শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সাংস্কৃতিক মঞ্চ অসমৰ "লোক নৃত্য কৰ্মশালা ২০২৪" আৰম্ভ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 23 March 2024

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সাংস্কৃতিক মঞ্চ অসমৰ "লোক নৃত্য কৰ্মশালা ২০২৪" আৰম্ভ

 


 W7s News

গুৱাহাটী: ৰাজ্যিক পৰ্য্যায়ৰ পৰামৰ্শদাতা সমিতি ছাত্ৰ আৰু যুৱ কল্যাণ,অসম চৰকাৰ আৰু  অসমৰ আগশাৰীৰ সামাজিক তথা সাংস্কৃতিক সংগঠন "সাংস্কৃতিক মঞ্চ অসম" ৰ যুটীয়া উদ্যোগত গৌৰৱোজ্জল ৰূপালী জয়ন্তী বৰ্ষ সমাৰোহৰ লগত সংগতি ৰাখি পঞ্চদশ বৰ্ষৰ বাবে শুকুৰবাৰৰ পৰা ৩১ মার্চলৈ শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত "লোক নৃত্য কৰ্মশালা ২০২৪" ৰ আয়োজন কৰিছে। কৰ্মশালাখনিত বিহু নাচ আৰু বিহু ঢোল বাদন, বিহু নাম আৰু লহৰি নাচৰ  প্ৰশিক্ষণ দিয়া হব। জ্যেষ্ঠ বিহুৱা দীপ জ্যোতি হাজৰিকাৰ পৰিচালনাত অনুষ্ঠিত হোৱা লগীয়া কৰ্মশালাখনিত বিশেষ আমন্ত্ৰিত প্ৰশিক্ষক ৰূপে ৰূপে থাকিব ড°অনিল শইকীয়া, আৰু মূখ্য প্ৰশিক্ষক প্ৰশিক্ষিকা ৰূপে উপস্থিত থাকিব ক্ৰমে- প্ৰণৱ দিহিঙ্গীয়া, গায়ত্ৰী কোঁৱৰ,পম্পী হাজৰিকা,প্ৰতীক্ষা ৰাণী বৰগোহাঁই,সীমান্ত তামুলী,নুৰ আলি।প্ৰশিক্ষক/প্ৰশিক্ষিকা ৰূপে থাকিব -হিতেশ বিকাশ খনিকৰ,জিতুমণি দাস,চয়নিকা কাশ্যপ,কৰবী দাস,অনামিকা স্বৰ্গীয়াৰী,মনোৰঞ্জন দাস,ৰিকু কোঁৱৰ,নৱ জ্যোতি গগৈ আৰু 
সহঃপ্ৰশিক্ষক/প্ৰশিক্ষিকা ৰূপে থাকিব -চন্দামিতা বৰ্মন,অনুৰাগ ডি কাশ্যপ,মনোৰঞ্জন ৰয়,জিচেং বৰ্মন,সাবেৰী বৰুৱা । অতিথি প্ৰশিক্ষক ৰূপে অংশগ্ৰহণ কৰিছে ক্ৰমে - জয়ন্ত সোণোৱাল,গীতুমনি দাস,পূৰবী গগৈ দাস,  ,কৰবী গগৈ চেতিয়া,জোনটি গগৈ,দিপীকা বড়ো ,পাহাৰী বৰুৱা ,দেৱাঙ্গনা চুতীয়া,মৃদুস্মিতা ডেকাই। কৰ্মশালাখনিৰ পৰাই এইবছৰৰ শ্ৰেষ্ঠ ছাত্ৰ-ছাত্ৰী আৰু শ্ৰেষ্ঠ প্ৰশিক্ষকৰ নিৰ্বাচন কৰি বঁটা প্ৰদান কৰা হ'ব। শুকুৰবাৰে বিয়লি ৪.০০ বজাত কৰ্মশালাখনি উদ্বোধন কৰে বিশিষ্ট লেখক, সাংস্কৃতিক সংগঠক গোপাল জালান দেৱে। বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে বিহু ৰত্ন বঁটা বিজয়ী জ্যেষ্ঠ বিশিষ্টা অভিনেত্ৰী - পৰিচালক পূৰ্ণিমা পাঠক শইকীয়া, বিশিষ্ট অভিনেতা তথা সাংস্কৃতিক মঞ্চ অসমৰ সভাপতি। প্ৰাঞ্জল শইকীয়া, প্ৰাণজিত শইকীয়া,মানি কাঞ্চন বৰগোহাঁই,সঞ্জয় সোণোৱাল,বিশিষ্টা অভিনেত্ৰী প্ৰাঞ্জনা,শিল্পী পলি কোঁচ আৰু বহুতো।সাংস্কৃতিক মঞ্চ অসমৰ ২০১২ চনৰ পৰাই প্ৰদান কৰি অহা "বৰ্হমথুৰি শিল্পী বঁটা" ২০২৪ বৰ্ষৰ বাবে অহা ৩১-০৩-২৪ তাৰিখে কৰ্মশালাৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰদান কৰিব বিহু সাধক তথা বিহু গুৰু নীলকণ্ঠ দত্তক।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here