অসমত ক্ষুদ্ৰ উদ্যোগসমূহক ডিজিটেল উপকৰণ গ্ৰহণত সহায় কৰিছে চিআইআইৰ ডিজিটেল সক্ষমে - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 21 March 2024

অসমত ক্ষুদ্ৰ উদ্যোগসমূহক ডিজিটেল উপকৰণ গ্ৰহণত সহায় কৰিছে চিআইআইৰ ডিজিটেল সক্ষমে


 

 


W7s news,,,,,গুৱাহাটী - কনফেডাৰেচন অৱ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰিজে (চি আই আই) অসমৰ ক্ষুদ্ৰ উদ্যোগসমূহৰ বাবে বিশেষকৈ ৰাজ্যৰ বস্ত্ৰ উদ্যোগক পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত ইয়াৰ প্ৰধান পদক্ষেপ ডিজিটেল সক্ষম প্ৰকল্পৰ জৰিয়তে পৰিৱৰ্তনশীল পদক্ষেপৰ নেতৃত্ব দি আহিছে। মাষ্টাৰকাৰ্ড চেণ্টাৰ ফৰ ইনক্লুছিভ গ্ৰ’থৰ সহযোগত এই পদক্ষেপে শিল্পী আৰু শিপিনীক ডিজিটেল সাক্ষৰতা, দক্ষতা বিকাশ, বজাৰৰ সুবিধা প্ৰদান কৰি অসমৰ বস্ত্ৰ উদ্যোগৰ বিকাশত  যথেষ্ট অৰিহণা যোগাইছে।ডিজিটেল সক্ষম প্ৰকল্পৰ লক্ষ্য হৈছে তৃণমূল পৰ্যায়ত উদ্যোগীসকলক সৱলীকৰণ কৰা আৰু উদ্যোগৰ বিকাশ  আৰু উন্নয়নৰ বাবে অনুকূল এক অন্তৰ্ভুক্ত পৰিৱেশ তন্ত্ৰ গঢ়ি তোলা। ডিজিটেল সক্ষম প্ৰকল্পই কেৱল ডিজিটেল দক্ষতা প্ৰদান কৰাই নহয়,ছ’চিয়েল মিডিয়া মাৰ্কেটিংৰ বাবে জ্ঞানৰ আদান প্ৰদান  কৰি,উদ্যম পৰ্টেলত পঞ্জীয়ন কৰিবলৈ,, সজাগতা সৃষ্টি, আৰু ক্ষুদ্ৰ উদ্যোগীসকলক জিইএম, অ'এনডিচিত পঞ্জীয়ন কৰিবলৈ সহায় কৰি  ডিজিটেল কমাৰ্চ প্লেটফৰ্মৰ জৰিয়তে বজাৰত প্ৰৱেশৰ সুবিধাও প্ৰদান কৰে।যাৰ জৰিয়তে খণ্ডটোৰ বহনক্ষমতা নিশ্চিত হয়।অসমত ডিজিটেল সক্ষমৰ কৃতিত্ব সন্দৰ্ভত মন্তব্য কৰি চিআইআই নেচনেল এমএছএমই কাউন্সিলৰ যুটীয়া অধ্যক্ষ   আৰু ফ্ৰন্টিয়াৰ টেকন’লজিছ প্ৰাইভেট লিমিটেডৰ এমডি অশোক ছেইগলে কয়-"অসমৰ বস্ত্ৰ উদ্যোগত কাম কৰা ক্ষুদ্ৰ উদ্যোগসমূহৰ ৰূপান্তৰত অনুঘটকীয় ভূমিকা গ্ৰহণ কৰি চিআইআই গৌৰৱান্বিত, ডিজিটেল প্ৰযুক্তিক আকোৱালি লৈ আঞ্চলিক সহযোগিতাক পোষকতা কৰি আমি কেৱল আমাৰ চহকী বস্ত্ৰ ঐতিহ্য সংৰক্ষণ কৰাই নহয়, ৰাজ্যখনত  বহনক্ষম  জীৱিকা  সৃষ্টি আৰু অৰ্থনৈতিক বিকাশ সাধনতো গুৰুত্ব দিছোঁ। ডিজিটেল প্ৰযুক্তি আৰু ইয়াৰ ব্যৱহাৰৰ মাজত থকা বাধা দুৰ কৰাৰ বাবে এই প্ৰকল্পত আঞ্চলিক ভাষাত বিশেষ প্ৰশিক্ষণ ৰ ব্যৱস্থা কৰা হৈছে। ডিজিটেল সক্ষম প্ৰকল্পৰ জৰিয়তে আমি পৰম্পৰাগত শিল্পীসকলক, বিশেষকৈ মহিলা উদ্যোগীসকলক তেওঁলোকৰ সামগ্ৰী আৰু পৰম্পৰাগত শিল্প কলাক দূৰত্ব আৰু ভৌগোলিক পৰিসৰৰ সীমা নেওচি আগুৱাই যোৱাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছো।"হস্ততাঁত কৰ্মীসকলৰ বাবে ব্যৱসায়িক সঁজুলিৰ ওপৰত গুৰুত্ব আৰোপ কৰা আৰু উদ্যম পঞ্জীয়নত সহায় কৰা বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। মহন্ত ছিল্ক হাউছৰ পাইকাৰী বিক্ৰেতাসকলে তেওঁলোকৰ গ্ৰাহকৰ ইচ্ছা আৰু প্ৰয়োজনৰ প্ৰতি সঁহাৰি জনাই নিজৰ উৎপাদিত সামগ্ৰীৰ  সম্প্ৰসাৰণ কৰিছে। হিতাধিকাৰীসকলে উপাৰ্জন আৰু কেৰিয়াৰৰ সম্ভাৱনা বৃদ্ধিৰ বাবে ঋণ লাভৰ জৰিয়তে সুবিধা লাভ কৰি অতিৰিক্ত হস্ততাঁত মেচিন ক্ৰয় কৰি নিজৰ উৎপাদন বৃদ্ধিৰ আগ্ৰহ প্ৰকাশ কৰিছে।    পৰামৰ্শ অনুসৰি কুশ্বন কভাৰৰ দৰে সামগ্ৰী সম্প্ৰসাৰণ কৰা হৈছে আৰু ঘৰুৱা আৰু বিদেশী উভয় বজাৰকে আকৰ্ষণ কৰিব পৰাকৈ উন্নত ডিজাইন প্ৰস্তুত কৰা হৈছে।তদুপৰি, দলটোৱে এম এছ এম ই উদ্যোগী আৰু গৰাকীসকলক জি এছ টি - মুক্ত অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত সহায় কৰি আহিছে, যিয়ে ই-কমাৰ্চত অংশগ্ৰহণৰ ক্ষেত্ৰত বাধাৰ প্ৰাচীৰ  আঁতৰাই  ডিজিটেল সক্ষমে অসমীয়া বস্ত্ৰৰ নৱজাগৰণত অৰিহণা যোগাই অসমৰ ভিতৰৰ বিভিন্ন অঞ্চলৰ মাজত তেওঁলোকৰ অনন্য বস্ত্ৰ ঐতিহ্য আৰু শক্তিক সদ্ব্যৱহাৰ কৰিবলৈ সহযোগিতা প্ৰসাৰিত কৰাত যথেষ্ট সহায় কৰিছে।  কামৰূপ জিলাত এই পদক্ষেপসমূহে পৰম্পৰাগত বয়ন কৌশলসমূহক আধুনিক ডিজিটেল প্ৰযুক্তিৰ সৈতে নিৰৱচ্ছিন্নভাৱে একত্ৰিত কৰি বয়ন শিল্পীসকলক উৎপাদনশীলতা বৃদ্ধি আৰু উচ্চমানৰ বস্ত্ৰ উৎপাদন কৰিবলৈ সক্ষম কৰি তুলিছে।  একেদৰে লখিমপুৰতো ডিজিটেল সক্ষমে ব্যৱসায়িক প্ৰসাৰ বৃদ্ধিৰ বাবে ডিজিটেল সঁজুলি আৰু কৌশল প্ৰৱৰ্তন কৰি হস্ততাঁত খণ্ডটোক পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে যাৰ ফলত পৰম্পৰাগত কাৰুকাৰ্য্যক সংৰক্ষণ কৰাৰ লগতে ডিজিটেল যুগত প্ৰতিযোগিতামূলক ক্ষমতা নিশ্চিত কৰা হৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here