কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ষষ্ঠ দীক্ষান্ত সমাৰোহ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 5 March 2024

কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ষষ্ঠ দীক্ষান্ত সমাৰোহ


 

W7s news,,,গুৱাহাটী ৫ মার্চ: কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ খানাপাৰস্থিত নগৰ কাৰ্যালয় চৌহদত থকা নবনির্মিত প্রেক্ষাগৃহত মঙলবাৰে বিশ্ববিদ্যালয়ে ইয়াৰ ষষ্ঠ দীক্ষান্ত সমাৰোহ অনুষ্ঠিত কৰে। দিনৰ ১১ বজাৰ পৰা আৰম্ভ হোৱা এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত উপস্থিত থাকি বিশ্ববিদ্যালয়ৰ আচাৰ্য আৰু অসমৰ ৰাজ্যপাল  গুলাব চান্দ কাটাৰিয়াই বিভিন্ন পাঠ্যক্রমত উত্তীর্ণ হোবা শিক্ষার্থীসকলক ডিগ্রী প্রদান কৰে। হাৰিয়ানা চেন্ট্রেল ইউনিভাৰ্চিটিৰ 'প্রো-ভাইচ চেন্সেলএ' অধ্যাপক সুষমা যাদৱ এই সমাৰোহত মুখ্য অতিথিৰূপে উপস্থিত থাকে। সমাৰোহত মুঠ ১০,৮৮০ গৰাকী শিক্ষার্থীক বিভিন্ন পাঠ্যক্রমৰ বাবে ডিগ্রী, ডিপ্লমা আৰু চার্টিফিকেট প্রদান কৰা হয়। ইয়াৰে ১৩ গৰাকীয়ে পি.এইছ.ডি., ১৩ গৰাকীয়ে এম.ফিল., ৫৪৬৪ গৰাকীয়ে স্নাতক, ৫৩২২ গৰাকীয়ে স্নাতকোত্তৰ ডিগ্রী আৰু ৬৮ গৰাকীয়ে স্নাতকোত্তৰ ডিপ্ল'মা লাভ কৰে। উল্লেখযোগ্য যে মুঠ ডিগ্রীপ্রাপকসকলৰ ভিতৰত ৪৯ শতাংশই হ'ল মহিলা শিক্ষার্থী।এই দীক্ষান্ত সমাৰোহত বিভিন্ন পাঠ্যক্রমত শীর্ষস্থান লাভ কৰা মুঠ ২৮ গৰাকী শিক্ষার্থীক স্বর্ণপদক প্রদান কৰা হয়। উল্লেখ্য যে ডিগ্রী লাভ কৰা শিক্ষাৰ্থীসকলৰ মাজত কেইবাগৰাকী বয়োজ্যেষ্ঠ নাগৰিকো আছে। তেওঁলোকৰ মাজবে ৭৫ বছৰীয়া চন্দ্রপ্রভা মহন্তই স্নাতক আৰু ৭২ বছৰীয়া মহেন্দ্র ভূঞাই স্নাতকোত্তৰ ডিগ্রী লাভ কৰিছে। ইয়াৰ উপৰি আজিৰ দীক্ষান্ত সমাৰোহত অসমৰ বিভিন্ন কাৰাগাৰত থকা সাত গৰাকী কাৰাবন্দী শিক্ষার্থীকো ডিগ্রী প্রদান কৰা হয়।সমাৰোহ মুকলি কৰি দিয়া আদৰণি ভাষণত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক ৰাজেন্দ্র প্রসাদ দাসে কয় যে সমতা, ন্যায় আৰু উচ্চ শিক্ষাৰ গণতান্ত্রিকীকৰণৰ বাবে বিশ্ববিদ্যালয়ে অহৰহ কাম কৰি আহিছে। সমাজৰ বঞ্চিত আৰু প্রান্ত সম্প্রদায়বোৰৰ মাজত শিক্ষা প্ৰসাৰৰ বাবে বিশ্ববিদ্যালয়ে সদায় কাম কৰি যাব। উপাচার্যগৰাকীয়ে নিজৰ ভাষণত এয়াও কয় যে এখন জ্ঞানৰ সমাজ গঢ়িবলৈ বিশ্ববিদ্যালয়ে জীবনজোৰা শিকন তথা জ্ঞান সৃজনৰ পৰিৱেশ এটা নির্মাণ কৰিবলৈ কঠোৰ শ্ৰম কৰি আহিছে। উপাচার্য অধ্যাপক দাসে ডিগ্রী লাভ কৰা শিক্ষার্থীসকলক আত্মবিশ্বাসেবে সুযোগ আৰু প্রত্যাহ্বানবোৰৰ সন্মুখীন হ'বলৈ আহ্বান জনায়।দীক্ষান্ত সমাৰোহৰ মুখ্য অতিথি অধ্যাপক সুষমা যাদবে নিজৰ ভাষণত ২০২৩ চনৰ জুলাই মাহৰ পৰা আৰম্ভ হোৱা শিক্ষাবৰ্ষৰ পৰাই কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে ৰাষ্ট্রীয় শিক্ষানীতি, ২০২০ কার্যৰূপায়িত কৰিবলৈ চলোৱা প্রয়াসব প্রশংসা কৰে। তেওঁ বিশ্ববিদ্যালয়ৰ পাঠ্যক্রম সংবচনাটোত ভাৰতীয় জ্ঞান ব্যবস্থাৰ সংযোজন ঘটোৱাৰ পোষকতা কৰে। বৰ্তমান সময়ৰ পটভূমিত মুক্ত আৰু দূৰ শিক্ষাৰ গুৰুত্ব ব্যাখ্যা কৰি অধ্যাপক যাদবে কয় যে এই শিক্ষা ব্যৱস্থাই সমল, অবস্থান আৰু ব্যয় আদিৰ দৰে দিশত থকা বিভিন্ন অন্তৰায় আঁতৰাবলৈ সক্ষম হৈছে।

বিশ্ববিদ্যালয়ৰ আচার্য  গুলাব চান্দ কাটাৰিয়াই ৰাজ্যৰ উচ্চ শিক্ষাৰ জগতখনৰ দিগন্ত সম্প্ৰসাৰিত কৰাত কৃষ্ণকান্ত সন্দিকৈ বাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে আগবঢ়োৱা অৱদানৰ প্রশংসা কৰে। বিশ্ববিদ্যালয়খনে অসমৰ উচ্চ শিক্ষাৰ শ্রেণীসমূহত হোৱা সৰ্বমুঠ নামভৰ্তিৰ ১১ শতাংশ কৃতিত্ব দাবী কৰে বুলি আচার্যই নিজৰ ভাষণত সন্তুষ্টি ব্যক্ত কৰে। 'বাধাৰ প্ৰচীৰ নেওচি শিক্ষা'ব মূলমন্ত্র সাৰোগত কৰি আগবাঢ়ি যোৱা কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে অসমৰ বৃহৎ সংখ্যক মহিলা শিক্ষার্থীক শিক্ষালাভৰ সুযোগ দিয়াৰ বাবেও আচার্য  কাটাবিয়াই বিশ্ববিদ্যালয়খনৰ শলাগ লয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here