বিশ্বৰ সৰ্ববৃহৎ মটৰ চাইকেল নিৰ্মাতা হিৰো মট’কৰ্পৰ গুৱাহাটীত মুকলি দুখন নতুন প্ৰিমিয়াম মটৰ চাইকেল - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 14 March 2024

বিশ্বৰ সৰ্ববৃহৎ মটৰ চাইকেল নিৰ্মাতা হিৰো মট’কৰ্পৰ গুৱাহাটীত মুকলি দুখন নতুন প্ৰিমিয়াম মটৰ চাইকেল

 


• আধুনিক মটৰ চাইকেলৰ নান্দনিকতা আৰু শক্তিশালী ষ্টাইলিঙৰ সৈতে মাভেৰিক ৪৪০

• ব্যতিক্ৰমী মাইলেজৰ লগতে প্ৰিমিয়াম আৰু ষ্টাইলিছ ডিজাইনৰ সৈতে এক্সট্ৰিম ১২৫আৰ


গুৱাহাটী, ১৪ মাৰ্চ, ২০২৪: মটৰ চাইকেলপ্ৰেমী গ্ৰাহকক অনন্য অভিজ্ঞতা প্ৰদানৰ লক্ষ্যৰে বিশ্বমানৰ সামগ্ৰী উপলব্ধ কৰাৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ বিশ্বৰ সৰ্ববৃহৎ স্কুটাৰ আৰু মটৰ চাইকেল নিৰ্মাতা হিৰো মট’কৰ্পে গুৱাহাটীৰ মটৰ চাইকেলপ্ৰেমীৰ বাবে মুকলি কৰিলে দুখন নতুন ৰোমাঞ্চকৰ প্ৰিমিয়াম মটৰ চাইকেল মাভেৰিক ৪৪০ আৰু এক্সট্ৰিম ১২৫আৰ।


উল্লেখ্য যে, মাভেৰিক ৪৪০ মুকলি কৰি উচ্চ প্ৰিমিয়াম শাখাত প্ৰৱেশৰ ইংগিত প্ৰদান কৰিছে বিশ্বৰ সৰ্ববৃহৎ স্কুটাৰ আৰু মটৰ চাইকেল নিৰ্মাতা কোম্পানীটোৱে। একেদৰে গুৱাহাটীত এক্সট্ৰিম ১২৫আৰ মুকলি কৰি ১২৫ চিচি খণ্ডত নিজৰ স্থান শক্তিশালী কৰে হিৰো মট’কৰ্পে।


কোম্পানীটোৰ প্ৰতিষ্ঠিত ৪০ বছৰীয়া ইতিহাসত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি চিহ্নিত কৰি হিৰো মট’কৰ্পে মাভেৰিক ৪৪০ৰ মুকলিৰ জৰিয়তে মধ্য ওজনৰ শাখাত এক সাহসী পদক্ষেপ গ্ৰহণ কৰিছে। নিৰ্ভৰযোগ্য আৰু কাৰ্যক্ষম দুচকীয়া বাহন নিৰ্মাণৰ যাত্ৰাক আগুৱাই লৈ গৈ হিৰো মট’কৰ্পে ৪০০চিচি শাখাৰ মানদণ্ড পুনৰ সংজ্ঞায়িত কৰাৰ লক্ষ্য লৈছে।


তদুপৰি, এক্সট্ৰিম ১২৫আৰৰ মুকলিয়ে হিৰো মট’কৰ্পৰ জনপ্ৰিয় ১২৫চিচি সৃষ্টিৰাজিক সমৃদ্ধ কৰিছে। এক্সট্ৰিম মডেলৰ ক্ষীপ্ৰতা আৰু বহুমুখী বৈশিষ্ট্যৰ সংমিশ্ৰণেৰে এক্সট্ৰিম ১২৫আৰক ইয়াৰ নিখুঁতভাৱে অংকিত ৰেখা, শক্তিশালীভাৱে ভাস্কৰ্যকৃত পৃষ্ঠ আৰু গতিশীল অনুপাতে এক ক্ৰীড়াশীল, চিত্তাকৰ্ষক আৰু আধিপত্যপূৰ্ণ ৰূপ প্ৰদান কৰিছে।


হিৰো মট’কৰ্পে অনুৰাগীসকলৰ বাবে প্ৰথম ৰাইড অভিজ্ঞতাৰ জৰিয়তে মাভেৰিক ৪৪০ৰ শক্তি, পৰিৱেশন আৰু গতিবেগ অনুভৱ কৰাৰ এক প্ৰত্যক্ষ সুযোগ আগবঢ়াইছে। বাইক প্ৰেমীসকলে চহৰখনৰ অনুমোদিত হিৰো ডিলাৰশ্বিপৰ জৰিয়তে মাভেৰিক ৪৪০ৰ টেষ্ট-ৰাইড ল’ব পাৰিব। ২০২৪ চনৰ এপ্ৰিল মাহৰ পৰা মটৰ চাইকেলখনৰ ডেলিভাৰী আৰম্ভ হ’ব। ইয়াৰ বিপৰীতে এক্সট্ৰিম ১২৫আৰৰ ডেলিভাৰী আজিৰে পৰা আৰম্ভ হৈছে। 


এই বিশেষ অনুষ্ঠানত হিৰো মট’কৰ্পৰ ভাৰতীয় ব্যৱসায়িক গোটৰ মুখ্য ব্যৱসায়িক বিষয়া শ্ৰীযুত ৰঞ্জীৱজিৎ সিঙে তেওঁৰ উৎসাহ ব্যক্ত কৰি কয়, "উদ্ভাৱন আৰু উৎকৰ্ষতাৰ প্ৰতি হিৰো মট’কৰ্পৰ অটল প্ৰতিশ্ৰুতি প্ৰদৰ্শনৰ জৰিয়তে গুৱাহাটীত দুখন বহুপ্ৰত্যাশিত মটৰ চাইকেল মুকলি কৰি আমি আনন্দিত হৈছো। মাভেৰিক ৪৪০য়ে মধ্য-ওজন শ্ৰেণীত আমাৰ সাহসী পদক্ষেপ চিহ্নিত কৰাৰ লগতে ৪০০ চিচি শাখাত নতুন মানদণ্ড স্থাপন কৰিছে। ইফালে, প্ৰতি লিটাৰ ইন্ধনত ৬৬ কিলোমিটাৰৰ গতিবেগ প্ৰদান কৰা এক্সট্ৰিম ১২৫আৰে জনপ্ৰিয় ১২৫চিচি শাখাত আমাৰ উপস্থিতি শক্তিশালী কৰিছে। এই মটৰ চাইকেলখনে ৰাইডাৰসকলক ক্ষীপ্ৰতা আৰু প্ৰদৰ্শনৰ সৰ্বোত্তম ভাৰসাম্যতা প্ৰদান কৰে। এই উপস্থাপনসমূহে কেৱল আমাৰ গ্ৰাহকসকলৰ বিকশিত চাহিদা পূৰণৰ বাবে আমাৰ সমৰ্পণৰ ওপৰত গুৰুত্ব আৰোপ কৰাই নহয়, বৰং অভিযান্ত্ৰিক উৎকৰ্ষতা আৰু গ্ৰাহকৰ সন্তুষ্টিৰ প্ৰতি আমাৰ নিৰন্তৰ সাধনাও প্ৰতিফলিত কৰে।’’


হিৰো মট’কৰ্পৰ ডিলাৰশ্বিপত মাভেৰিক ৪৪০ মুঠ তিনিটা ভেৰিয়েণ্টত উপলব্ধ হ’ব। গ্ৰাহকসকলে ১৯৯০০০ টকাৰে বেছ (প্ৰাথমিক), ২১৪০০০/- টকাৰে মিড (মধ্যম) আৰু ২২৪০০০/- টকাৰে টপ (শীৰ্ষ) ভেৰিয়েণ্ট ক্ৰয় কৰিব পাৰিব। 


নতুন এক্সট্ৰিম ১২৫আৰ হিৰো মট’কৰ্পৰ ডিলাৰশ্বিপত ক্ৰমে ৯৮৩৮৫ টকা /-ৰ মূল্যৰ সৈতে আইবিএছ আৰু ১০৩৮৮৫ /- টকা মূল্যৰ সৈতে এবিএছ শীৰ্ষক দুটা ভেৰিয়েণ্টত উপলব্ধ হ’ব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here