চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছ পুৰুষৰ বাস্কেটবলৰ স্বৰ্ণ পদক লাভ পঞ্জাৱ বিশ্ববিদ্যালয়ৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 22 February 2024

চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছ পুৰুষৰ বাস্কেটবলৰ স্বৰ্ণ পদক লাভ পঞ্জাৱ বিশ্ববিদ্যালয়ৰ

 


গুৱাহাটী, ২২ ফেব্ৰুৱাৰী


ঃ পঞ্জাৱ বিশ্ববিদ্যালয়ৰ পুৰুষ দলে চলিত চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ  বাস্কেটবলৰ স্বৰ্ণ পদক লাভ কৰিছে৷ স্বৰ্ণ পদকৰ ৰুদ্ধশ্বাস মেচত পঞ্জাৱ বিশ্ববিদ্যালয়ে এক পইণ্টৰ ব্যৱধানৰে ৰোমাঞ্চকৰ জয় সাব্যস্ত কৰি চেম্পিয়ন হয়৷ দলে মাদ্ৰাজ বিশ্ববিদ্যালয়ক ৮৫-৮৪ ত পৰাস্ত কৰে৷


চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছত পঞ্জাৱ বিশ্ববিদ্যালয়ৰ পুৰুষ বাস্কেটবল দলৰ প্ৰত্যাৱৰ্তন ৰূপকথাৰ দৰেই৷ উল্লেখ্য যে সদ্য সমাপ্ত সৰ্বভাৰতীয় বিশ্ববিদ্যালয় গেমছত জৈন বিশ্ববিদ্যালয়ৰ হাতত পৰাস্ত হৈছিল পাঞ্জাব বিশ্ববিদ্যালয়৷ কিন্তু গুৱাহাটীলৈ আহি দলে প্ৰতিশোধ লয়৷ স্মৰ্তব্য যে পঞ্জাৱ বিশ্ববিদ্যালয়ে ছেমিফাইনেলত জৈন বিশ্ববিদ্যালয়ক পৰাস্ত কৰি স্বৰ্ণজয়ৰ মেচলৈ অগ্ৰসৰ হৈছিল৷


খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছত পঞ্জাৱ বিশ্ববিদ্যালয়ৰ পুৰুষ বাস্কেটবল দলৰ দ্বিতীয়বাৰৰ বাবে প্ৰশিক্ষকৰ দায়িত্ব লোৱা ড॰ মনদ্বীপ থৌৰে দলটোৰ প্ৰদৰ্শনক প্ৰশংসা কৰি কয় ‘ফাইনেল খেলখনত সদায় চাপ থাকে৷ সেয়ে মই ল’ৰাবোৰক প্ৰেৰণা দিছিলো৷ মোৰ একমাত্ৰ নিৰ্দেশনা আছিল দলক চাপৰ পৰা আঁতৰাই ৰখা৷ আমি আগতে মাদ্ৰাজ বিশ্ববিদ্যালয়ক পৰাস্ত কৰিছিলোঁ, গতিকে আমি এইবাৰো কৰিব পাৰো বুলি বিশ্বাস আছিলো৷’ ইফালে, পাঞ্জাব বিশ্ববিদ্যালয়ৰ সফল অভিযানৰ নেতৃত্ব দিছিল দলটোৰ শ্বাইনিং ষ্টাৰ নৱাজ সিং পানাইচে৷


দলৰ সফলতাত সতীৰ্থতাক আলোকপাত কৰি নৱাজে কয় ‘দলটোৱে খেলো ইণ্ডিয়াৰ দৰে প্ৰতিযোগিতাত আমাৰ বিশ্ববিদ্যালয়ৰ সুনাম বৃদ্ধি কৰাত সহায় কৰিছে৷ প্ৰশিক্ষক, খেলুৱৈ আৰু দলৰ সামগ্ৰিক বুজা-বুজিয়ে আমাৰ সফলতাত অৰিহণা যোগাইছে৷’ উল্লেখ্য যে নৱাজে ভাৰতীয় জাতীয় দলৰ হৈ খেলাৰ আকাংক্ষা মনত পুহি ৰাখিছে আৰু¸ শেহতীয়াকৈ চেন্নাইত অনুষ্ঠিত হ’বলগীয়া ভাৰতীয় পুৰুষ দলৰ ছিনিয়ৰ ৰাষ্ট্ৰীয় শিবিৰলৈ নিৰ্বাচিত হৈ এই দিশত এক বৃহৎ সফলতা লাভ কৰিছে৷


‘এয়া বহুত দীঘলীয়া যাত্ৰা৷ কঠোৰ পৰিশ্ৰম কৰিছো৷ এয়া ছয়ৰ পৰা সাত বছৰীয়া পৰিকল্পনা আছিল৷ দলৰ অনুশীলন পুৱা ছয় বজাৰ পৰা আৰম্ভ হয় যদিও মই মোৰ ব্যক্তিগত অনুশীলনৰ ডেৰ-দুঘণ্টা পূৰ্বে আৰম্ভ কৰো৷’ নৱাজ সিং পানাইচে কয়৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here