- W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 5 March 2024

 


W7s news গুৱাহাটী : আতিথ্য সেৱা আৰু   পৰ্যটন খণ্ডৰ  অগ্ৰণী  চহৰসমূহৰ ভিতৰত অন্যতম গুৱাহাটীৰ গৰিমাত নতুন সংযোজনেৰে  মহানগৰীৰ মাজমজিয়াত  মুকলি হৈছে পঞ্চ তাৰকাযুক্ত সুবিধা থকা বিলাসী হোটেল ‘এৰিষ্টা বাই এম্বিচন’ ।


এই হোটেল খন মুকলি উপলক্ষে আয়োজিত  সংবাদমেলত  উপস্থিত থাকে   অনুপম নিৰ্মাণ প্ৰাইভেট লিমিটেডৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক অনুপম শৰ্মা, অনিন্দ্য শৰ্মা, সঞ্চালক: প্ৰকাশ আগৰৱাল, সঞ্চালক আৰু প্ৰসুন ভট্টাচাৰ্য, মহা প্ৰবন্ধক।


গুৱাহাটীৰ মাজমজিয়াৰ খ্ৰীষ্টিয়ান বস্তিৰ আনন্দ নগৰত অৱস্থিত এই হোটেলখনৰ পৰা  বিমানবন্দৰ আৰু ৰেল ষ্টেচনৰ দূৰত্ব কম। হোটেলখনৰ পৰা কেইকিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰতে পৰ্যটনৰ আকৰ্ষণীয় স্থানসমূহ আছে। 

হোটেলখনৰ ডাইনিং সুবিধা সমূহৰ ভিতৰত আছে ৰেষ্টুৰেণ্ট, বাৰ, কফি শ্বপ, ৰুফ -টপ ৰেষ্টুৰেণ্ট আৰু বেংকুয়েট হল ইত্যাদি। 


'এৰিষ্টা বাই এম্বিচন' হোটেল মুকলি অনুষ্ঠানত অনুপম নিৰ্মান প্ৰাইভেট লিমিটেডৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক শ্ৰী অনুপম শৰ্মাই কয়  "গুৱাহাটীৰ মাজমজিয়াত ৫ তাৰকাযুক্ত সুবিধাৰে আমাৰ প্ৰথমখন বিলাসী হোটেল মুকলি কৰি আমি আনন্দিত অনুভৱ কৰিছোঁ। অসম আমাৰ বাবে এখন গুৰুত্বপূৰ্ণ   বজাৰ আৰু  সমৃদ্ধিশালী অবসৰ বিনোদন আৰু ব্যৱসায়িক স্থানৰ বাবে গুৱাহাটী এক সম্ভাবনাময় গন্তব্যস্থান হিচাপে বিবেচিত হৈছে।  অনুপম নিৰ্মান প্ৰাইভেট লিমিটেড এটা নিৰ্মাণ প্ৰতিষ্ঠান।  এতিয়া আমি এম্বিচন গ্ৰুপৰ অধীনত অঞ্চলটোৰ অন্যতম উন্নত পঞ্চ তাৰকাযুক্ত সুবিধাযুক্ত হোটেল মুকলি কৰি আতিথ্য খণ্ডতো প্ৰৱেশ কৰিছো।

আমি কেৰালাত পঞ্চ তাৰকা যুক্ত আয়ুৰ্বেদ ৱেলনেছ চেণ্টাৰো মুকলি কৰাৰ পৰিকল্পনা কৰিছো, তাৰ পিছত গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী   সোণাপুৰত পঞ্চ তাৰকা যুক্ত ৰিজৰ্টৰ সৈতে প্ৰিমিয়াম বিলাসী বাংলো মুকলিৰো পৰিকল্পনা আছে। আমি নিশ্চিত যে 'এৰিষ্টা বাই এম্বিচনে আতিথ্যৰ ক্ষেত্ৰত চহৰখনত মানদণ্ড নিৰ্ধাৰণ কৰিবলৈ সক্ষম হব।"

 

হোটেলখনত ৱাই-ফাই সংযোগ, ট্ৰেভেল ডেস্ক, ২৪ ঘণ্টীয়া বেল ডেস্ক, ভেলেট পাৰ্কিং, বিজনেছ/ৱৰ্ক ডেস্ক, এছটিডি/আইএছডি কলিং ফেচিলিটি, ইন-ৰুম ছেফ আৰু চাহ/কফি মেকাৰ, ইলেক্ট্ৰনিক কী কাৰ্ড, হেয়াৰ ড্ৰাইয়াৰ, পৰিবেশ অনুকূল টয়লেটৰ   সুবিধা আছে।  হোটেলখনত ধূমপান নিষিদ্ধ কোঠা, এল ই ডি টিভি, বিস্তৃত চেনেল লিষ্ট, ৱেক-আপ কল সুবিধা, বিস্তৃত বেনকুৱেটিং (৩০-১০০০ জন), ২৪ ঘণ্টীয়া ৰুম সেৱা, ২৪ ঘণ্টীয়া কফি শ্বপ, বহু ব্যৱহাৰৰ ইলেক্ট্ৰিক চকেট, আইৰন বৰ্ড   আৰু প্ৰেছ  আদিৰ দৰে সুবিধা ও আছে।


শ্ৰী অনুপম শৰ্মা বেজকুছি, নাথকুছি (টিহু), নলবাৰী, অসম,-৭৮১৩৩৫ ত অৱস্থিত অৰ্ণৱম মেটেল  ইণ্ডাষ্ট্ৰীজ (এ এম আই) ৰ অন্যতম প্ৰতিষ্ঠাপক।  অনুপম শৰ্মাৰ নেতৃত্বত  ২০২৩ চনত আন্তঃগাঁথনি খণ্ড, ৰেলৱে খণ্ড, তীখা উদ্যোগ, বিদ্যুৎ কেন্দ্ৰ, শোধনাগাৰ আৰু গধুৰ অভিযান্ত্ৰিক ইউনিটৰ প্ৰয়োজনীয়তা পূৰণৰ উদ্দেশ্যৰে এই উদ্যোগটোৰ আৰম্ভণি হৈছিল।  এই উদ্যোগত  আধুনিক যন্ত্ৰপাতি আৰু অতি দক্ষ আৰু নিষ্ঠাবান কৰ্মচাৰী আছে ,য'ত ঔদ্যোগিক প্ৰয়োজনীয়তা অনুসৰি বিল্ড আপ গাৰ্ডাৰ, সম্প্ৰসাৰণযোগ্য দলং, ষ্টীল ফ্লাইঅভাৰ ষ্ট্ৰাকচাৰ, পিইবি ষ্ট্ৰাকচাৰৰ দৰে সামগ্ৰী ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় মানদণ্ড আৰু নিৰ্দিষ্টতা অনুসৰি  নিৰ্মাণ কৰা হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here