ব’ যিটো গুৱাহাটীৰ ব্যস্ত চেণ্ট্ৰেল মলত অনুষ্ঠিত হ’ব, য’ত প্ৰেছ মেম্বাৰ, ডিলাৰ, আৰু সন্মানীয় অতিথিসকলে একত্ৰিত হৈ ফেশ্বন, সংগীত, চলচ্চিত্ৰ, আৰু প্ৰযুক্তি, এই গতিশীল উদ্যোগসমূহৰ সংযোগস্থলত অংশগ্ৰহণকাৰীসকলে আমাৰ সাংস্কৃতিক পৰিৱেশ গঢ় দিয়াৰ লগতে শেহতীয়া ধাৰা আৰু উদ্ভাৱনসমূহৰ সন্ধানেৰে পৰিৱেশটো আনন্দেৰে ভৰি পৰিব। উপস্থিতসকলে জুবিন গাৰ্গৰ সৈতে মত বিনিময় কৰাৰ লগতে তেওঁৰ বহুমুখী কেৰিয়াৰৰ মূল্যৱান অন্তৰ্দৃষ্টি লাভ কৰিব। ফটোগ্ৰাফীৰ জৰিয়তে স্মৰণীয় মুহূৰ্তসমূহো বন্দী কৰাৰ সুযোগ পাব উপস্থিত ৰাইজে। 


এই মনোমোহা চিট-চাট শ্ব’ৰ উপৰিও টাৰ্টলে গৌৰৱ অনুভৱ কৰিছে যে আঠজন সন্মানীয় স্থানীয় প্ৰভাৱশালী Influencer অভিজিৎ দাস, নিহাল কলিতা, সিদ্ধাৰ্থ বড়ো, গুণজিৎ ডেকা, অভিজ্ঞান কলিতা, ফনীন্দ্ৰ, মিন্টু আৰু অৰ্পনে গুৱাহাটীৰ বিভিন্ন 

টাৰ্টল ষ্ট’ৰ সমূহত উপস্থিত থাকিব। এই উৎসৱৰ বতৰত তেওঁলোকৰ অনন্য উপস্থিতিয়ে মনোমোহতা আৰু শৈলী যোগ কৰিব।


টাৰ্টেল লিমিটেড হৈছে ইয়াৰ অতুলনীয় মানদণ্ড, কালজয়ী ডিজাইন, আৰু উৎকৃষ্টতাৰ প্ৰতি দায়বদ্ধতাৰ বাবে বিখ্যাত এক আগশাৰীৰ পুৰুষৰ কাপোৰৰ ব্ৰেণ্ড। বিশ্বজুৰি তিনিটা দশকৰ উত্তৰাধিকাৰৰ সৈতে টাৰ্টলে ভাৰতত পুৰুষৰ ফেশ্বনক পুনৰ সংজ্ঞায়িত কৰাৰ ক্ষেত্ৰত আগৰণুৱা হৈ আহিছে, পৰম্পৰাৰ সৈতে সমসাময়িক শৈলীৰ মিশ্ৰণেৰে বৈচিত্ৰময় পৰিসৰৰ কাপোৰ আগবঢ়াইছে এই ব্ৰেণ্ডৰ পোছাকে।


টাৰ্টলৰ দ্ৰুত সম্প্ৰসাৰণ ইয়াৰ জনপ্ৰিয়তা আৰু সমগ্ৰ ভাৰততে প্ৰিমিয়াম মানৰ পুৰুষৰ কাপোৰ প্ৰদানৰ প্ৰতিশ্ৰুতিৰ এক প্ৰমাণ। পশ্চিম বংগ, ওড়িশা, বিহাৰ, ঝাৰখণ্ড, উত্তৰ প্ৰদেশ, ৰাজস্থান, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, তামিলনাডু মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ আৰু অসমকে ধৰি ৫০০ৰো অধিক চহৰত এই ব্ৰেণ্ডটোৱে শক্তিশালী উপস্থিতি স্থাপন কৰিছে। গুৱাহাটীত টাৰ্টলৰ চাৰিটা ডাঙৰ ষ্ট’ৰ আছে - চিটি চেণ্টাৰ মল, জি এছ ৰোড, বেল্টলা, আৰু চেণ্ট্ৰেল মলত।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here