অমৰনাথ বণিক : উত্তৰ-পূব ভাৰতত এমাজনৰ ট্ৰাকিং পাৰ্টনাৰ হিচাপে চালনাৰ সফলতা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 12 January 2024

অমৰনাথ বণিক : উত্তৰ-পূব ভাৰতত এমাজনৰ ট্ৰাকিং পাৰ্টনাৰ হিচাপে চালনাৰ সফলতা


 অমৰনাথ বণিক : উত্তৰ-পূব ভাৰতত এমাজনৰ ট্ৰাকিং পাৰ্টনাৰ হিচাপে চালনাৰ সফলতা



W7s news,,উত্তৰ-পূব ভাৰতৰ ঠেক ভূখণ্ডই ট্ৰাক চালকসকলৰ বাবে বহু প্ৰত্যাহ্বানৰ সৃষ্টি কৰে যদিও অৰ্থনৈতিক  সুযোগেৰেও অঞ্চলটো ভৰি আছে। বিভিন্ন পটভূমিৰ উদ্যোগীসকলে ই-বাণিজ্য আৰু যোগান উদ্যোগৰ ক্ৰমবৰ্ধমান প্ৰয়োজন পূৰণৰ বাবে কাম আৰম্ভ কৰিছে, লগতে ক্ৰমান্বয়ে শক্তিশালী পৰিবহণ শৃংখলৰ পথ প্ৰশস্ত কৰিছে। তেনে এজন উদ্যমী হৈছে গুৱাহাটীৰ ৩৮ বছৰীয়া অমৰনাথ বানিক। এমাজনৰ ট্ৰাকিং সহযোগী আঁচনিৰ সৈতে তেওঁৰ যাত্ৰাই কেৱল পৰিয়ালৰ ট্ৰাকৰ ব্যৱসায়ক ৰূপান্তৰিত কৰাই নহয়, নিজৰ প্ৰতিষ্ঠানক অঞ্চলটোৰ অনন্য ভৌগোলিক আৰু আন্তঃগাঁথনিগত প্ৰত্যাহ্বানসমূহ অতিক্ৰমৰ দিশত সুনাম অৰ্জন কৰাত সহায় কৰিছে৷ ফলত তেওঁলোক এক আদৰ্শ অংশীদাৰ হৈ পৰিছে।


 

১৯৮৪ চনত পৰিয়ালে  আৰম্ভ কৰা সফল ট্ৰাক ব্যৱসায়ৰ পৰিৱেশে কম বয়সতে প্ৰশস্ত কৰি তুলিছিল অমৰনাথৰ উদ্যোগীকৰণৰ যাত্ৰা৷ ২০০৬ চনত তেওঁ পিতৃৰ ব্যৱসায়ত যোগদান কৰে আৰু ২০১৫ চনলৈকে কেবাটাও ই-বাণিজ্য প্ৰতিষ্ঠানৰে শক্তিশালী সহযোগিতা স্থাপন কৰিছিল৷ যি ক্ৰমবৰ্ধিত অনলাইন খুচুৰা খণ্ডৰ সম্ভাৱনাক প্ৰতিফলিত কৰিছিল৷ ২০১৯ চনত যেতিয়া অমৰনাথে এমাজনৰ ট্ৰাকিং পাৰ্টনাৰ প্ৰগ্ৰেমৰ বিষয়ে জানিব পাৰিছিল তেতিয়াই সূচনা হৈছিল টাৰ্নিং পইণ্টৰ৷ব্যৱসায় সম্প্ৰসাৰণৰ বাবে তেওঁ এমাজনৰ সৈতে অংশীদাৰিত্ব কৰিছিল, ৫০খন ট্ৰাক আৰু ৬০জন চালকৰ সৈতে আৰম্ভ কৰিছিল কাৰ্যাৱলী। কিছুবছৰৰ পিছতে এই ব্যৱসায়ে ২০০ ট্ৰাকৰো অধিক সম্পদ আৰু ২৫০ জনতকৈ অধিক চালকৰ নিষ্ঠাবান দল হিচাপে গৌৰৱান্বিত হৈ পৰিছিল৷ তিনিটা প্ৰতিষ্ঠিত পথত কৰ্মৰত লজিষ্টিক শৃংখলে সমগ্ৰ উত্তৰ-পূবক সামৰি লৈছে৷ গুৱাহাটী, তিনিচুকীয়া, শ্বিলং আৰু ক’হিমা আদি ১৩খন চহৰক সামৰি লৈছে। এই অংশীদাৰিত্বই লজিষ্টিক প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰি আৰু ক্ষুদ্ৰ-মজলীয়া উদ্যোগসমূহক তেওঁলোকৰ ব্যৱসায়ত লাভৱান হ’বলৈ এক শক্তিশালী মঞ্চ প্ৰদান কৰি স্থানীয় ব্যৱসায়সমূহক সমৰ্থন কৰাৰ প্ৰতিশ্ৰুতিকো পুনৰ সুদৃঢ় কৰিছে৷এমাজন ইণ্ডিয়াৰ অভিযানৰ উপাধ্যক্ষ অভিনৱ সিঙে কয়- “এমাজনৰ ট্ৰাকিং অংশীদাৰ হিচাপে অমৰনাথৰ উল্লেখনীয় যাত্ৰা আমাৰ জাতিৰ অগ্ৰগতিক ইন্ধন যোগোৱা উদ্যোগীকৰণৰ মনোভাৱৰ উৎকৃষ্ট উদাহৰণ। তেওঁ কেৱল নিজৰ পৰিয়ালৰ ব্যৱসায়েই নহয়, অঞ্চলটোৰ লজিষ্টিক পৰিৱেশকো ৰূপান্তৰিত কৰিছে৷ উত্তৰ-পূব ভাৰতৰ বহু ঠাইত গ্ৰাহকক নিৰৱচ্ছিন্ন ডেলিভাৰীৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাত এমাজনক সক্ষম কৰিছে।”

 

এমাজনৰ সৈতে পৰিৱৰ্তনশীল অংশীদাৰিত্বৰ ব্যাখ্যাৰে অমৰনাথ পৰিবহণৰ সঞ্চালক অমৰনাথ বণিকে কয়- "এমাজনৰ ট্ৰাকিং আঁচনিৰ অংশ হোৱাৰ বাবে মোৰ ব্যৱসায় বৃদ্ধি হোৱাই নহয়, অতুলনীয় সুযোগো প্ৰদান কৰিছে৷ তেওঁলোকৰ সমৰ্থনে মোক মোৰ ব্যৱসায় দ্ৰুতগতিত বৃদ্ধি কৰিবলৈ সক্ষম কৰিছে৷ এমাজনে মোক প্ৰযুক্তি-চালিত সামগ্ৰী আৰু মূল্য সংযোজিত সেৱা (VAS)ৰ বহুমুখী পৰিসৰ প্ৰদান কৰিছে, ফলত মোৰ ব্যৱসায়ৰ সম্প্ৰসাৰণত যথেষ্ট সুযোগৰ সৃষ্টি হৈছে৷’’

 উত্তৰ-পূব অঞ্চলটোৰ মাজেৰে চলাচল কৰিলে ভূমিস্খলন আৰু বাৰিষা প্ৰচণ্ড বৰষুণকে ধৰি কেইবাটাও প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হয়। এই অসুবিধাসমূহ বিশেষকৈ প্ৰধান ঋতু বা প্ৰাইম ডে’ আৰু গ্ৰেট ইণ্ডিয়া ফেষ্টিভেলৰ দৰে অনুষ্ঠানৰ সময়ত স্পষ্ট হৈ পৰে, যেতিয়া অৰ্ডাৰৰ চাহিদা বৃদ্ধি পায়। কিন্তু এমাজনৰ ট্ৰাকিং অংশীদাৰসকলে স্থানীয় সম্পৰ্ক, দক্ষ চালক আৰু শক্তিশালী আকস্মিক পৰিকল্পনাৰ জৰিয়তে দৈনন্দিন প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰে। অমৰনাথে বিকল্প পথ, নিয়মীয়া স্বাস্থ্য পৰীক্ষা আৰু বিস্তৃত দুৰ্ঘটনা বীমাৰ দ্বাৰা চালকৰ সুৰক্ষা নিশ্চিত কৰে৷ যি চালকৰ সুৰক্ষাৰ প্ৰতি নিজৰ অটল প্ৰতিশ্ৰুতি প্ৰদৰ্শন কৰে। এমাজনৰ প্ৰযুক্তিৰ শৃংখলৰ বিষয়ে তেওঁৰ গভীৰ বুজাবুজি আছে। উদাহৰণস্বৰূপে তেওঁ ৰিলে এপ (কেৰিয়াৰৰ বাবে ৰিলে আৰু ড্ৰাইভাৰৰ বাবে ৰিলে) ব্যৱহাৰ কৰে। কেৰিয়াৰৰ বাবে ৰিলেই তেওঁৰ সকলো ভ্ৰমণ আৰু প্ৰদৰ্শনত বাস্তৱ সময়ত দৃশ্যমান সুযোগ প্ৰদান কৰে। ড্ৰাইভাৰসমূহৰ বাবে ৰিলেই আকস্মিকতাৰ সময়ত চেক-ইন, চেক-আউট আৰু বাস্তৱ-সময়ৰ যোগাযোগৰ ষ্ট্ৰীমলাইন কৰে, তাৎক্ষণিক সমৰ্থন সুনিশ্চিত কৰে। অমৰনাথৰ শক্তি তেওঁৰ পেছাদাৰী সফলতাৰ বাহিৰলৈও বিস্তৃত আৰু তেওঁৰ পৰিয়ালৰ ভিতৰতে সেয়া নিহিত হৈ আছে। তেওঁৰ পত্নীয়ে কোম্পানীটোৰ বিত্তীয় কাম-কাজ দক্ষতাৰে চম্ভালিছে, যি তেওঁলোকৰ ভাগ-বতৰা কৰা উদ্যোগীকৰণ যাত্ৰাত অধিক যোগ দিয়ে। এমাজনৰ জৰিয়তে অমৰনাথে নতুন ভূখণ্ডৰ পথ প্ৰদৰ্শক, উদ্যোগীকৰণত দৃঢ়তা, সহযোগিতা আৰু প্ৰযুক্তিৰ সীমাহীন সম্ভাৱনাক সামৰি লৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here