'W7s news গুৱাহাটী: গুৱাহাটীৰ আমবাৰীস্থিত ১৯৯৩ চনত স্থাপিত ম'ম' ঘৰৰ ৩১ সংখ্যক প্ৰতিষ্ঠা দিৱস দেওবাৰে পালন কৰা হয়। এই উপলক্ষে
ম'ম' দে পালন কৰা হয় আৰু এক মিনিটত ম'ম' খোৱা প্ৰতিযোগিতা অনুষ্ঠিত হয়।
ম'ম' ঘৰৰ স্বত্বাধিকাৰী তপন কুমাৰ বৰুৱা, পৰিয়ালৰ লোক তথা উপস্থিত বিশিষ্ট ব্যক্তিসকলে কেক কাটে আৰু ম'ম' ঘৰে এনেদৰে এদিন শতবৰ্ষত খোজ দিব বুলি আশা প্ৰকাশ কৰে।এই সম্পৰ্কে ম'ম' ঘৰৰ তপন কুমাৰ বৰুৱাই কয়- ১৯৯৩ চনত স্থাপিত ম'ম' ঘৰৰ ২০ বছৰ হোৱাৰ পৰা আমি প্রতি বছৰে ৩১ মার্চত প্ৰতিষ্ঠা দিৱসৰ দিনা ম'ম' দে পালন কৰি আহিছো। অনাগত সময়তো আমি ৰাইজৰ আশীৰ্বাদ পাম বুলি আশা কৰিলোঁ।'
No comments:
Post a Comment