কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত হিন্দুস্তানী শাস্ত্রীয় সংগীতৰ বিশেষ অনুষ্ঠান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 14 March 2024

কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত হিন্দুস্তানী শাস্ত্রীয় সংগীতৰ বিশেষ অনুষ্ঠান


 

W7s news,,,,,কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে খানাপাৰাস্থিত নগৰ কার্যালয় চৌহদত থকা নিজা প্রেক্ষাগৃহত বৃহস্পতিবাৰে বিয়লি ৩.৩০ বজাৰ পৰা হিন্দুস্তানী শাস্ত্রীয় সংগীতৰ এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰে। ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্রালয়, শিক্ষা মন্ত্রালয়, যুৱা পৰিক্ৰমা মন্ত্রালয় আৰু এছ.আৰ.এফ. ফাউণ্ডেশ্যনৰ সম্মিলিত সহযোগত 'দ্য চোছাইটি ফ'ৰ দ্য প্রমোশ্যন অব্ ইণ্ডিয়ান ক্লাছিকেল মিউজিক এণ্ড কালছাৰ এমংষ্ট যুথ' (SPIC MACAY)-এ এই অনুষ্ঠানটোৰ পৃষ্ঠপোষকতা কবে। উল্লেখযোগ্য যে 'স্পিক মেকেই' হ'ল এটা সৰ্বভাৰতীয় পৰ্যায়ৰ অৰাজনৈতিক স্বৈচ্ছিক আন্দোলন। ভাৰতীয় ঐতিহ্য- পৰম্পৰাৰ বিভিন্ন দিশত সজাগতা বৃদ্ধি কৰি শিক্ষাৰ মান উন্নত তথ্য সমৃদ্ধ কৰাৰ লগতে নৱপ্ৰজন্মক ইয়াত নিহীত প্রমূল্যসমূহ গ্রহণৰ বাবে উদ্বুদ্ধ কৰি তুলিবলৈ আন্দোলনটোৱে অহৰহ কাম কৰি আহিছে। হিন্দুস্তানী শাস্ত্রীয় সংগীতৰ সাম্প্রতিক প্রজন্মৰ এগৰাকী অগ্রণী শিল্পী ওমকাৰ ডাডাৰকাৰে অনুষ্ঠানটোত সংগীত পৰিৱেশন কৰে।শিল্পী ওমকাৰ ডাডাৰকাৰ ডাঙৰীয়াক তবলাত সহায় কৰে ক্ৰমে সুপ্রভাত ভট্টাচার্য্য আৰু হামনিয়ামত সহায় কৰে সুশান্ত চৌধুৰীয়ে। বিশ্ববিদ্যালয় ভাবপ্রাপ্ত পঞ্জীয়ক অধ্যাপক প্রাণজিৎ বৰাই হিন্দুস্তানী শাস্ত্রীয় সংগীতৰ দবে অনুষ্ঠানে শৈক্ষিক পৰিবেশতো গুৰুত্ব আৰোপ কৰাৰ কথা তেওঁ ভাষণত উল্লেখ কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here