পূব-গুৱাহাটী বিহু সন্মিলনৰ লাইখুঁটা স্থাপন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 31 March 2024

পূব-গুৱাহাটী বিহু সন্মিলনৰ লাইখুঁটা স্থাপন






'W7s news গুৱাহাটী: গুৱাহাটীৰ চানমাৰিৰ পূব-গুৱাহাটী বিহু সন্মিলনৰ ৬৩ সংখ্যক সমাৰোহৰ লাইখুঁটা দেওবাৰে গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্রিক প্রতিষ্ঠানৰ খেলপথাৰত স্থাপন কৰা হয়। পূব-গুৱাহাটী বিহু সন্মিলনৰ উপদেষ্টা তথা আজীবন সদস্য প্রবীণ চৌধুৰীয়ে লাইখুঁটা স্থাপন কৰি ৬৩ সংখ্যক সমাৰোহখনৰ শুভাৰম্ভ কৰাৰ লগতে বিহুৰ সফলতা কামনা কৰে। তেওঁক উদ্যোক্তাসকলে বিশেষভাৱে সম্বৰ্ধনা জনায়।৬৩ সংখ্যক সমাৰোহৰ সভাপতি  বিপুল তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত সন্মিলনৰ
 সাধাৰণ সম্পাদক  সীমান্ত ঠাকুৰীয়াই  আদৰণি ভাষণ দিয়ে। তেওঁ ১৩ এপ্ৰিলৰ পৰা
১৬ এপ্ৰিললৈ বাৰেৰহৃণীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া ৬৩ সংখ্যক বিহু সন্মিলনখন সফল কৰি তুলিবলৈ ৰাইজৰ সহায় সহযোগিতা কামনা কৰে। এই অনুষ্ঠানত

পূব-গুৱাহাটী বিহু সম্মিলনৰ
প্ৰধান উপদেষ্টা সঞ্জীৱ কুমাৰ লহকৰ, ৰঞ্জন বৰা, উপদেষ্টা মৰমী গোস্বামী, পৃষ্ঠপোষকমণ্ডলী, প্রধান উপদেষ্টামণ্ডলী তথা উপদেষ্টামণ্ডলী, বিষয়ববীয়া, কার্যনির্বাহক সদস্য, আজীৱন তথা সাধাৰণ সদস্যৰ লগতে সমূহ শুভাকাংক্ষী ৰাইজক উপস্থিত থাকে। এই উপলক্ষে গামোচা বিহু হুঁচৰিদলে বিহু নৃত্য পৰিবেশন কৰে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here