উত্তৰ-পূবৰ অনন্য সোৱাদৰ অন্তৰ্ভূক্তিৰে খাদ্যপ্ৰেমীক ব্যতিক্ৰমী ভোজন অভিজ্ঞতা প্ৰদানৰ বাবে সাজু নেষ্ট এছিয়া - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 23 February 2024

উত্তৰ-পূবৰ অনন্য সোৱাদৰ অন্তৰ্ভূক্তিৰে খাদ্যপ্ৰেমীক ব্যতিক্ৰমী ভোজন অভিজ্ঞতা প্ৰদানৰ বাবে সাজু নেষ্ট এছিয়া

 


W7s news গুৱাহাটী: উত্তৰ-পূবৰ জনপ্ৰিয় খাদ্য সম্ভাৰৰ অনন্য সোৱাদেৰে খাদ্যপ্ৰেমী অতিথিসকলক এক ব্যতিক্ৰমী অথচ অনন্য অভিজ্ঞতা প্ৰদান কৰিবলৈ নিজৰ খাদ্যতালিকা সজাই তুলিছে গুৱাহাটীৰ ৰেডিছন ব্লুৰ উচ্চমানৰ এছিয়ান ফুড ৰেষ্টুৰেণ্ট নেষ্ট এছিয়াই।


ৰেষ্টুৰেণ্টখনে নিজৰ খাদ্যতালিকাত 'ফ্লেভাৰ অৱ চেভেন চিষ্টাৰ্ছ এণ্ড ওৱান ব্ৰাদাৰ’ শীৰ্ষক এক শিতানেৰে অন্তৰ্ভূক্ত কৰিছে উত্তৰ-পূবৰ প্ৰতিখন ৰাজ্যৰ বিশেষ খাদ্যসম্ভাৰ। উত্তৰ-পূবৰ ৰাজ্য কেইখনৰ চূপ, এপেটাইজাৰ, মেইন কোৰ্চ আৰু ডেজাৰ্টেৰে সজাই তোলা হৈছে এই খাদ্যতালিকা। চূপৰ শাখাত অন্তৰ্ভূক্ত কৰা হৈছে ছিকিমৰ থুক্‌পা, মেঘালয়ৰ নাখাম বিচি আৰু মণিপুৰৰ চামথং আদিৰ অনন্য সোৱাদ। সেইদৰে এপেটাইজাৰত মণিপুৰৰ চিংজু, মিজোৰামৰ মিছা মাছ পোৰা, মেঘালয়ৰ দোহ-নেয়ং আৰু অৰুণাচল প্ৰদেশৰ বাছচুৰি ফ্ৰাইৰ অবৰ্ণনীয় সোৱাদ উপভোগ কৰিবলৈ সক্ষম হ’ব খাদ্যপ্ৰেমীসকলে।


আনহাতে এই বিশেষ খাদ্য সম্ভাৰৰ মেইন কোৰ্চৰ জৰিয়তে খাদ্যপ্ৰেমী অতিথিসকলে সোৱাদ ল’ব পাৰিব অসমীয়া থলুৱা জুতি লগা খাদ্যৰ। জহা কোমোৰাৰে হাঁহৰ মাংস, লাই শাকেৰে গাহৰি, কলডিল আৰু মুৰ্গী মাংস তথা জালুক দিয়া পাৰ মাংসই খাদ্যপ্ৰেমীসকলক প্ৰদান কৰিব উত্তৰ-পূবৰ সুকীয়া খাদ্যৰ অনন্য সোৱাদ। ইয়াৰ উপৰিও মেইন কোৰ্চত অতিথিসকলে উপভোগ কৰিব পাৰিব মণিপুৰৰ ঙা-থংবা, ত্ৰিপুৰাৰ মুই বৰক আৰু নগা বিশেষ আমৰুছু (কুকুৰা মাংস)ৰ দৰে থলুৱা খাদ্যৰো।


ইফালে নেষ্ট এছিয়াৰ বিশেষ খাদ্য সম্ভাৰৰ নিৰামিষ আহাৰৰ শিতানত অন্তৰ্ভূক্ত কৰা হৈছে ভেন্দিৰ চৰচৰি, মাটি ডাইল খাৰ, ৰঙা লাউ আৰু কল পচলাৰ দৰে থলুৱা খাদ্য।


আনহাতে নেষ্ট এছিয়াৰ ডেজাৰ্টৰ 'ফ্লেভাৰছ অৱ নৰ্থ ইষ্ট’ শিতানত আছে মহুৰা পিঠা আৰু চাক-হাও ক্ষীৰৰ দৰে থলুৱা অনন্য মিষ্টান্ন সম্ভাৰ। 


নেষ্ট এছিয়াৰ এই বিশেষ আয়োজন সন্দৰ্ভত সঞ্চালকপ্ৰধান অংকুৰ মেহৰোত্ৰাই কয়, "ৰেডিছন ব্লু গুৱাহাটী খাদ্য প্ৰেমীসকলৰ বাবে এনে এক গন্তব্যস্থল, য’ত বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰামাণিক খাদ্যৰ বিস্তৃত শৃংখল আগবঢ়াই অহা হৈছে। আমাৰ সন্মানীয় অতিথিসকলক স্থানীয় খাদ্য সম্ভাৰৰ অকল্পনীয় অভিজ্ঞতা প্ৰদান কৰাৰ উদ্দেশ্যেৰে নেষ্ট এছিয়াই সগৌৰৱেৰে আমাৰ নতুন খাদ্যতালিকাত 'ফ্লেভাৰ অৱ ছেভেন চিষ্টাৰ্ছ এণ্ড এ ব্ৰাদাৰ’ শিতান উপস্থাপন কৰিছে। এই শিতানৰ জৰিয়তে আমাৰ লক্ষ্য হৈছে উত্তৰ-পূব ভাৰতৰ সমৃদ্ধ আৰু বৈচিত্ৰ্যপূৰ্ণ খাদ্য সম্ভাৰক একেখন চালিৰ তলতে খাদ্যপ্ৰেমীসকলৰ সন্মুখত তুলি ধৰা আৰু তেওঁলোকক ইয়াৰ অনন্য স্বাদ প্ৰদান কৰা। ইয়াৰ উপৰিও নেষ্ট এছিয়াই এছিয়ান সোৱাদৰ পৰিসৰ বৃদ্ধি কৰি আমাৰ মূল্যৱান অতিথিসকলক ভোজনৰ স্মৰণীয় অভিজ্ঞতা প্ৰদান কৰিবলৈ বৈচিত্ৰ্যময় নিৰ্বাচন আগবঢ়াইছে।’’


উল্লেখ্য যে, ৰেডিছন ব্লু গুৱাহাটীৰ ভিতৰত অৱস্থিত এই উচ্চমানৰ ৰেষ্টুৰেণ্টখনে এছিয়ান সোৱাদৰ নিৰ্বাচন বৃদ্ধি কৰি এতিয়া চূপ, ডিমছাম, এপেটাইজাৰ, ফ্ৰম দ্য ৱক, থাই কাৰী, ভাত আৰু নুডলছৰ লগতে ডেজাৰ্টৰ বিভিন্ন বিকল্প আগবঢ়াইছে।


ৰেডিচন ব্লু গুৱাহাটীৰ কাৰ্যবাহী চেফ কে কাৰ্তিকেয়ানে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ প্ৰামাণিক সোৱাদসমূহ উপস্থাপন কৰাৰ ক্ষেত্ৰত আগ্ৰহ ব্যক্ত কৰি কয়, "'ফ্লেভাৰছ অফ ছেভেন চিষ্টাৰ্ছ এণ্ড এ ব্ৰাদাৰ' খাদ্যতালিকা তৈয়াৰ কৰাটো আমাৰ বাবে এক অনন্য অভিজ্ঞতা, যাৰ ফলত আমি উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ অনন্য আৰু প্ৰাণৱন্ত সোৱাদ প্ৰদৰ্শন কৰিব পাৰিম। অসমীয়া সুস্বাদু খাদ্যৰ থলুৱা সোৱাদৰ পৰা আৰম্ভ কৰি মণিপুৰী ব্যঞ্জনৰ সুগন্ধি মচলালৈকে আমাৰ লক্ষ্য হৈছে প্ৰতিগৰাকী খাদ্যপ্ৰেমী অতিথিক উত্তৰ-পূৰ্বাঞ্চলৰ থলুৱা খাদ্যৰ অভিজ্ঞতা প্ৰদান কৰা। ৰন্ধন উৎকৰ্ষতাৰ প্ৰতি আমাৰ সমৰ্পণৰ জৰিয়তে আৰু এছিয়াৰ খাদ্য সম্ভাৰৰ বিস্তৃত নিৰ্বাচনৰ সৈতে আমি আমাৰ অতিথিসকলক এক ব্যতিক্ৰমী আৰু স্মৰণীয় ভোজন যাত্ৰাৰ অংশীদাৰ হ’বলৈ আহ্বান জনাইছোঁ। আমি আমাৰ অতিথিসকলক সমগ্ৰ মহাদেশখনত প্ৰচলিত ভিন্ন সোৱাদৰ এক মধুৰ ক্ষণ প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।"


আঞ্চলিক উৎপাদিত সামগ্ৰীক অগ্ৰাধিকাৰ প্ৰদান কৰি আৰু উচ্চমানৰ স্থানীয় উপাদান ব্যৱহাৰ কৰি উত্তৰ-পূবৰ ৰাজ্যসমূহৰ পৰা বৈচিত্ৰ্যপূৰ্ণ নিৰ্বাচনত নেষ্ট এছিয়াই দায়বদ্ধতা প্ৰদৰ্শন কৰি আহিছে। নেষ্ট এছিয়াৰ এই প্ৰয়াসে কেৱল খাদ্যৰ প্ৰকৃত সোৱাদ নিশ্চিত কৰাই নহয়, স্থানীয় কৃষক আৰু উৎপাদকসকলকো সহায় কৰে।


আসন সংৰক্ষণ আৰু অধিক তথ্যৰ বাবে আগ্ৰহীসকলে ৮৮১১০৯৯৩৯৭ নম্বৰত যোগাযোগ কৰিব পাৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here