ভোগালীৰ বতৰত বিক্ৰীৰ অভিলেখ পূৰৱী ডেইৰীৰ, দুগ্ধজাত সামগ্ৰীৰ বিক্ৰীত ২৭ শতাংশ বৃদ্ধি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 17 January 2024

ভোগালীৰ বতৰত বিক্ৰীৰ অভিলেখ পূৰৱী ডেইৰীৰ, দুগ্ধজাত সামগ্ৰীৰ বিক্ৰীত ২৭ শতাংশ বৃদ্ধি


 


W7s news,,,গুৱাহাটী,: ভোগালীৰ বতৰত গাখীৰ আৰু দুগ্ধাজাত সামগ্ৰীৰ অভূতপূৰ্ব বিক্ৰীৰে অভিলেখ গঢ়িবলৈ সক্ষম হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ দুগ্ধ সমবায় পূৰৱী ডেইৰীয়ে। মাঘ বিহুৰ সময়ছোৱাত সমবায়খনৰ বিক্ৰী অভিলেখে তেওঁলোকৰ সৈতে জড়িত দুগ্ধ পালক আৰু অংশীদাৰসকলৰ মাজত আনন্দৰ সঞ্চাৰ কৰা পৰিলক্ষিত হয়।মাঘ বিহুৰ পূৰ্বে দুগ্ধ সমবায়খনৰ গাখীৰৰ বিক্ৰীত ২০ শতাংশ বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে দুগ্ধজাত সামগ্ৰীৰ বিক্ৰীত ২৭ শতাংশ বৃদ্ধি পায়। এই উল্লেখযোগ্য বিক্ৰী পৰিসংখ্যাই পূৰৱী ডেইৰীৰ বৈচিত্ৰ্যময় সামগ্ৰীৰ প্ৰতি গ্ৰাহকৰ শক্তিশালী সমৰ্থন আৰু ভালপোৱাক পৰিস্ফুট কৰি তোলে।পূৰৱী ডেইৰী ব্ৰেণ্ডৰ আঁৰৰ সত্তা পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেড (ৱামুল)ৰ এক বিবৃতি অনুসৰি ভোগালী বিহুৰ এই সময়ছোৱাত দৈৰ বিক্ৰীত ২৮ শতাংশ বৃদ্ধি পায়। একেদৰে পূৰ্বৰ ভোগালী বিহুৰ তুলনাত ক্ৰীমৰ বিক্ৰীত ২৪ শতাংশ আৰু পনীৰৰ বিক্ৰীত ৩১ শতাংশ বৃদ্ধিয়ে দুগ্ধ সমবায়খনৰ ক্ৰমবৰ্দ্ধমান সফলতাক প্ৰতিফলিত কৰিছে।


ইফালে, অনাগত মাহত দুগ্ধ সমবায়খনে আইচক্ৰীম আৰু সোৱাদযুক্ত গাখীৰৰ প্ৰচলন কৰি নিজৰ সামগ্ৰীৰ শ্ৰেণী সম্প্ৰসাৰণ কৰিবলৈ সাজু হৈছে। দুগ্ধ সমবায়খনে কয় যে পূৰৱী সামগ্ৰীৰ প্ৰতি গ্ৰাহকৰ প্ৰেম আৰু বিশ্বাসে ৰাজ্যৰ হাজাৰ হাজাৰ দুগ্ধ পালকক উন্নত জীৱিকা প্ৰদানত অৰিহণা যোগাই আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনক  পূৰ্ণতা প্ৰদান  কৰি ৰাজ্যখনৰ কৃষকসকলক দুগ্ধ উৎপাদনৰ জৰিয়তে 'আত্মনিৰ্ভৰ’ হ’বলৈ সক্ষম কৰাৰ ক্ষেত্ৰত ৱামুলে সদায় আগভাগ লৈ আহিছে। ৱামুলৰ এগৰাকী মুখপাত্ৰই কয়, “বিক্ৰীৰ পৰিসংখ্যাত পৰ্যাপ্ত বৃদ্ধি ৰাজ্যখনৰ দুগ্ধ পালকসকলৰ বাবে এক ইতিবাচক উন্নয়ন।’’ “আমাৰ গ্ৰাহকসকলৰ এই অবিৰত সমৰ্থনে আমাক দুগ্ধ পালকসকলক বৰ্ধিত ৰাজহৰ সুযোগ প্ৰদান কৰিবলৈ সক্ষম কৰে,” মুখপাত্ৰগৰাকীয়ে লগতে কয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here