গুৱাহাটীত উপস্থিত হ'লহি স্মাৰ্ট আৰু বহনক্ষম এম জি কমেট ইভি ড্ৰাইভ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 23 February 2024

গুৱাহাটীত উপস্থিত হ'লহি স্মাৰ্ট আৰু বহনক্ষম এম জি কমেট ইভি ড্ৰাইভ

 


পুনৰবাৰ প্ৰমাণ হ'ল এক শক্তিশালী আৰু ব্যৱহাৰিক গতিশীলতা সমাধান প্ৰদানৰ দিশত কোম্পানীটোৰ দৃষ্টিভংগী  


W7s news গুৱাহাটী: ১০০ বছৰীয়া গৌৰৱৌজ্বল যাত্ৰা অব্যাহত ৰখা ব্ৰিটিছ অটোমোবাইল ব্ৰেণ্ড এমজি(মৰিছ গেৰেজেছ)য়ে এমজি কমেট ই ভিৰ সৈতে ভাৰতত সেউজ মবিলিটীক দ্ৰুতভাৱে আঁকোৱালি লোৱাৰ দিশত নিজৰ প্ৰতিশ্ৰুতি আকৌ এবাৰ প্ৰমাণ কৰিছে। দেশৰ ১৯খনতকৈও অধিক ৰাজ্য সামৰি স্মাৰ্ট আৰু বহনক্ষম এমজি কমেট ইভি ড্ৰাইভে আজি সামৰি ল'লে গুৱাহাটীকো। এই অভিযানৰ উদ্দেশ্য হৈছে ইভি বাহনৰ সজাগতা সৃষ্টি কৰা - গুৱাহাটীৰ দৰে চহৰৰ বাবে এক বহনক্ষম, ব্যৱহাৰিক আৰু অৰ্থনৈতিক গতিশীলতাৰ সমাধান প্ৰদান কৰা।


যোৱা বৰ্ষত এমজি মটৰ ইণ্ডিয়াই ভাৰতৰ পৰৱৰ্তী প্ৰজন্মৰ নগৰীয়া গতিশীলতা বিচৰা লোকসকলৰ বাবে নতুন মানদণ্ড নিৰ্ধাৰণ কৰা কমেট – দ্য স্মাৰ্ট ইভি মুকলি কৰিছিল। ভৱিষ্যদৰ্শী আৰু ব্যৱহাৰকাৰী-বন্ধুত্বপূৰ্ণ স্মাৰ্ট প্ৰযুক্তিৰ সৈতে এমজি মটৰ ইণ্ডিয়াৰ পৰ্টফলিঅ’ৰ দ্বিতীয়খন ইভি এইখন বাহন। এম জি কমেট গুৱাহাটীৰ ৰাইজৰ বাবে এক ব্যৱহাৰিক সমাধান। কমেট ইভিৰ ব্যৱহাৰিক আৰু স্মাৰ্ট ডিজাইন (ভিতৰত ডাঙৰ আৰু বাহিৰত সম্পৃক্ট)ৰ সৈতে গাড়ী চলোৱা, পৰিচালনা কৰা আৰু ব্যাপক ভিৰ অঞ্চলত পাৰ্কিং কৰাও সহজ, এই সকলোবোৰ সুবিধাৰ বাবে এইখন এখন নিখুঁত চহৰৰ বাহন। এই গাড়ীখনে এবাৰ চাৰ্জত ২৩০ কিলোমিটাৰ*ৰ ৰেঞ্জ প্ৰদান কৰে। সেয়েহে এতিয়া কমেটৰ গৰাকীৰ খৰচ এমাহত দুটা পিজ্জা কিনাৰ খৰচতকৈ কম।


এমজি কমেটে ভাৰতৰ অন্যান্য ইভিৰ তুলনাত স্বকীয় ৰূপত জিলিকি উঠিছে। ইয়াৰ অনন্য, স্বকীয়, চিকচিকিয়া ডিজাইন, উন্নত সংযোগ আৰু মনোৰঞ্জনৰ বৈশিষ্ট্যই নতুন মাত্ৰা প্ৰদান কৰিছে বাহনখনক। ইয়াত ১০.২৫ হেড ইউনিট আৰু ১০.২৫ ডিজিটেল ক্লাষ্টাৰ আছে। কমেট ইভি আইস্মাৰ্ট ইনফটেইনমেণ্টৰ সৈতে লোড কৰা হৈছে, ইয়াত ৫০+ সংযুক্ত সুবিধা প্ৰদান কৰা হৈছে, য'ত এচি ষ্টাৰ্ট, লক, আনলক আৰু ষ্টেটাছ চেক আদি। ইয়াত অন্তৰ্ভুক্ত কৰা আছে দূৰৱৰ্তী বাহনৰ কাৰ্যৰ লগতে লাইভ লকেচন শ্বেয়াৰিং আৰু ট্ৰেকিং আদিও। ইয়াৰ উপৰিও ইভিখন নিয়ন্ত্ৰণ কৰিবলৈ ১০০তকৈও অধিক ভইচ কমাণ্ড আছে, য’ত ৩৫+ হিংগলিছ কমাণ্ডো আছে। স্মাৰ্ট ইভিত সক্ৰিয় আৰু নিষ্ক্ৰিয় সুৰক্ষা সুবিধাসমূহ যেনে ডুৱেল ফ্ৰণ্ট এয়াৰবেগ, এবিএছ +ইবিডি, ফ্ৰণ্ট এণ্ড ৰিয়েৰ ৩ পিটি ইত্যাদি। আনহাতে ছিট বেল্ট, পিছফালৰ পাৰ্কিং কেমেৰা আৰু চেন্সৰ, টিপিএমএছ (পৰোক্ষ) আৰু আইছ’ফিক্স চাইল্ড আসন আদিৰ সুবিধাও আছে। এম জি কমেটে গাঁথনিগত সুৰক্ষাৰ বাবে ১৭টা হট ষ্টেম্পিং পেনেল আৰু বাহন আৰু বেটাৰীৰ সুৰক্ষাৰ বাবে ৩৯টা পৰীক্ষাৰ পাছত গ্ৰাহকৰ বাবে মুকলি কৰি হৈছে, যাৰ ফলত ই আমাৰ গ্ৰাহকৰ বাবে এক নিৰাপদ বাহন হৈ পৰিছে।


কমেট ইভিত তিনিটা ভেৰিয়েণ্টত উপলব্ধ- পেচ, প্লে আৰু প্লাছ, যাৰ আৰম্ভণি মূল্য হৈছে ক্ৰমে ৬.৯৯ লাখ টকা, ৭.৮৮ লাখ টকা আৰু ৮.৫৮ লাখ টকা (এক্স-শ্ব'ৰুম)। এমজি কমেট ইভি ৫টা ৰঙৰ বিকল্পত আগবঢ়োৱা হয়, যাৰ ভিতৰত আছে ডুৱেল টোন (এপল গ্ৰীণ + ষ্টাৰী ব্লেক এণ্ড কেণ্ডি হোৱাইট+ ষ্টাৰী ব্লেক), এপল গ্ৰীণ, কেণ্ডি হোৱাইট, অৰোৰা চিলভাৰ আৰু ষ্টাৰী ব্লেক ৰং।


কমেট ইভি বহুমুখী জিএছইভি (গ্লোবেল স্মাৰ্ট ইলেক্ট্ৰিক ভেহিকেল) প্লেটফৰ্মৰ ওপৰত আধাৰিত কৰি প্ৰস্তুত কৰা হৈছে। যিয়ে যিকোনো প্ৰাকৃতিক পৰিৱেশতো এক মসৃণ আৰু ৰুমী ডিজাইন প্ৰদান কৰি নিৰৱিচ্ছিন্ন আৰু চাপ-মুক্ত নগৰীয়া যাতায়ত সহজ-সুলভ কৰি তুলিছে। বৰ্তমান ৫০০০ টকাৰ পৰা আৰম্ভ হোৱা সম্প্ৰসাৰিত বাহন ৱাৰেণ্টি আৰু সেৱা পেকেজত ৮০টাতকৈও অধিক অনুকূলন বিকল্পৰ সৈতে উপলব্ধ। এমজি কমেট ইভিত কেইবাটাও ব্যক্তিগতকৰণ বিকল্প আছে, যাৰ ভিতৰত আছে ২৫০+ ষ্টিকাৰ বিকল্প, গ্ৰাফিক্স, বিভিন্ন পৰিসৰৰ এড-অন আৰু আনুষংগিক সামগ্ৰী। লগতে আছে ফাংকি বডী ৰেপ আৰু কুল ষ্টিকাৰ যাতে স্মাৰ্ট ইভিৰ আনন্দদায়ক আৰু প্ৰযুক্তিগত ভাইব সংমিশ্ৰিত হৈ উঠে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here