খেলো ইণ্ডিয়া ওমেনছ টাইকোৱাণ্ডো লীগত সাফল্য অসম কন্যা ৰক্ষা বৰুৱাৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 17 February 2024

খেলো ইণ্ডিয়া ওমেনছ টাইকোৱাণ্ডো লীগত সাফল্য অসম কন্যা ৰক্ষা বৰুৱাৰ


 

খেলো ইণ্ডিয়া ওমেনছ টাইকোৱাণ্ডো লীগত অসমক প্ৰতিনিধিত্ব কৰি ৰূপৰ পদক অৰ্জন কাহিলীপাৰাৰ মডাৰ্ণ ইংলিছ স্কুলৰ ছাত্ৰী ৰক্ষা বৰুৱাৰ।


W7s newsগুৱাহাটী, ১৭ ফেব্ৰুৱাৰী, ২০২৪: সদ্য অনুষ্ঠিত খেলো ইণ্ডিয়া ওমেনছ টাইকোৱাণ্ডো লীগত অসমক প্ৰতিনিধিত্ব কৰি সমগ্ৰ অসমৰ লগতে কাহিলীপাৰাস্থিত মডাৰ্ণ ইংলিছ স্কুললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ'ল বিদ্যালয়খনৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী ৰক্ষা বৰুৱাই। ১৬ ফেব্ৰুৱাৰীত শ্বিলঙৰ লাইটকৰৰ আছাম ৰাইফলছ দ্ৰোনাচাৰ্য্য ক্ৰীড়া কমপ্লেক্সত অনুষ্ঠিত প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰে অসম কন্যাগৰাকীয়ে।উল্লেখ্য যে, ২০২৪ চনৰ ১৪ ফেব্ৰুৱাৰীৰ পৰা ১৭ ফেব্ৰুৱাৰীলৈ শ্বিলঙত অনুষ্ঠিত হোৱা খেলো ইণ্ডিয়া ওমেনছ টাইকোৱাণ্ডো লীগৰ বাবে অসমক প্ৰতিনিধিত্ব কৰিবলৈ গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত বাছনি পৰীক্ষাৰ জৰিয়তে যোগ্যতা অৰ্জন কৰিছিল ৰক্ষা বৰুৱাই। ইফালে, ১৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত পি ভি এছ এম, এ ভি এছ এম, ৱাই এছ এম, পি এইচ ডি আৰু অসম ৰাইফলছৰ সঞ্চালক প্ৰধান লেফটেনেণ্ট জেনেৰেল পিচি নায়াৰে প্ৰতিযোগিতাখনিৰ উদ্বোধন কৰে।ৰক্ষা বৰুৱাৰ সাফল্যত আনন্দ ব্যক্ত কৰি কাহিলীপাৰাৰ পিজিটি-শাৰীৰিক শিক্ষা আৰু টাইকোৱাণ্ডো প্ৰশিক্ষক অভিজিত গগৈয়ে কয়, "খেলো ইণ্ডিয়া ওমেনছ টাইকোৱাণ্ডো লীগত ৰক্ষা বৰুৱাৰ এই সাফল্যই আমাৰ বিদ্যালয়খনৰ কৃতিত্বৰ আৰু এক নতুন অধ্যায় যোগ কৰিছে। আমাৰ ছাত্ৰ-ছাত্ৰীসকলে কেৱল শৈক্ষিকভাৱেই নহয়, ক্ৰীড়াক্ষেত্ৰতো সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱা দেখি আমি নথৈ আনন্দিত হৈছো। এই জয়লাভে সহপাঠী ছাত্ৰ-ছাত্ৰীসকলকো ক্ৰীড়াক্ষেত্রত নিজক প্ৰতিষ্ঠা কৰিবলৈ অনুপ্ৰাণিত কৰিব।"মন কৰিবলগীয়া যে, শ্বিলঙত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাখনত দেশৰ বিভিন্ন ৰাজ্যৰ প্ৰায় ৫০০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাৰ খেল পথাৰত অংশগ্ৰহণকাৰী খেলুৱৈসকলৰ ব্যতিক্ৰমী প্ৰতিভা আৰু দক্ষতা প্ৰদৰ্শিত হোৱা পৰিলক্ষিত হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here