এছ'চিয়েচন অব্ ৰ'বটিক এণ্ড ইন'ভেটিভ ছাৰ্জনছ (এৰিছ)ৰ প্রথম বার্ষিক সম্মিলন সম্পন্ন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 5 March 2024

এছ'চিয়েচন অব্ ৰ'বটিক এণ্ড ইন'ভেটিভ ছাৰ্জনছ (এৰিছ)ৰ প্রথম বার্ষিক সম্মিলন সম্পন্ন


 


W7s news,,গুৱাহাটী, ৫ মাৰ্চ : গুৱাহাটীত মুখ্য কার্যালয় থকা এছ'চিয়েচন অব্ ৰ'বটিক এণ্ড ইন'ভেটিভ ছার্জনছ (এৰিছ) নামৰ আন্তঃৰাষ্ট্ৰীয় সংস্থাটোৰ প্রথম বার্ষিক সম্মিলন যোৱা ১ৰপৰা ৩ মাৰ্চলৈ নতুন দিল্লীৰ 'দা ললিত'ত অনুষ্ঠিত হয়। এই অনুষ্ঠানত বিশ্বৰ বিভিন্ন প্রান্তৰ ৫৫০ গৰাকীতকৈও অধিক প্রতিনিধিয়ে অংশগ্রহণ কৰি এই সম্মিলন সাফল্যমণ্ডিত কৰি তোলে। একেখন মঞ্চতে প্রায় সকলো ৰ'বটিক ছার্জিকেল ব্যৱস্থা প্রত্যক্ষ কৰিব পৰাকৈ অনুষ্ঠিত হোৱা এয়া আছিল প্রথমটো এনেধৰণৰ বৃহৎ অনুষ্ঠান। অসমৰ প্রখ্যাত চিকিৎসক তথা প্রতিষ্ঠাপক অধ্যক্ষ ডাঃ সুভাষ খান্নাৰ নেতৃত্বত আৰু এৰিছৰ আয়োজক অধ্যক্ষ ডাঃ বিবেক বিন্দালৰ তত্ত্বাৱধানত এই অনুষ্ঠান সম্পন্ন হয়। এই অনুষ্ঠানত শিক্ষণ, উদ্ভাৱন আৰু ছার্জিকেল কৌশলৰ বিকাশ সন্দৰ্ভতো জ্ঞানৰ আদান-প্রদান কৰা হয়। ক্লিনিকেল ৰ'বটিক ছাৰ্জাৰী এছ'চিয়েচন (ভাৰত)ৰ সহযোগত আয়োজিত এই অনুষ্ঠানত ছ'চাইটি ফৰ ছাৰ্জাৰী অব্ এলিমেন্টৰী ট্রেক্ট (আমেৰিকা)ত তৰফৰ পৰা এক বিশেষ অধিৱেশনৰ আয়োজন কৰা হয়, য'ত অস্ত্রোপচাৰৰ কৌশল, নীতি ইত্যাদিৰ ওপৰত আলোকপাত কৰা হয়। এই অনুষ্ঠানত অংশগ্রহণকাৰীসকলে ৰ'বটিক অস্ত্রোপচাৰৰ শেহতীয়া প্রযুক্তি সন্দর্ভত বুজ লয়। তেওঁলোকে ৰ'বটিক কেডাভাৰ কৰ্মশালাত অংশগ্রহণ কৰাৰ লগতে ইউৰ'লজি, থৰাক্টিক ছাৰ্জাৰী, গাইন'ক'লজি আদি বিষয় সন্দর্ভতো বিভিন্ন দিশৰ বিষয়ে অবগত হয়। এই অনুষ্ঠানতে ত্রয়োদশ সংস্কৰণ সফলতাৰে সম্পন্ন হয় 'হেণ্ডছ-অন কাম কাডাভেৰিক ৰ'বটিক ক'ৰ্ছ কাম ফেল শ্বিপ প্রগ্রেম'ৰ (ফাৰিছ-২০২৪)। অধ্যক্ষ ডাঃ সুভাষ খান্নাই তেওঁৰ বক্তব্যত দ্বিতীয় শ্রেণীৰ চহৰসমূহত স্বাস্থ্যসেৱাৰ সীমিত সা-সুবিধাৰ মাজত ছাৰ্জনসকলক সমর্থন আগবঢ়াই এৰিছে কিদৰে কাম-কাজ কৰি আছে, সেই বিষয়ে আলোকপাত কৰে। এই সংস্থাটোৰ উদ্যোগত শল্য চিকিৎসকসকলৰ বাবে প্রশিক্ষণ কাৰ্যসূচী, কর্মশালা ইত্যাদিৰো আয়োজন কৰি অহা হৈছে। অনুষ্ঠানৰ সফল আয়োজনৰ অন্তৰালত আছিল অধ্যাপক সুভাষ খান্না, ডাঃ বিবেক বিন্দাল, ডাঃ ছেলাভাশ্বেখৰ, ডাঃ সোমাশ্বেখৰ, ডাঃ ৰাজপালানিয়াপ্পান আদিৰ দৰে ব্যক্তিৰ অৱদান। এই অনুষ্ঠানত আমেৰিকা, ইউৰোপ আৰু ব্রিটেইনৰ অধ্যাপকসকলেও অংশগ্রহণ কৰে। ইয়াৰ ভিতৰত উল্লেখযোগ্য আছিল অধ্যাপক ডাঃ মেথিউ বালছ, অধ্যাপক ডাঃ ৰঞ্জন সুডান, ডাঃ ডেনিয়েল গুৱেবন, ডাঃ আধাম ছাড, ডাঃ ইয়ালিনী ভৃংগেশ্বৰন ইত্যাদি। এই অনুষ্ঠানত ৬৪ গৰাকী প্রতিনিধিক 'ফেল'শ্বিপ অব্ এডভান্স ৰ'বটিক এণ্ড ইন'ভেটিভ ছাৰ্জাৰী' সন্মান প্রদান কৰা হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here