গুৱাহাটীত ডাইকিন ইণ্ডিয়াৰ নতুন কাৰ্যলয় মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 18 January 2024

গুৱাহাটীত ডাইকিন ইণ্ডিয়াৰ নতুন কাৰ্যলয় মুকলি


 

৫০ কোটি ৰাজহ সংগ্ৰহৰ পৰিকল্পনা গুৱাহাটীৰ নতুন কাৰ্যলয়ৰ পৰা

W7s news,গুৱাহাটী ১৮ জানুৱাৰী: জাপানৰ ডাইকিন এয়াৰকণ্ডিচনিং ইণ্ডিয়া প্ৰাইভেট লিমিটেড চমুকৈ ডিএআইপিএলে আজি অনুষ্ঠানিক ভাবে গুৱাহাটীৰ গণেশগুৰি আৰ জি বৰুৱা ৰোডৰ এক্সটেনচন বিল্ডিঙৰ তৃতীয় মহলাত তেওঁলোকৰ নতুন কাৰ্যালয় উদ্বোধন কৰে। এই নতুন কাৰ্যালয়টো  অসম আৰু ইয়াৰ  গ্ৰাহকসকলৰ সম্ভাৱনাৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰিব। সমগ্ৰ অসমত ডাইকিনে গ্ৰাহকৰ মাজত আত্মবিশ্বাস অৰ্জন কৰি গুণগত মানদণ্ড আৰু সুন্দৰতাৰ প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰাত গুৰুত্ব আৰোপ কৰিছে। এই নতুন চৌহদত গৃহৰ লগত জড়িত সকলো সামগ্ৰী বিক্ৰী, সেৱা, কাৰিকৰী সমৰ্থন আৰু অন্যান্য সহযোগিতা লাভ কৰিব পাৰিব। আমি অসমত ডাইকিনৰ এক সম্ভাৱ্য বজাৰ দেখিবলৈ পাইছো আৰু সেইবাবে বজাৰৰ বিকাশৰ প্ৰতি লক্ষ্য ৰাখি বিনিয়োগৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

আজি ডাইকিন সামগ্ৰীবোৰে তেওঁলোকৰ সৈতে ডাইকিন গ্লোবেলৰ শক্তিশালী প্ৰযুক্তি আনিছে যি মালিকীস্বত্বৰ কম ব্যয় প্ৰদান কৰে আৰু অতুলনীয় মানদণ্ড আৰু স্থিৰতাৰ সৈতে শীৰ্ষস্থান দখল কৰে। নতুন কাৰ্যালয়টোৱে আমাৰ অংশীদাৰসকলক ডাইকিন কৰ্মচাৰীসকলৰ সৈতে শাৰীৰিকভাৱে সাক্ষাৎ আৰু একেলগে কাম কৰাৰ অভিজ্ঞতা প্ৰদান কৰাৰ লক্ষ্যৰে আগবাঢ়ি যোৱাত সহায় কৰিব। 

  গুৱাহাটীৰ নতুন ডাইকিন কাৰ্যালয়টো উদ্বোধন কৰি ডাইকিন ইণ্ডিয়াৰ জ্যেষ্ঠ উপ সভাপতি তথা কাৰ্যকৰী সঞ্চালক কুলদ্বীপক বিৰমানিয়ে কয় যে ব্যৱসায়িক ক্ষেত্ৰখনত উৰ্ধমুখী বিকাশৰ যাত্ৰাত ভাৰতৰ প্ৰদৰ্শন লেখতবলগীয়া।নতুন ডাইকিন কাৰ্যালয়ৰ জড়িয়তে সমগ্ৰ অসমত  আক্ৰমণাত্মক পৰিকল্পনাৰে বজাৰ দখল কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। আমি আমাৰ শক্তিশালী ডিলাৰ নেটৱৰ্ক আৰু কৰ্মচাৰীৰ জৰিয়তে উচ্চ প্ৰশিক্ষিত বিক্ৰী, সেৱা আৰু তত্বাৱধানৰ নেটৱৰ্কৰ সৈতে অতুলনীয় উপভোক্তা অভিজ্ঞতা প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।" যোৱা বছৰপূব ভাৰতত ৪০ শতাংশ বৃদ্ধি পাইছে, আৰু ডাইকিন ইণ্ডিয়াই    ২০২৫ চনৰ ভিতৰত ১০০০ কোটি টকাৰ পৰা ১৫০০ কোটি টকা লৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে। যাৰ ফলত আমি বহুতো নতুন সামগ্ৰী মুকলি কৰাৰ লগতে  আমাৰ ডিলাৰ নেটৱৰ্ক ব্যাপকভাৱে বৃদ্ধি কৰিবলৈ প্ৰেৰণা যোগাব। শক্তিশালী আন্তঃগাঁথনি আৰু গৃহ নিৰ্মাণৰ সৈতে, আমি স্মাৰ্ট আৰু শক্তি দক্ষ শীতাতপ নিয়ন্ত্ৰণ সমাধানৰ উচ্চ চাহিদা প্ৰত্যক্ষ কৰিছো। আমি অহা ১২ মাহত বজাৰৰ অংশ সুৰক্ষিত কৰিবলৈ সমগ্ৰ অসমত বৃহৎ বিপণন আৰু প্ৰচাৰত বিনিয়োগ কৰাৰ পৰিকল্পনা হাতত লোৱা হৈছে। 

ডাইকিন ইণ্ডিয়াই শেহতীয়াকৈ অন্ধ্ৰ প্ৰদেশৰ শ্ৰী চহৰত ৭৫.৫ একৰ বিস্তৃত এলেকাত ইয়াৰ নতুন সুবিধা কাৰ্যকৰী কৰিছে, যি উৎকৃষ্টতা আৰু উদ্ভাৱনৰ বাবে  প্ৰতিশ্ৰুতি পূৰণৰ ক্ষেত্ৰত নিশ্চয়তা প্ৰদান কৰিব। ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় ব্যৱহাৰৰ বাবে ভাৰতত নিৰ্মাণ কৰা অত্যাধুনিক শীতাতপ নিয়ন্ত্ৰিত সামগ্ৰীৰ বৰ্ধিত চাহিদা পূৰণ কৰাৰ ব্যৱস্থা হাতত লোৱা হৈছে।  উল্লেখযোগ্যভাৱে এয়াৰ কণ্ডিচনিং শ্ৰেণীৰ প্ৰডাকচন লিংকড ইনচেণ্টিভ (পিএলআই) কাৰ্যসূচীৰ মুখ্য বিনিয়োগকাৰী হিচাবে ডাইকিনক  চৰকাৰে এয়াৰ কণ্ডিচনৰ ঘৰুৱা উৎপাদনত উদগনি  যোগাইছে। কুলদ্বীপক বিৰমানিয়েকে  কয় যে ডাইকিনৰ নতুন সামগ্ৰী উৎপাদনৰ বাণিজ্যিকৰণ ক্ষেত্ৰত "শ্ৰী চহৰত নিৰ্মাণ কৰা নতুন   কাৰখানাই বিশেষ ভূমিকা পালন কৰিছে। এই সুবিধাই কেৱল আমাৰ উৎপাদন ক্ষমতা বৃদ্ধি নকৰে লগতে অঞ্চলটোত শক্তি-দক্ষ আৰু বহনক্ষম এইচভিএচি সমাধানত অগ্রণী ভূমিকা পালন কৰিব। এই কাৰখানাৰ জৰিয়তে ডাইকিনৰ উৎপাদন ক্ষমতা যথেষ্ট বৃদ্ধি পাইছে আৰু যি ভাৰতত বিকাশৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতি অধিক দৃঢ় কৰে। এই সম্প্ৰসাৰণে আমাৰ যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ মুহূৰ্ত চিহ্নিত কৰে, যি দেশত ডাইকিনৰ নিৰন্তৰ সফলতাত এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব আৰু পাৰস্পৰিক সফলতা প্ৰদান কৰা দীৰ্ঘম্যাদী অংশীদাৰীত্ব কঢ়িয়াই আনিব নতুন প্ৰকল্পটো শেহতীয়া প্ৰযুক্তিৰে সজ্জিত আৰু মানদণ্ড আৰু স্থিৰতাৰ বাবে ডাইকিনৰ উচ্চ মানদণ্ড অনুসৰণ কৰে।  উৎপাদন প্ৰক্ৰিয়াবোৰ সুশৃংখল কৰাৰ বাবে এই সুবিধা প্ৰস্তুত কৰা হৈছে। সমগ্ৰ ভাৰত আৰু তাৰ বাহিৰৰ গ্ৰাহকসকলক ডাইকিনৰ প্ৰসিদ্ধ সামগ্ৰীবোৰ সময়মতে বিতৰণ কৰাটো নিশ্চিত কৰিছে। কোম্পানীটোৱে ২০২২ চনৰ এপ্ৰিলত সেই স্থানত আধাৰশিলা স্থাপন কৰিছিল আৰু নিৰ্মাণ আৰু স্থাপনসমূহ দ্ৰুত গতিত আৰু সময়ৰ আগতে সম্পূৰ্ণ কৰিছে। স্থিৰতা আৰু পাৰিপাৰ্শ্বিকতাৰ প্ৰতি  দায়বদ্ধতা থকা ডাইকিন  প্ৰতিশ্ৰুতি পুৰণত গুৰুত্ব আৰোপ কৰি আহিছে আৰু এই অত্যাধুনিক কাৰখানাটোৱে ২০৫০ চনৰ ভিতৰত নেট জিৰো গ্ৰীণহাউচ গেছ নিৰ্গমন প্ৰাপ্ত কৰাৰ আকাংক্ষা কৰিছে ডাইকিনে। এই সুবিধাটো পশ্চিম আফ্ৰিকা, শ্ৰীলংকা, ভূটান, নেপাল, বাংলাদেশ, মধ্য প্ৰাচ্য, দক্ষিণ আমেৰিকা আৰু পূব আফ্ৰিকাৰ বজাৰৰ বাবে জলবায়ু-অনুকূল শীতাতপ নিয়ন্ত্ৰণ সমাধানৰ বিকাশৰ বাবে সমৰ্পিত।

ডাইকিন বিশ্বৰ এক নম্বৰ শীতাতপ নিয়ন্ত্ৰণ কোম্পানী । স্কিল আফ্ৰিকা উদ্যোগৰ অংশ হিচাপে গুৱাহাটীৰ জৰ্জ টেলিগ্ৰাফ প্ৰশিক্ষণ প্ৰতিষ্ঠানটো এয়াৰ কণ্ডিচনিং আৰু এইচভিএচি পৰীক্ষাগাৰৰ মান্যতা প্ৰদান কৰা হৈছে। ডাইকিন চেণ্টাৰ অফ এক্সেলেন্স (চিঅই) নামেৰে জনাজাত এই সুবিধাবোৰ আন প্ৰতিষ্ঠানলৈ সম্প্ৰসাৰিত কৰা হ'ব আৰু শিক্ষানুষ্ঠানসমূহৰ সৈতে এই সহযোগিতামূলক সম্পৰ্কে শিক্ষাৰ্থীসকলক নতুন প্ৰযুক্তিবিদ্যাত আন্তঃৰাষ্ট্ৰীয় মানদণ্ড অনুসৰি দক্ষতা বিকাশৰ বাবে এক মঞ্চ প্ৰদান কৰিব।  

তেওঁলোকৰ নিয়োগযোগ্যতা উন্নত কৰাত সহায় কৰিব। ডাইকিনৰ দ্বাৰা সমৰ্থিত চিও.ই.বোৰ বহুতো ডাইকিন প্ৰযুক্তি, কাৰ্যকৰী মডেল, সাহিত্য আৰু অধ্যয়ন সামগ্ৰীৰ সৈতে শক্তিশালী কৰা হয়।ডাইইকিন ইণ্ডিয়াৰ আঞ্চলিক সঞ্চালক  কুনাল বসুৱে কয় যে এই অংশীদাৰিত্বৰ উদ্দেশ্য হৈছে শীতাতাপ নিয়ন্ত্ৰণৰ প্ৰশিক্ষণক আন্তঃৰাষ্ট্ৰীয় মানদণ্ডলৈ উন্নীত কৰা। আমি ডাইকিনৰ প্ৰযুক্তি আৰু মানদণ্ডৰ উৎকৃষ্টতাৰ দিশত প্ৰতিশ্ৰুতিবদ্ধ আৰু এই পদক্ষেপে এই শিক্ষাৰ্থীসকলক তেওঁলোকৰ দক্ষতা বৃদ্ধি কৰিবলৈ আৰু শীতাতপ নিয়ন্ত্ৰণত বিশ্বমানৰ প্ৰশিক্ষণ প্ৰাপ্ত কৰাৰ বাবে এক মঞ্চ প্ৰদান কৰিব। দক্ষতা বিকাশ আৰু যুৱ নিবনুৱাক ভাৰতত প্ৰত্যাহ্বান হিচাপে চিনাক্ত কৰাৰ পিছত, দক্ষতাৰ মাধ্যমৰ বিকাশৰ বাবে চৰকাৰী আৰু ব্যক্তিগত শিক্ষানুষ্ঠানসমূহৰ সৈতে ডাইকিন সন্মুখৰ নেতৃত্ব দিব  যাৰ ফলত ভাৰতৰ যুৱপ্ৰজন্মই লাভ কৰিব নিয়োগৰ সুবিধা। ডাইকিনে সমগ্ৰ ভাৰতৰ সকলো চি অ ইৰ সৈতে  প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব আৰু যোগ্য শিক্ষাৰ্থীসকলক ডাইকিন অথবা আন প্ৰতিষ্ঠান বিষেককৈ  ইণ্টাৰ্নশ্বিপ, লাইভ প্ৰকল্পত নিযুক্তি প্ৰদান কৰা হব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here