জিএনআৰচি হাস্পতালত বিশ্ব মগজুৰ আঘাত সংক্রান্তীয় সজাগতা দিৱস পালন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 20 March 2024

জিএনআৰচি হাস্পতালত বিশ্ব মগজুৰ আঘাত সংক্রান্তীয় সজাগতা দিৱস পালন

 

২০১০ চনৰ পৰা এতিয়ালৈকে জিএনআৰচি হাস্পতালৰ তিনিওটা শাখাত ৪৩,০০০ তকৈও অধিক মগজুৰ আঘাতপ্রাপ্ত ৰোগীক চিকিৎসা সেৱা প্ৰদান


W7s news গুৱাহাটী:


  বিশ্ব মগজুৰ আঘাত সংক্রান্তীয় সজাগতা দিৱস উপলক্ষে উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্যে বুধবাৰে জিএনআৰ হাস্পতালৰ দিছপুৰ শাখাত এখন সংবাদমেলৰ আয়োজন কৰা হয়। মূৰত পোৱা আঘাতৰ বাবে হ'ব পৰা জৰুৰীকালীন সমস্যাসমূহৰ বিষয়ে জনসাধাৰণক অৱগত কৰা আৰু ভ্ৰমণ কালত হেলমেট আৰু ছিটবেল্ট পৰিধান কৰি নিজকে সম্ভাব্য দুৰ্ঘটনাৰ পৰা কেনেদৰে সুৰক্ষিত কৰি ৰাখিব পাৰি সেই বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে এই সংবাদ মেলৰ আয়োজন কৰা হয়।

সংবাদমেলখনত জিএনআৰচি হাস্পতালৰ স্নায়ুশল্য বিভাগৰ সঞ্চালক ডাঃ নভনীল বৰুৱাই ভাৰতত সংঘটিত হোৱা দুর্ঘটনাজনিত মগজুৰ আঘাত আৰু লগতে ইয়াৰ পৰা হ'ব পৰা ভয়াৱহতাসমূহৰ বিষয়ে ব্যাখ্যা কৰে। বৰ্তমান সময়ছোৱাত পথ দুৰ্ঘটনাত যুৱক-যুৱতীসকল যথেষ্ট পৰিমাণে আঘাতপ্রাপ্ত হোৱা দেখা গৈছে। বছৰত ১৮ লাখতকৈও অধিক ব্যক্তি দুর্ঘটনাজনিত মগজুৰ আঘাতৰ ফলত চিকিৎসালয়ত ভর্তি হৈ যথেষ্ট মানসিক চাপত ভুগিবলগীয়া হয়। দুর্ঘটনাগ্রস্ত হৈ মূৰৰ আঘাত পোৱাৰ ফলত প্রতিবছৰে প্ৰায় ২,২০,০০০তকৈও অধিক ব্যক্তি মৃত্যুমুখত পৰাৰ Pবিপৰীতে ১০ লাখতকৈও অধিক ব্যক্তি চিকিৎসাধীন হ'ব লগীয়া হয়।

সংবাদমেলখনত জিএনআৰচি দিছপুৰ শাখাৰ স্নায়ুশল্য বিভাগৰ বিশেষজ্ঞ ডাঃ নৱজ্যোতি বৰা আৰু ডাঃ ইনামুল হক উপস্থিত থাকি মূৰত আঘাতপ্রাপ্ত হোৱাৰ বিভিন্ন কাৰণ ব্যাখ্যা কৰে।

জিএনআৰচি হাস্পতালে সমাজখনক আগবঢ়োৱা সেৱা আৰু জৰুৰীকালীন ৰোগীক সময়মতে চিকিৎসা সেৱা আগবঢ়াবলৈ সদায় প্রস্তুত হৈ থকাৰ লগতে বিভিন্ন ধৰণৰ পদক্ষেপসমূহৰ বিষয়ে জানিবলৈ দিয়ে জিএনআৰচি গ্রুপ অৱ হাস্পতালৰ মুখ্য কাৰ্যবাহী বিষয়া ডাঃ আশীষ মালাকাৰে। ২০১৪ চনৰ জুলাই মাহৰ পৰা জিএনআৰচি হাস্পতালত আৰম্ভ হোৱা ২৪ ঘণ্টীয়া জৰুৰীকালীন আৰু আঘাতপ্রাপ্ত ৰোগীৰ বিনামূলীয়া চিকিৎসা সেৱা আঁচনিৰ জৰিয়তে এতিয়ালৈকে ১,৮৩,০০০ বিভিন্ন জৰুৰীকালীন চিকিৎসা সেৱা আগবঢ়োৱা হৈছে।দুৰ্ঘটনাৰ ফলত মগজুৰ আঘাতৰ কাৰণবোৰৰ ওপৰত গুৰুত্বসহকাৰে আলোকপাত কৰাৰ বাবে জিএনআৰচি দিছপুৰৰ মুখ্য সঞ্চালন বিষয়া ডাঃ সুব্রত দেৱ ভাগৱতীয়ে আটাইলৈ কৃতজ্ঞতা জ্ঞাপন কৰে। ডাঃ ভাগৱতীয়ে প্ৰতিৰোধমূলক ব্যৱস্থাৰ বিষয়ে সজাগতা বৃদ্ধি আৰু তৎকালীনভাৱে উপলব্ধ হোৱাটো নিশ্চিত কৰাৰ লক্ষ্যৰে অসংখ্য পদক্ষেপৰ বিষয়ে জানিবলৈ দিয়ে। জিএনআৰচি হাস্পতালৰ 'সকলোৰে বাবে স্বাস্থ্য সকলোৰে মুখত হাঁহি' বিৰিঙোৱাৰ যি লক্ষ্য তাক সাফল্যমণ্ডিত কৰিবলৈ এনেধৰণৰ পদক্ষেপসমূহে জনসাধাৰণক যথেষ্ট পৰিমাণে লাভান্বিত কৰিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here