W7s newsগুৱাহাটী,: সদ্যঘোষিত এ পি এছ চি- চি চি ই ২০২২ পৰীক্ষাৰ ফলাফলত ১০৫ গৰাকী শিক্ষাৰ্থীৰ সাফল্যৰে উজ্বলি উঠিছে চাণক্য আই এ এছ একাডেমী। ফাউণ্ডেশ্যন গোটৰ শিক্ষাৰ্থী বিভূতি সন্দিকৈয়ে এচিএছত পঞ্চম স্থান দখল কৰাৰ লগতে অৰুণাভ বৰকটকীয়ে এচিএছত ষষ্ঠ স্থান দখল কৰি একাডেমীখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।ফলাফল ঘোষণাৰ পিছতে বিভূতি সন্দিকৈয়ে চাণক্য আই এ এছ একাডেমীৰ নিৰন্তৰ পথ প্ৰদৰ্শন আৰু সহায়ৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। লগতে এ পি এছ চিত তেওঁৰ সাফল্যৰ যাত্ৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি একাডেমীখনে আগবঢ়াই অহা প্ৰেৰণা আৰু নিৰ্দেশনাৰ প্ৰ্তিও তেওঁ কৃতজ্ঞতা প্ৰকাশ কৰে!চাণক্য আই এ এছ একাডেমীৰ উত্তৰ-পূব ভাৰতৰ সঞ্চালিকা কুৰংগনয়নী চেতিয়াই একাডেমীখনৰ ফলাফলক লৈ আনন্দ প্ৰকাশ কৰে। তেওঁ কয় যে, অসামৰিক সেৱাৰ পৰীক্ষাত একাডেমীখনৰ ধাৰাবাহিক সফলতাৰ আঁৰৰ মূল উপাদান হৈছে প্ৰস্তুতিৰ দিশত একাডেমীখনে গ্ৰহণ কৰা ৩৬০ ডিগ্ৰী পন্থা। এই সামগ্ৰিক কৌশলে প্ৰত্যাহ্বানমূলক অসামৰিক সেৱাৰ পৰীক্ষাত একাডেমীৰ প্ৰাৰ্থীসকলৰ সামগ্ৰিক কৃতিত্বত যথেষ্ট অৰিহণা যোগায় বুলি মন্তব্য কৰে সঞ্চালক কুৰংগনয়নী চেতিয়াই।
Post Top Ad
Responsive Ads Here
Sunday, 21 January 2024
Home
-গুৱাহাটী
এপিএছচি চিচিই ২০২২ত চাণক্য আই এ এছ একাডেমীৰ শিক্ষাৰ্থীৰ কৃতিত্ব, বিভূতি সন্দিকৈৰ এচিএছত পঞ্চম স্থান দখল
এপিএছচি চিচিই ২০২২ত চাণক্য আই এ এছ একাডেমীৰ শিক্ষাৰ্থীৰ কৃতিত্ব, বিভূতি সন্দিকৈৰ এচিএছত পঞ্চম স্থান দখল
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment