কেমিকাৰাৰ বাবে এটা হেট্ৰিক বিজয়: প্ৰথম ভাৰতীয় বিশুদ্ধ কুঁহিয়াৰৰ ৰসৰ ৰম - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 15 March 2024

কেমিকাৰাৰ বাবে এটা হেট্ৰিক বিজয়: প্ৰথম ভাৰতীয় বিশুদ্ধ কুঁহিয়াৰৰ ৰসৰ ৰম


 

২০২৪ চনৰ ৰম এণ্ড কাচাচা মাষ্টাৰছ প্ৰতিযোগিতাত দুটা সোণ আৰু এটা ৰূপৰ পদক লাভ কৰে

,আইডব্লিউএছচি ২০২৩-ত সোণৰ পদক লাভ কৰা ভাৰতৰ প্ৰথম আৰু একমাত্ৰ ৰম, হাউছ অৱ পিকাডেলি ডিষ্টিলেৰীজৰ কেমিকাৰাই খ্যাতি লাভ কৰি আছে; দ্য ৰম এণ্ড কাচাচা মাষ্টাৰছ ২০২৪-ত কেমিকাৰা ১২ওৱাইঅ’ আৰু ৮ওৱাইঅ’-য়ে স্বৰ্ণ পদক লাভ কৰাৰ লগতে কেমিকাৰা ৩ওৱাইঅ’-য়ে ৰূপৰ পদক লাভ কৰে

W7s news,,,নতুন দিল্লী,: ভাৰতৰ প্ৰথমটো বিশুদ্ধ কুঁহিয়াৰৰ ৰসৰ ৰম নিৰ্মাতা পিকাডেলি ডিষ্টিলেৰীজে পুনৰবাৰ ভাৰতীয় ৰম-সমূহৰ বাবে এটা মাপকাঠী নিৰ্ধাৰণ কৰি বিশ্ব পৰ্যায়ত ভাৰতৰ বাবে আকৌ এবাৰ ইতিহাসৰ সৃষ্টি কৰিছে৷ শেহতীয়াকৈ অনুষ্ঠিত হোৱা ৰম এণ্ড কাচাচা মাষ্টাৰছ ২০২৪ প্ৰতিযোগিতাত কেমিকাৰাই এগ্ৰিক’ল এজড্ ৰম শাখাত দুটা সোণ আৰু এটা ৰূপৰ পদক লাভ কৰে: কেমিকাৰা ১২ওৱাইঅ’ আৰু ৮ওৱাইঅ’-য়ে সোণৰ পদক আৰু কেমিকাৰা ৩ওৱাইঅ’-য়ে ৰূপৰ পদক লাভ কৰে৷ বিশ্বৰ উন্নতমানৰ ৰম আৰু কাচাচা ব্ৰেণ্ডৰ ভিতৰত জয়ী হোৱা একমাত্ৰ ভাৰতীয় ব্ৰেণ্ড হৈছে কেমিকাৰা৷ এই প্ৰশংসা প্ৰাপ্তিয়ে দেখুৱাইছে যে থলুৱা প্ৰিমিয়াম ৰম এক যোগ্য প্ৰতিদ্বন্দ্বী হিচাপে আত্মপ্ৰকাশ কৰিছে আৰু ভাৰতৰ পৰা অহা নতুন তাৰকা অৰ্থাৎ কেমিকাৰাৰ প্ৰতি বিশ্বৰ চকু মেল খাইছে৷দ্য স্পিৰিটছ বিজনেছৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা দ্য ৰম এণ্ড কাচাচা মাষ্টাৰছ প্ৰতিযোগিতাখন হৈছে ইউকে-ৰ লণ্ডনত অনুষ্ঠিত হোৱা স্পিৰিটছ উদ্যোগৰ ভিতৰৰ এক সন্মানীয় অনুষ্ঠান৷ এই প্ৰতিযোগিতাখনে ইয়াৰ কঠোৰ নিভৃত টেষ্টিং ফৰ্মেটৰ বাবে উল্লেখযোগ্য প্ৰভাৱ ৰাখে যিয়ে প্ৰতিটো প্ৰৱেশৰ নিৰপেক্ষ মূল্যায়নক নিশ্চিত কৰি তোলে৷ সুগন্ধি, সোৱাদ, জটিলতা, আৰু ভাৰসাম্যকে ধৰি মূল্যায়নৰ মাপকাঠীসমূহে ব্যতিক্ৰমী ৰম আৰু কাচাচাক সংজ্ঞায়িত কৰা সুক্ষ্ম গুণসমূহক প্ৰতিফলিত কৰে৷ অভিজ্ঞ পেছাদাৰী আৰু ৰসজ্ঞ ব্যক্তিসকলে বিচাৰক হিচাপে কাম কৰাৰ সৈতে প্ৰতিযোগিতাখনে মূল্যায়নৰ উচ্চ মানদণ্ড বজাই ৰাখে৷ প্ৰতিটো প্ৰৱেশৰ ওপৰত তেওঁলোকৰ নিখুঁত নিৰীক্ষণে ৰম আৰু কাচাচাৰ শ্ৰেণীৰ ভিতৰত আটাইতকৈ ব্যতিক্ৰমী প্ৰকাশসমূহ চিনাক্ত কৰাৰ সমৰ্পণৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷এই কৃতিত্বৰ ওপৰত ভাষণ দি পিকাডেলি ডিষ্টিলেৰীজৰ প্ৰতিষ্ঠাপক সিদ্ধাৰ্থ শৰ্মা-য়ে কয়, ‘‘আমি ৰম সস্তীয়া পানীয় বুলি থকা মানসিকতাক খণ্ডন কৰিব বিচাৰো৷ সেয়েহে আমি ভাৰতৰ প্ৰথম বিশুদ্ধ কুঁহিয়াৰৰ ৰসৰ ৰম উৎপাদন কৰিছো যিটো সতেজ কুঁহিয়াৰৰ ৰসৰ পৰা তৈয়াৰী এটা এগ্ৰিক’ল শৈলী আৰু যাৰ সোৱাদবোধে আমাৰ বতৰ, মাটি আৰু কুঁহিয়াৰৰ কথা মনত পেলাই দিয়ে৷ যিকোনো গোলকীয়া উৎপাদৰ পৰা নিঃসংকোচে পৃথকভাৱে এই ৰম-বিধে আমাৰ ভূমি আৰু সময়ৰ প্ৰমাণ হিচাপে থিয় দিছে৷ আঠ বছৰতকৈ অধিক সময় পৰিপক্ক হোৱা এজড্ সংস্কৰণবোৰ ৰম-তকৈ কনিয়াক-সমূহৰ সৈতে অধিক তুলনাযোগ্য আৰু তিনি বছৰীয়া নতুন সামগ্ৰীসমূহৰ প্ৰিমিয়াম টেকিলাৰ সৈতে অধিক মিল আছে, যাৰ ফলত ইয়াত যি স্থানৰ পৰা আহিছে সেই স্থানৰ মাটি আৰু বনস্পতিবোৰৰ সোৱাদ পোৱা যায়৷ কেমিকাৰা হৈছে কোনো ধৰণৰ চেনি যোগ নোহোৱা সৰ্বপ্ৰাকৃতিক সামগ্ৰী৷’’বিশ্বৰ সৰ্ববৃহৎ কুঁহিয়াৰ উৎপাদক ভাৰতে কেমিকাৰা মুকলি নোহোৱালৈকে কেতিয়াও মানসম্পন্ন, বিলাসী ৰমৰ সৃষ্টি কৰা নাছিল৷ যদিও ভাৰতীয় বজাৰত কেইবাটাও ব্ৰেণ্ড উপলব্ধ হৈছে, তথাপিও সেইবোৰ সদায় আৰম্ভনি পৰ্যায়তেই আছে৷ গোলকীয় মঞ্চত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পৰা আৰু ভাৰতক গৌৰৱান্বিত কৰিব পৰা প্ৰিমিয়াম শ্ৰেণীৰ ভাৰতীয় ৰমৰ ওপৰত কেতিয়াও গৱেষণা কৰা হোৱা নাই৷ সংস্কৃত ‘‘তৰল সোণ’’ শব্দৰ পৰা উদ্ভৱ হোৱা কেমিকাৰা ৰম হৈছে ভূমি, সময়, সংস্কৃতি আৰু মানুহৰ উদযাপন৷ কেমিকাৰাৰ জন্ম হৈছিল দুটা কাৰণত: অতীতক পুনৰ আৱিষ্কাৰ কৰিবলৈ; আৰু ইয়াক সঁচাকৈয়ে ‘আন কোনো ৰম-ৰ দৰে নহয়’ কৰি গঢ়ি তুলি ভৱিষ্যতৰ পথ প্ৰশস্ত কৰা৷

দ্য ৰম এণ্ড কাচাচা মাষ্টাৰ্চ ২০২৪-ৰ ফলাফলসমূহ তলত  বিচাৰি পাব

ষ্টক টিকাৰ: (PICCADIL | 530305 | INE546C01010)

https://www.bseindia.com/stock-share-price/piccadily-agro-industries-ltd/piccadily-agro-inds/530305/


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here