এনডিডিবিৰ দ্বাৰা পৰিচালিত পূৰবী ডেইৰীৰ সম্প্ৰসাৰিত দুগ্ধ উদ্যোগৰ উন্মোচন অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ। - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 2 March 2024

এনডিডিবিৰ দ্বাৰা পৰিচালিত পূৰবী ডেইৰীৰ সম্প্ৰসাৰিত দুগ্ধ উদ্যোগৰ উন্মোচন অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।


 

W7s news,,গুৱাহাটী, ০২ মাৰ্চ, ২০২৪: উত্তৰ-পূৰ্বাঞ্চলৰ সবাতোকৈ জনপ্ৰিয় আৰু সৰ্ববৃহৎ গাখীৰ আৰু দুগ্ধজাত সামগ্ৰী প্ৰতিষ্ঠান পূৰবী ডেইৰী নামেৰে পৰিচিত পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেডে সম্প্ৰসাৰণ ঘটালে তেওঁলোকৰ দুগ্ধ উদ্যোগৰ। অসমৰ মাননীয় মু্খ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দুগ্ধ সমবায়খনৰ সম্প্ৰসাৰিত দুগ্ধ উদ্যোগটোৰ শুভ উন্মোচন ঘটায়। এই উপলক্ষ্যে গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত পূৰবী ডেইৰীৰ চৌহদত অনুষ্ঠিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ শৰ্মা মুখ্য অতিথিৰূপে উপস্থিত থকাৰ লগতে অসম চৰকাৰৰ কৃষি আৰু পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী  অতুল বৰা, অসম চৰকাৰৰ সহযোগিতা মন্ত্ৰী  নন্দিতা গাৰ্লোছা আৰু ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন ব'ৰ্ডৰ (এনডিডিবি) অধ্যক্ষ তথা ৱামুলৰ পৰিচালনা সমিতিৰ অধ্যক্ষ ড০ মীনেশ শ্বাহকে ধৰি বিশিষ্ট অতিথিসকল উপস্থিত থাকে। অনুষ্ঠানত অসম চৰকাৰৰ সমবায় বিভাগৰ মুখ্য সচিব ড০ বি কল্যাণ চক্ৰৱৰ্তী; অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মুখ্য সচিব  মনীষ ঠাকুৰ; অসম চৰকাৰৰ কৃষি বিভাগৰ আয়ুক্ত তথা সচিব আৰু অসম গ্ৰাম্য আন্তঃগাঁথনি আৰু কৃষি সেৱা সমাজৰ ৰাজ্যিক প্ৰকল্প সঞ্চালক শ্ৰী বীৰেন্দ্ৰ মিট্টাল; অসম চৰকাৰৰ সমবায় বিভাগৰ সচিব আৰু অসম চৰকাৰৰ সমবায় সমিতিৰ পঞ্জীয়ক  নাৰায়ণ কোঁৱৰ; আৰু সহযোগিতা বিভাগৰ সচিব  ঋতুৰাজ বৰাও উপস্থিত থাকে। ইয়াৰ উপৰিও দুগ্ধ সমবায় সমিতিখনৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া তথা বৃহৎ সংখ্যক কৃষক সদস্যই নিজৰ উপস্থিতিৰে অনুষ্ঠানটো সাৰ্থক কৰি তোলে।পূৰবী ডেইৰীয়ে অসমত প্ৰথমবাৰৰ বাবে প্ৰস্তুত কৰা পূৰবী আইচক্ৰীমৰ প্ৰথমটো পৰ্ব মুকলি কৰি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, ''অসমৰ দুগ্ধ পালকসকলে উৎপাদন কৰা গাখীৰেৰে প্ৰস্তুত কৰা এই আইচক্ৰীমৰ সোৱাদ সঁচাকৈয়ে অনন্য।’’ তেওঁ আৰু কয়, ''আজি মুকলি কৰা এই নতুন উদ্যোগটোৰ জৰিয়তে দুগ্ধ প্ৰক্ৰিয়াকৰণৰ ক্ষমতা ১.৫ লাখ লিটাৰলৈ বৃদ্ধি পাব। বৰ্ধিত ক্ষমতাই ৰাজ্যৰ হাজাৰ হাজাৰ দুগ্ধ পালকক সহায় কৰিব আৰু তেওঁলোকে এই পদক্ষেপৰ জৰিয়তে বজাৰৰ উন্নত সুবিধা লাভ কৰিবলৈ সক্ষম হ’ব।” ড০ শৰ্মাই লগতে উল্লেখ কৰে যে, অসম চৰকাৰে এনডিডিবিৰ সৈতে যৌথ উদ্যোগ কোম্পানী গঠন কৰিছে আৰু আজিৰ উদ্বোধনী অনুষ্ঠানৰ লগে লগে কোম্পানীটোৱে প্ৰথমটো বাণিজ্যিক সামগ্ৰী মুকলি কৰি গ্ৰাহকৰ মাজত প্ৰৱেশৰ বাবে সাজু হৈছে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, ''অহা বছৰৰ পৰা ৰাজ্য চৰকাৰে সংগঠিত খণ্ডত প্ৰতি লিটাৰ গাখীৰৰ ওপৰত ৫ টকা অতিৰিক্ত সুবিধা প্ৰদানৰ সিদ্ধান্ত লৈছে। এয়া বিভিন্ন দুগ্ধ সমবায়সমূহে ইতিমধ্যে দি থকা হাৰতকৈ অধিক হ’ব। ইয়াৰ জৰিয়তে আমি লিংগ বিভাজিত জাত, কৃত্ৰিম প্ৰজনন আদি বিভিন্ন হস্তক্ষেপৰ জৰিয়তে ইতিমধ্যে উৎপাদন বৃদ্ধি কৰা কৃষকসকলক অতিৰিক্ত সহায় আগবঢ়াব বিচাৰিছো।’’ তেওঁ লগতে কয়, “ইয়াৰ উপৰিও ৱামুলে ২০২৪ চনৰ ০১ মাৰ্চৰ পৰা কাৰ্যকৰী হোৱাকৈ ৪% ফেট আৰু ৮.৫% এছএনএফ হিচাপত প্ৰতি লিটাৰত মৌলিক গাখীৰ ক্ৰয়ৰ মূল্য প্ৰতি লিটাৰত ৩৯ টকাৰ পৰা প্ৰতি লিটাৰত ৪০ টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে।”ইফালে যোৰহাট আৰু ডিব্ৰুগড়ত গাখীৰ প্ৰক্ৰিয়াকৰণ কেন্দ্ৰৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে পুঁজি মুকলি কৰিব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। পূৰবী ডেইৰী চৌহদত প্ৰদান কৰা ভাষণত তেওঁ কয়, “আজি পূৰবী ডেইৰীত মুকলি কৰা এই নতুন উদ্যোগটোৰ লগতে যোৰহাট আৰু ডিব্ৰুগড়ত থকা নতুন কেন্দ্ৰ দুটাৰ সমান্তৰালভাৱে নতুন যৌথ উদ্যোগ কোম্পানীয়ে বৰাক উপত্যকা, লখিমপুৰ-ধেমাজি আৰু নগাঁৱতো কেন্দ্ৰ নিৰ্মাণ কৰিব। এই ৬টা ইউনিটে ৰাজ্যখনৰ গাখীৰ আৰু দুগ্ধজাত সামগ্ৰীৰ চাহিদা আৰু অধিক পূৰণ কৰিবলৈ সক্ষম হ’ব।”২০০৮ৰ এন ডি ডি বিয়ে পৰিচালনাৰ দায়িত্ব লোৱাৰ পিছৰে পৰা উল্লেখ্যযোগ্য সম্প্ৰসাৰণ সম্ভৱ হৈ উঠিছে পূৰবী ডেইৰীৰ। প্ৰথমাৱস্থাত প্ৰতিদিনে মাত্ৰ ৪০০ লিটাৰ গাখীৰ ক্ৰয় কৰা দুগ্ধ সমবায়খনে এতিয়া অসমৰ ২১খন জিলাৰ ৮০০ৰো অধিক সমবায় সমিতিত সংগঠিত ৩০ হাজাৰ দুগ্ধ পালকৰ নেটৱৰ্কৰ পৰা প্ৰতিদিনে ৬০ হাজাৰ লিটাৰতকৈও অধিক গাখীৰ সংগ্ৰহ কৰিছে। ন্যায্য আৰু স্বচ্ছ পদ্ধতিৰে গাখীৰ সংগ্ৰহ, জোখ-মাখ আৰু ধন পৰিশোধ কৰিবলৈ দুগ্ধ সমবায় সমিতিসমূহত স্বয়ংক্ৰিয় গাখীৰ সংগ্ৰহ ব্যৱস্থা স্থাপন কৰা হৈছে। কেঁচা গাখীৰৰ গুণগত মান ৰক্ষা কৰিবলৈ ইয়াক প্ৰতিদিনে ১.২২ লাখ লিটাৰ ক্ষমতাসম্পন্ন দূৰৱৰ্তী স্থানত স্থাপন কৰা কেন্দ্ৰত শীতলীকৰণ কৰা হয়, আৰু তাৰ পিছত গাখীৰৰ টেংকাৰেৰে গুৱাহাটীৰ পূৰবী ডেইৰীৰ দুগ্ধ প্ৰক্ৰিয়াকৰণ প্লাণ্টলৈ লৈ যোৱা হয়।অনুষ্ঠানত ভাষণৰ সময়ত ৰাজ্য চৰকাৰৰ কৃষি আৰু এ এইচ ভি ডি মন্ত্ৰী শ্ৰী অতুল বৰাই অসম চৰকাৰৰ দুগ্ধ উৎপাদন বৃদ্ধি আৰু ৰাজ্যৰ দুগ্ধ পালকসকলক সহায় কৰাৰ ক্ষেত্ৰত এন ডি ডি বিক প্ৰয়োজনীয় সৰ্বোতপ্ৰকাৰৰ সমৰ্থন আগবঢ়োৱাৰ প্ৰতিশ্ৰুতিৰ ওপৰত আলোকপাত কৰে। তেওঁ কয়, ‘আজি অসমে ১ লাখ লিটাৰ গাখীৰ উৎপাদনৰ সীমা অতিক্ৰম কৰি এক মাইলৰ খুঁটি অৰ্জন কৰাৰ লগতে ৰাজ্যৰ দুগ্ধ খণ্ডৰ বাবে এক ইতিবাচক বিকাশৰ সূচনা কৰিছে। আমাৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই অভিলাষী পৰিকল্পনাৰ নেতৃত্ব প্ৰদান কৰি অসমৰ দুগ্ধ খণ্ডক উচ্চতাৰ শিখৰলৈ লৈ যোৱাৰ পথ প্ৰশস্ত কৰিছে। আজিৰ এই উন্মোচনী অনুষ্ঠানে আত্মনিৰ্ভৰ অসমৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে চিহ্নিত হৈছে। আনুমানিক ৪৯ কোটি টকা ব্যয়েৰে স্থাপন কৰা এই নতুন উদ্যোগটোৱে দুগ্ধ খণ্ডক আৰু অধিক শক্তিশালী কৰিব।”পূৰবী ডেইৰীৰ দুগ্ধ প্ৰক্ৰিয়াকৰণ উদ্যোগটো সতেজ পেক কৰা গাখীৰ আৰু বিভিন্ন সামগ্ৰী যেনে পনীৰ, দৈ, সোৱাদযুক্ত গাখীৰ, ক্ৰীম, ঘিউ আদি উৎপাদনৰ বাবে অতি গুৰুত্বপূৰ্ণ। বজাৰত প্ৰতিদিনে প্ৰায় ১.০৫ লাখ লিটাৰ গাখীৰ আৰু দুগ্ধজাত সামগ্ৰী বিক্ৰী কৰে পূৰবী ডেইৰীয়ে। এই প্ৰক্ৰিয়াকৰণ উদ্যোগটোৱে ২০২৩ চনৰ মাৰ্চ মাহত সমাপ্ত হোৱা বিত্তীয় বৰ্ষত ৱামুলক ২০০ কোটি টকাতকৈ অধিক ব্যৱসায়িক লাভ অৰ্জন কৰাত সহায় কৰিছে, যিটো ৱামুলৰ বাবে এতিয়ালৈকে সৰ্বাধিক। প্ৰক্ৰিয়াকৰণ উদ্যোগটোৱে ৱামুলক দৈনিক এক লাখ লিটাৰতকৈ অধিক গাখীৰ আৰু দুগ্ধজাত সামগ্ৰী বিক্ৰী কৰা দুগ্ধ প্ৰতিষ্ঠানসমূহৰ ভিতৰত অন্যতম কৰি তুলিছে।ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন ব’ৰ্ড আৰু ৱামুলৰ অধ্যক্ষ ড০ মীনেশ শ্বাহে কয় যে এই নতুন উদ্যোগটোৱে দৈনিক ১.৫ লাখ লিটাৰ দুগ্ধ প্ৰক্ৰিয়াকৰণ সম্ভৱ কৰি তুলিব। তেওঁ কয়, ''পূৰ্বে আমি প্ৰতিদিনে ৬০ হাজাৰ লিটাৰ গাখীৰ প্ৰক্ৰিয়াকৰণ কৰিছিলো। কিন্তু নতুন উদ্যোগটোত প্ৰতিদিনে ১০ মেট্ৰিক দৈ, প্ৰতিদিনে ১০ হাজাৰ লিটাৰ লাচ্চী, আৰু প্ৰতিদিনে ২ টন পনীৰ আমি উৎপাদন কৰিবলৈ সক্ষম হ’ম। এই নতুন উদ্যোগটোৰ জৰিয়তে আমি অতিৰিক্ত চাহিদা পূৰণ কৰিব পাৰিম। আমি এই নতুন প্ৰক্ৰিয়াকৰণ উদ্যোগত এটা আইচক্ৰীম উদ্যোগো স্থাপন কৰিছোঁ, য’ত বিভিন্ন সোৱাদৰ ২০০০ লিটাৰ আইচক্ৰীমো উৎপাদন কৰিব পৰা যাব।’’উল্লেখ্য যে, পূৰবী ডেইৰীৰ বিক্ৰীৰ টাৰ্ণঅভাৰ পূৰ্বে মূল্য সংযোজিত দুগ্ধজাত সামগ্ৰীৰ ৯-১২ শতাংশৰ পৰা আহিছিল যদিও এতিয়া এই পৰিমাণ ২০-২৫ শতাংশলৈ বৃদ্ধি পোৱাৰ আশা কৰা হৈছে। ইয়াৰ ফলত “পূৰবী” ব্ৰেণ্ডৰ সৈতে জড়িত দুগ্ধ পালকসকলৰ আয় বহু পৰিমাণে বৃদ্ধি পাব।ড০ শ্বাহে আৰু কয় যে সম্প্ৰসাৰিত প্ৰক্ৰিয়াকৰণ উদ্যোগৰ নিৰ্মাণত ১০ লাখ কিলোকেলৰি শক্তি ব্যৱহাৰ কৰিবলৈ কনচেণ্ট্ৰেটেড ছ’লাৰ থাৰ্মেল চিষ্টেম স্থাপন কৰা হৈছে। সহজ ভাষাত ক’বলৈ গ’লে এই শক্তিয়ে ইন্ধনৰ খৰচত প্ৰতিমাহে ৪.০ লাখ টকা পৰ্যন্ত প্ৰত্যক্ষ সঞ্চয়লৈ পৰিণত হ’ব। বিশ্ব বেংকৰ সাহায্যপ্ৰাপ্ত অসম কৃষি ব্যৱসায় আৰু গ্ৰাম্য ৰূপান্তৰ প্ৰকল্প (এপাৰ্ট)ৰ অধীনত এন ডি ডি বিৰ নেতৃত্বত গঠিত এই প্ৰকল্পটো প্ৰায় ৪৯ কোটি টকা ব্যয় সাপেক্ষে সম্পূৰ্ণ কৰি পূৰবী ডেইৰীৰ বাবে এক বহনক্ষম আৰু কাৰ্যক্ষম দুগ্ধ উৎপাদন প্ৰক্ৰিয়া নিশ্চিত কৰা হৈছে।সমবায় সমিতিৰ জৰিয়তে অসম চৰকাৰ আৰু এন ডি ডি বিয়ে অসমত দুগ্ধ উন্নয়নৰ কাম হাতত লৈছে। তেওঁলোকে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ পুঁজিৰে বিভিন্ন আঁচনিৰ অধীনত বহু দুগ্ধ উন্নয়ন হস্তক্ষেপৰ বাবে বিত্তীয় সাহায্য আগবঢ়াইছে। ইয়াৰে অন্যতম উল্লেখযোগ্য আঁচনি হৈছে বিশ্ব বেংকৰ সহযোগত আৰু অসম চৰকাৰৰ পুঁজিৰে অসম কৃষি ব্যৱসায় আৰু গ্ৰাম্য ৰূপান্তৰ প্ৰকল্প (এপাৰ্ট)। ইয়াৰ লক্ষ্য হৈছে "পূৰবী ডেইৰী" আৰ্হিৰ জৰিয়তে অসমৰ আনুষ্ঠানিক দুগ্ধ খণ্ডক শক্তিশালী কৰা।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here