W7s news,,,,গুৱাহাটী ৬ ফেব্ৰুৱাৰী : আগশাৰীৰ স্মাৰ্টফোন নিৰ্মাতা অপ্পোৱে গ্ৰাহকৰ বাবে মুকলি কৰিছে নতুন এফ২৫প্ৰ অ'প্পো চিৰিজৰ মোবাইল। বিশেষ অতিথি হিচাপে উপস্থিত থকা জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা বৈশ্যই আজি চিটি চেণ্টাৰৰ তৃতীয় মহলাত থকা "অপ্পো এক্সক্লুছিভ শ্ব'ৰূমত ৫চিৰিজৰ মোবাইল অনুষ্ঠানিক ভাবে মুকলি কৰে। আজিৰ অনুষ্ঠানত জোনেল চেলছ মেনেজাৰ অনিশুজ জামান, শ্ব'ৰূম আৰু এলএফ আৰ হেড সন্দীপ চৌধুৰীৰ লগতে অ'প্পো শ্ব'ৰুম দলটো উপস্থিত থাকে।মুকলি অনুষ্ঠানত বক্তব্য ৰাখি অভিনেত্ৰী প্ৰিয়ংকা বৈশ্যই কয় যে অ'প্পো সদায়ে স্মাৰ্ট ফোন আৰু আইঅ'টি সামগ্ৰীৰ আটাইতকৈ প্ৰিয়, অভিনৱ আৰু ষ্টাইলিছ ব্ৰেণ্ড।
অ'প্পো এফ২৫প্ৰ ৫ জি শৃংখলা দুটা ভিভিয়েণ্টত আহিছে এটা এফ ২৫ প্ৰ' ৮/১২৮জি বি আৰু এটা এফ ২৫ প্ৰ ৮/২৫৬জি বি ছিৰিজৰ।এই মোবাইলত উৎকৃষ্ট সুবিধা উপলদ্ধ কৰা হৈছে বিশেষকৈ ফ্ৰণ্ট এণ্ড বেকত অলট্ৰা ক্লিয়াৰ ভিডিও, লাভা ৰেড ক্লাৰ,১২০এইডছ জেদ এমলেদ বৰ্ডাৰলেছ দিছপ্লে,৬৭ চুপাৰ ভোকৰ লগতে ৫০০০ এম এ এইডছ বেটাৰী।পোট্ৰেইটত ফটোগ্ৰাফী ভাল পোৱা যুৱক যুৱতী সকলৰ বাবে এইটো এটা নিখুঁত সংমিশ্ৰণ। মই আশা কৰোঁ অসম আৰু উত্তৰ-পূবৰ লোকসকলে এই ফোনটো আকোৱালি লব।অনুষ্ঠানটোত বক্তব্য ৰাখি জোনেল চেলছ মেনেজাৰ আনিশুজ জামানে কয় যে এফ ২৫ প্ৰ ৫ জি চিৰিজে প্ৰতিশ্ৰুতি দিয়া সকলো মূল্য আৰু অ'প্পোৱে উন্নত ডিজাইন আৰু প্ৰযুক্তিৰ সৈতে আপোনাক অধিক মূল্য দিবলৈ সক্ষম। কেৱল ৰিটেইল ষ্ট'ৰ আৰু এক্সক্লুছিভ শ্ব'ৰুমত ২৩,৯৯৯ টকাত উপলব্ধ হব এই মোবাইল।শ্ব'ৰূম আৰু এলএফআৰ মুৰব্বী সন্দ্বীপ চৌধুৰীয়ে লগতে কয় যে এফ২৫প্ৰ অ'প্পো চিৰিজৰ মোবাইল ক্ৰয় কৰাৰ পিছত গ্ৰাহকে বিশেষ পুৰস্কাৰ লাভ কৰিব। লগতে ৯ মাহলৈকে নো কষ্ট ইএমআই। প্ৰাৰম্ভিক গ্ৰাহকসকলৰ বাবে অন্যান্য আকৰ্ষণীয় উপহাৰো আছে। অফাৰবোৰ সীমিত সময়ৰ বাবে।
No comments:
Post a Comment