চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছত পৰিষ্কাৰ-পৰিচ্ছন্নতাত অধিক গুৰুত্ব আয়োজকৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 22 February 2024

চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছত পৰিষ্কাৰ-পৰিচ্ছন্নতাত অধিক গুৰুত্ব আয়োজকৰ

 


চেনিটেৰী নেপকিনৰ ব্যৱস্থা, ষ্টেডিয়ামত ভেণ্ডিং মেচিন স্থাপন, মহিলাৰ সুৰক্ষাৰ বাবে ফোন নম্বৰ স্থাপন


গুৱাহাটী, ২১ ফেব্ৰুৱাৰীঃ গুৱাহাটীত চলি থকা চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছত সামগ্ৰীকভাবে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ দিশটোত অধিক গুৰুত্ব দিয়া হৈছে৷ ইফালে, মহিলাৰ¸ ঋতুস্ৰাৱৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সন্দৰ্ভতো আয়োজকে সজাগতা বৃদ্ধিৰ লক্ষ্যৰে খেল অনুষ্ঠিত হোৱা ষ্টেডিয়ামসমূহত ব্যৱহৃত পেডসমূহ নিষ্কাশনৰ বাবে চেনিটেৰী নেপকিন ভেণ্ডিং মেচিন তথা¸ পৰিৱেশ অনুকূল ইনচিনেৰেটৰ স্থাপন কৰা হৈছে৷


প্ৰতিটো ষ্টেডিয়ামতে মহিলা পৃথক টয়লেটত ভেণ্ডিং মেচিন স্থাপন কৰাৰ লগতে ইয়াৰ ব্যৱহাৰৰ স্পষ্ট নিৰ্দেশনা দিয়া হৈছে৷ ক্ৰীড়াবিদ, প্ৰশিক্ষক, সহায়ক কৰ্মচাৰী আৰু কাৰিকৰী বিষয়াৰ সুবিধাৰ্থে নিৰ্দেশনা অসমীয়া, ইংৰাজী আৰু হিন্দী তিনিটা ভাষাত ছপা কৰা হৈছে৷


অসমৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী নন্দিতা গৰ্লোছাই এই বিষয়ে কয় যে ষ্টেডিয়ামত মহিলাৰ ঋতুস্ৰাৱৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ দিশটোত অধিক সজাগতা সৃষ্টিৰ লক্ষ্যৰে প্ৰতিটো ক্ৰীড়া প্ৰকল্পতে স্থায়ীভাবে ভেণ্ডিং মেচিন স্থাপন কৰা হ’ব৷ ‘খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছ অনুষ্ঠিত হৈ যোৱাৰ পিছতেই সকলো ষ্টেডিয়ামতে ভেণ্ডিং মেচিনৰ লগতে চেনিটেৰী পেডৰ যোগান স্থায়ীভাৱে পোৱাৰ ব্যৱস্থা কৰা হ’ব৷’ ক্ৰীড়ামন্ত্ৰী গৰ্লোছাই ব্যক্ত কৰে৷


এই আধুনিক ব্যৱস্থাটো গঢ়ি তোলাৰ আঁৰত সজাগতা সৃষ্টিৰ লগতে মহিলা খেলুৱৈসকলক তেওঁলোকৰ স্বাস্থ্য আৰু সুস্থতাৰ যত্ন লোৱাৰ দিশটোও চোৱা গৈছে৷ ইফালে, প্ৰতিযোগিতালৈ হাজাৰ-হাজাৰ খেলুৱৈ অহাৰ বাবে নেপকিনে যাতে নলাৰ পাইপ বন্ধ নকৰে সেয়াও লক্ষ্য ৰখা হৈছে৷ 


অনাগত দিনত স্বেচ্ছাসেৱক আৰু খেলুৱৈসকলৰ বাবে কৰ্মশালা অনুষ্ঠিত কৰি মহিলাৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সন্দৰ্ভত সজাগতা সৃষ্টি আৰু ঋতুস্ৰাৱৰ আশে-পাশে কথোপকথন স্বাভাৱিক কৰাৰ পৰিকল্পনাও কৰিছে৷ এই কৰ্মশালাসমূহ আগশাৰীৰ স্ত্ৰীৰোগ বিশেষজ্ঞৰ দ্বাৰা পৰিচালিত হ’ব বুলি এগৰাকী বিষয়াই জনায়৷


এই অনুষ্ঠানত অংশগ্ৰহণ কৰি বিশ্ববিদ্যালয়সমূহৰ মহিলা খেলুৱৈ আৰু প্ৰশিক্ষকসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবেও আয়োজকসকলে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে৷ মহিলা খেলুৱৈ, প্ৰশিক্ষক, সহায়ক কৰ্মচাৰী আৰু কাৰিকৰী বিষয়াৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে চাৰিগৰাকী মহিলা এ চি এছ বিষয়াৰে গঠিত এখন সমিতিও গঠন কৰা হৈছে৷


ইফালে, মহিলা সম্পৰ্কীয় বিষয় আৰু অভিযোগৰ বাবে চাৰিগৰাকী মহিলা বিষয়াক দায়িত্ব দি আয়োজকে ফোন নম্বৰো মুকলি কৰিছে৷ নম্বৰ কেইটা হ’ল ৯৮৬৪১-১৩২৫১, ৯৮৬৪১-৮১৪৬৩, ৮৪৭২০-০৪১৭৭ আৰু ৭০৮৬৩-৩৫২৯৬৷ বিষয়াগৰাকীয়ে জনোৱা মতে, এতিয়ালৈকে হেল্পলাইনত কোনো ফোন অহা নাই৷ এই ঘটনাই প্ৰমান কৰে যে অসমত চলি থকা চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছ সুন্দৰকৈ পৰিচালনা হোৱাৰ লগতে মহিলাৰ বাবেও পৰিৱেশটো নিৰাপদ হৈছে৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here