জ্যোতিচিত্রবনত আজি কিউ চি এন্টাৰটেইনমেণ্টৰ উদ্যোগত আৰু কোৱানকাই ডান্সিং ষ্টাৰৰ সহযোগত আন্তঃৰাষ্ট্ৰীয় নৃত্য প্রতিযোগিতা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 23 March 2024

জ্যোতিচিত্রবনত আজি কিউ চি এন্টাৰটেইনমেণ্টৰ উদ্যোগত আৰু কোৱানকাই ডান্সিং ষ্টাৰৰ সহযোগত আন্তঃৰাষ্ট্ৰীয় নৃত্য প্রতিযোগিতা

 


W7s news গুৱাহাটী, :-- গুৱাহাটীৰ কিউ চি এন্টাৰটেইনমেণ্টৰ উদ্যোগত আৰু  কোৱানকাই ডান্সিং ষ্টাৰৰ সহযোগত দেওবাৰে এখনি আন্তঃৰাষ্ট্ৰীয় নৃত্য প্রতিযোগিতাৰ আয়োজন কৰা হৈছে । মহানগৰীৰ কাহিলিপাৰাস্থিত জ্যোতিচিত্রবনত অনুষ্ঠিত হ'ব লগীয়া এই প্ৰতিযোগিতা সন্দৰ্ভত আজি গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেল অনুষ্ঠিত কৰে আয়োজক সকলে । সংবাদ মেলত মুম্বাইৰ প্ৰখ্যাত নৃত্য শিল্পী অনুশী সিং , বিষ্ণু প্ৰসাদ পাৱাৰ আৰু কিউ চি এন্টাৰটেইনমেণ্টৰ সহযোগী  ছিভ কুমাৰ উপস্থিত থাকে । উল্লেখ্য যে দুইগৰাকী নৃত্য শিল্পী দেওবাৰে অনুষ্ঠিত হ'বলগীয়া নৃত্য প্ৰতিযোগিতাত বিচাৰকৰ আসন গ্ৰহণ কৰিব । সংবাদ মেলত বিশিষ্ট কৰিওগ্ৰাফাৰ মনোজ দাস আৰু কনিষ্কা প্ৰসাদে কয় যে এই প্ৰতিযোগিতা দুটা শাখাত অনুষ্ঠিত হব । ইয়াৰ ভিতৰত ৫ বছৰৰ পৰা ১৩ বছৰ বয়সৰ প্ৰতিযোগী সকলৰ বাবে "ক" শাখা আৰু ১৩ বছৰ বয়সৰ ওপৰৰ প্ৰতিযোগী সকলৰ বাবে "খ" শাখাত এই প্ৰতিযোগিতা অনুষ্ঠিত হব । বিজয়ী প্ৰতিযোগী সকলৰ বঁটাৰ বাবদ মুঠ ১ লাখ ৪২ হাজাৰ টকা ব্যয় কৰা হব । ইপিনে প্ৰতিযোগী সকলে নগদ ১০০০ টকাৰে নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব । অৱশ্যে দৰিদ্ৰ সীমাৰেখাৰ তলৰ প্ৰতিযোগীৰ বাবে এই মাচুল সম্পূৰ্ণ ৰেহাই দিয়া হব বুলি কয় উদ্যোগতা সকলে । বৰ্তমান এই প্ৰতিযোগিতাত বিভিন্ন অঞ্চলৰ  ৮০ গৰাকী প্ৰতিযোগিয়ে নিজৰ নাম পঞ্জীয়ন কৰিছে । 



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here