সমগ্ৰ দেশৰ ছোৱালীসকলৰ বাবে মোডী বিশ্ববিদ্যালয়ৰ বিশেষ বৃত্তি ঘোষণা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 16 March 2024

সমগ্ৰ দেশৰ ছোৱালীসকলৰ বাবে মোডী বিশ্ববিদ্যালয়ৰ বিশেষ বৃত্তি ঘোষণা





W7s news,,,গুৱাহাটী, ১৬ মাৰ্চ: ৰাজস্থানত অৱস্থিত সন্মানীয় শিক্ষানুষ্ঠান মোডী বিশ্ববিদ্যালয়ে গুৱাহাটীত এখন সংবাদমেলৰ জৰিয়তে সমগ্ৰ দেশৰ ছাত্ৰীসকলৰ বাবে বৃত্তি ঘোষণা কৰে।শিক্ষাৰ জৰিয়তে মহিলা সৱলীকৰণৰ এক আগশাৰীৰ কেন্দ্ৰ হিচাপে বিশ্ববিদ্যালয়খনে আত্মপ্ৰকাশ কৰিছে। শৈক্ষিক উৎকৰ্ষতা, সামগ্ৰিক বিকাশৰ লগতে এক সামগ্ৰিক পৰিৱেশ গঢ়ি তোলাৰ প্ৰতিশ্ৰুতিৰ মোডী বিশ্ববিদ্যালয় উচ্চ শিক্ষাৰ ক্ষেত্ৰত এক অগ্ৰণী প্ৰতিষ্ঠান হৈ পৰিছে।বিশ্ববিদ্যালয়খনৰ জনসম্পৰ্কৰক্ষী বিষয়া ৰাজীৱ সিং আৰু ড০ অশোক ৰাৱে কয় যে এই আঁচনিৰ অধীনত বিশ্ববিদ্যালয়ত উপলব্ধ যিকোনো পাঠ্যক্ৰমৰ বাবে ছাত্ৰীসকলে টিউচন মাচুল হিচাপে ৮০ হাজাৰ টকা আৰু নামভৰ্তি মাচুল হিচাপে ২০ হাজাৰ টকা পৰিশোধ কৰিব লাগিব। এই মাচুল প্ৰত্যেক বৰ্ষৰ বাবে সমানে প্ৰযোজ্য হ’ব। শিক্ষাৰ পথত যাতে বিত্তীয় অৱস্থাই হেঙাৰ হৈ উঠিব নোৱাৰে তাৰ বাবে বিশ্ববিদ্যালয়খনে এই আঁচনিৰ অধীনত ছাত্ৰীসকলৰ বাবে বাৰ্ষিক ১ লাখ টকা মাচুলসাপেক্ষে এটা বিশেষ হোষ্টেলৰো ব্যৱস্থা কৰিছে।বিশ্ববিদ্যালয়খনে উত্তৰ-পূবৰ সকলো ৰাজ্যৰ বাবে এই বিশেষ বৃত্তিটো সমানে মুকলি কৰিছে।উল্লেখযোগ্য যে, মোডী বিশ্ববিদ্যালয়ৰ বিশেষ বৃত্তি আঁচনিৰ অধীনত আৰক্ষী, সেনা আৰু অৰ্ধসামৰিক বাহিনীত সেৱা আগবঢ়োৱা বা অৱসৰপ্ৰাপ্ত সৈনিকসকলৰ সন্তানক টিউচন মাচুলৰ ক্ষেত্ৰত ৩৫ শতাংশ বৃত্তি প্ৰদান কৰা হ'ব।চৰকাৰে শিক্ষাৰ্থীসকলৰ বাবে ঘোষণা কৰা বিশেষ ঈশান উদয় বৃত্তিৰ দৰেই বিশ্ববিদ্যালয়খনেও সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰীসকলৰ বাবে ঈশান উদয় আঁচনিসদৃশ এক নিজস্ব বৃত্তি ঘোষণা কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here