প্ৰাগ চিনে এৱাৰ্ড, ২০২৪ত শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটাৰে সন্মানিত হ’ল ‘জিয়া’ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 17 February 2024

প্ৰাগ চিনে এৱাৰ্ড, ২০২৪ত শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটাৰে সন্মানিত হ’ল ‘জিয়া’


 

শ্ৰেষ্ঠ চলচ্চিত্ৰ, শ্ৰেষ্ঠ চিত্ৰনাট্য আৰু সংলাপ, শ্ৰেষ্ঠ পুৰুষ গায়ক, আৰু শ্ৰেষ্ঠ আৱহ- সংগীতসহ মুঠ ৪টাকৈ বঁটা লাভ ‘জিয়া’ৰ


W7s news,,,গুৱাহাটী, ফেব্ৰুৱাৰী ১৭, ২০২৪: চলচ্চিত্ৰ নিৰ্মাতা কেনি বসুমতাৰীৰ শেহতীয়া নিৰ্দেশনা আৰু শৰ্মিষ্ঠা চক্ৰৱৰ্তীৰ প্ৰযোজনাৰে নিৰ্মিত শেহতীয়া ছবি ‘জিয়া’ই যোৱা ১৬ ফেব্ৰুৱাৰী তাৰিখে যোৰহাটত অনুষ্ঠিত হৈ যোৱা প্ৰাগ চিনে এৱাৰ্ড, ২০২৪ৰ শেহতীয়া সংস্কৰণত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ সন্মানসহ ৪টাকৈ বঁটা লাভ কৰিবলৈ সক্ষম হয়। 


‘জিয়া’ই শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা, শ্ৰেষ্ঠ চিত্ৰনাট্য আৰু সংলাপ (কেনি বসুমতাৰী আৰু শৰ্মিষ্ঠা চক্ৰৱৰ্তী), শ্ৰেষ্ঠ পুৰুষ গায়ক (অংগৰাগ পাপন মহন্ত) আৰু শ্ৰেষ্ঠ আৱহ- সংগীত (অম্বৰ দাস)ৰ শিতানত বঁটা লাভ কৰিছে।   


চলচ্চিত্ৰখনে এই সন্মানজনক বঁটা প্ৰদান অনুষ্ঠানত ১৬টা শিতানত মনোনয়ন লাভ কৰিবলৈ সক্ষম হৈছিল।


শৰ্মিষ্ঠা চক্ৰৱৰ্তীৰ চিত্ৰনাট্য আৰু আৰু প্ৰযোজনাৰে নিৰ্মিত ‘জিয়া’ হৈছে এগৰাকী মহিলা (জিয়া)ৰ সংগ্ৰামৰ কাহিনী, যিয়ে বিয়াৰ পিছত সন্মুখীন হোৱা নিৰ্যাতনৰ পৰা পলায়ন কৰি কন্যা নূপুৰৰ সৈতে একক মাতৃত্বই কঢ়িয়াই অনা প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হয়। সমাজৰ বিচাৰৰ বিৰুদ্ধে সংগ্ৰাম কৰি জিয়াই নিজৰ দুৰ্বলতাক হাঁহিৰ মুখাৰ আঁৰত ঢাকি ৰাখে। জিয়াৰ এই সংগ্ৰামত তেওঁৰ সৈতে ছাঁৰ দৰে থিয় হৈ থাকে তেওঁৰ আটাইতকৈ ভাল বান্ধৱী পল্লৱী। বিতুষ্ট হৈ পৰা চাকৰিটো এৰি জিয়াই পল্লৱীৰ কৰ্মক্ষেত্ৰত শান্তিৰ সন্ধান কৰে। আৰু তাতেই অমায়িক স্বভাৱৰ অভিৰ সৈতে দেখাদেখি হয় জিয়াৰ। তাৰ পিছত কি হ’ব? সেয়া দৰ্শকৰ বাবে এক উৎকণ্ঠাৰ বিষয়। 


একাধিক বঁটা লাভ কৰাৰ পিছত উৎসাহ ব্যক্ত কৰি শৰ্মিষ্ঠা চক্ৰৱৰ্তীয়ে কয়, “আজি মোৰ সপোন বাস্তৱায়িত হ’ল। লেখক-প্ৰযোজক হিচাপে এইখন মোৰ প্ৰথম চলচ্চিত্ৰ আৰু আমি শ্ৰেষ্ঠ চলচ্চিত্ৰকে ধৰি ৪ টাকৈ বঁটা লাভ কৰিবলৈ সক্ষম হ’লোঁ। আমাৰ প্ৰথম প্ৰচেষ্টাই ৪টাকৈ বঁটা লাভ কৰাৰ উপৰি ১৬টা শিতানত মনোনয়ন লাভ কৰাটো সঁচাকৈয়ে অত্যন্ত উৎসাহ আৰু আনন্দৰ বিষয়। এয়া হৈছে আমাৰ সমগ্ৰ দলটোৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ এক প্ৰমাণ। আমাৰ সৈতে জড়িত হৈ সহযোগিতা আগবঢ়োৱা প্ৰতিগৰাকী ব্যক্তিলৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।”

 

এই বৃহৎ জয় সম্পৰ্কে মন্তব্য প্ৰকাশ কৰি ছবিখনৰ পৰিচালক কেনি বসুমতাৰীয়ে কয়, “এয়া চলচ্চিত্ৰখনৰ বাবে এক ডাঙৰ স্বীকৃতি। শ্ৰেষ্ঠ চলচ্চিত্ৰৰ সন্মানৰ লগতে চাৰিটাকৈ বঁটা লাভ কৰাটো প্ৰকৃতাৰ্থত আমাৰ সমগ্ৰ দলৰ সামূহিক নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ এক প্ৰমাণ।"


“আমাৰ ছবি 'জিয়া'ৰ বাবে শ্ৰেষ্ঠ আৱহ- সংগীতৰ বঁটা লাভ কৰি মই অত্যন্ত সন্মানিত আৰু কৃতজ্ঞবোধ কৰিছোঁ। এই স্বীকৃতি দৰাচলতে আমাৰ কাহিনীটোৰ বাবে সংগীতৰ পটভূমি তৈয়াৰ কৰিবলৈ প্ৰয়োজন হোৱা সহযোগিতামূলক প্ৰচেষ্টা আৰু সৃজনশীলতাৰ এক প্ৰমাণ। মই এই স্বীকৃতিৰ সঁচাকৈয়ে শলাগ লৈছোঁ আৰু ই মোক শৈল্পিক অভিব্যক্তিৰ পৰিধি ভাঙি নতুন দিগন্ত চুমিবলৈ অনুপ্ৰাণিত কৰিব,” অম্বৰ দাসে কয়।


২০২৩ চনৰ ১৫ ডিচেম্বৰত জ্যোতি চিত্ৰবনত অনুষ্ঠিত ৮ম ব্ৰহ্মপুত্ৰ উপত্যকা চলচ্চিত্ৰ মহোৎসৱত এক বৃহৎসংখ্যক দৰ্শকৰ সন্মুখত ছবিখনৰ প্ৰিমিয়াৰ হৈছিল। ‘জিয়া’ ১৭ মে, ২০২৪ তাৰিখে ছবিগৃহত মুক্তি পাব।


চলচ্চিত্ৰ নিৰ্মাতা হিচাপে আত্মপ্ৰকাশৰ কথা উল্লেখ কৰি শৰ্মিষ্ঠা চক্ৰৱৰ্তীয়ে কয়, "এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰাৰ মোৰ সপোন আছিল। মোৰ চৌপাশে সদায় দেখি থকা একক মাতৃসকলৰ কাহিনীৰ ওপৰত ভিত্তি কৰি এখন চিত্ৰনাট্য লিখাৰ কথা ভাবিলোঁ। তাৰ পিছত মই কেনেবাকৈ দৃশ্যগ্ৰহণৰ বাবে প্ৰয়োজনীয় হোৱা খৰচখিনি যোগাৰ কৰিলোঁ। তেনেকৈয়ে কেনি বসুমতাৰীৰ সহায়ত আৰু আমাৰ দলটোৰ নিঃস্বাৰ্থ সহযোগিতাৰে আমি এই ছবিখন নিৰ্মাণ কৰিবলৈ সক্ষম হ'লোঁ। অংগৰাগ পাপন মহন্ত, শংকুৰাজ কোঁৱৰ, মৈত্ৰেয়ী পাটৰ, চন্দনা পাঠক, ৰাজ দ্বীপ, স্বপ্ন জ্যোতি থেঙাল, ঈপ্সিতা হাজৰিকা সহিতে এই ছবিখনৰ বাবে মোক সহযোগিতা আগবঢ়োৱা প্ৰতিগৰাকীকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সংগীত ব্যৱস্থাপনা ঘৰতে বিনামূলীয়াকৈ সম্ভৱ হৈছিল। মোৰ স্বামী অম্বৰ দাসেই গীত ৰচনা কৰিছিল, প্ৰযোজনা কৰিছিল আৰু নেপথ্য সংগীত দিয়াৰ দায়িত্ব লৈছিল। সকলোৰে পৰা লাভ কৰি চৰ্তহীন মৰম আৰু সমৰ্থনৰ বাবেই এই ছবিখনৰ নিৰ্মাণ সম্ভৱ হৈছিল।"


ছবিখনৰ সংগীত দিছে অম্বৰ দাসে। আনহাতে ডি অ’ পি সূৰুজ ডেকাৰ আৰু সম্পাদনা কৰিছে ৰক্তিম ৰঞ্জন বসুমতাৰীয়ে। ‘জিয়া’ত মুখ্য অভিনেতা হিচাপে অভিনয় কৰিছে শৰ্মিষ্ঠা চক্ৰৱৰ্তী, ৰিকি শৰ্মা, ঈপ্সিতা হাজৰিকা আৰু শিশু শিল্পী আৰাধ্যা মহন্তই।


ছবিখনত থকা আন আন সহযোগী অভিনেতা-অভিনেত্ৰীসকলৰ ভিতৰত আছে- উদয়ন দুৱৰা, মনোজ বৰকটকী, পদ্মৰাগ গোস্বামী, অমিতাভ ৰাজখোৱা, মালা গোস্বামী, পৰাণী চৌধুৰী, কৌশিক ভৰদ্বাজ, সিদ্ধাৰ্থ মুখাৰ্জী, অড্ৰে হাতীবৰুৱা, আৰিফ আলী, মিন্টু বৰুৱা, প্ৰয়াস তামুলী, টুলটুল বৰুৱা, অনুষ্কা কাশ্যপ, ৰেণু দেৱী চক্ৰৱৰ্তী, অশ্ৰু মনি বৰা, বিৰিণা পাঠক চক্ৰৱৰ্তী, জয়িতা সেন, ডেইজী বৰ্মন, গায়ত্ৰী শৰ্মা, বিভাষ সিনহা, অম্বৰ দাস আৰু প্ৰত্যুষ বৰুৱা।আনহাতে, কৰ্মীদলৰ সদস্যসকলৰ ভিতৰত সহকাৰী পৰিচালক অৰিন্দম কাশ্যপ, লাইন প্ৰযোজক অনুপম বৈশ্য, প্ৰডাকচন মেনেজাৰ বিভাষ সিনহা অন্যতম। ছবিখনৰ কষ্টিউম ডিজাইন কৰিছে ঈপ্সিতা হাজৰিকাই, মেকআপ জাৰা জ্যাৰ, কালাৰ অভিষেক নাৰায়ণ শৰ্মা আৰু ৰক্তিম ৰঞ্জন বসুমতাৰীৰ আৰু পোষ্টাৰ ডিজাইন কৰিছে ধনজিৎ দাসে। 'জিয়া’ৰ সংলাপ আৰু চিত্ৰনাট্য ৰচনা কৰিছে কেনি বসুমতাৰী আৰু শৰ্মিষ্ঠা চক্ৰৱৰ্তীয়ে৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here