অসমৰ পৰা ব্যৱসায়িক কাম-কাজ আৰম্ভ কৰিব ইণ্ডো পেট্ৰ’লিয়াম মাৰ্কেটিঙে - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 11 January 2024

অসমৰ পৰা ব্যৱসায়িক কাম-কাজ আৰম্ভ কৰিব ইণ্ডো পেট্ৰ’লিয়াম মাৰ্কেটিঙে

 


W7s news গুৱাহাটী:  ইণ্ডো পেট্ৰলিয়াম মাৰ্কেটিং বা আই পি এম হৈছে দিল্লী ভিত্তিক এটা ষ্টাৰ্ট-আপ প্ৰতিষ্ঠান, যিয়ে পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ (‘মন্ত্ৰালয়’) ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ  (ষ্টাৰ্ট-আপকে ধৰি) বাবে আগবঢ়োৱা পৰিবহণ ইন্ধন বিপণন অনুমোদন প্ৰদানৰ সংশোধিত নীতিৰ অধীনত ২০১৯ চনৰ ৮ নৱেম্বৰত ইয়াৰ ৰিজ’লিউচন নং পি-১২০২৯(১১)/২/২০১৮-অ’এমচি-পিএনজি অনুসৰি পৰিবহণ ইন্ধনৰ খুচুৰা বিপণনৰ অনুমোদন লাভ কৰিছে। “ষ্টাৰ্ট-আপ সংস্কৃতিৰ প্ৰতি উৎসাহিত কৰা আৰু ভাৰতত উদ্ভাৱন আৰু উদ্যোগীকৰণৰ বাবে এক শক্তিশালী আৰু সৰ্বাংগীন পৰিৱেশ তন্ত্ৰ গঢ়ি তোলা” ৰ উদ্দেশ্যেৰে দেশৰ প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীৰ ফ্লেগশ্বিপ 'ষ্টাৰ্ট-আপ ইণ্ডিয়া’ পদক্ষেপৰ মূল উদ্দেশ্যসমূহক উপলব্ধি কৰিব পৰাকৈ মন্ত্ৰ্যালয়ে এই সংশোধিত নীতি প্ৰস্তুত কৰিছে।প্ৰথম ষ্টাৰ্ট-আপ অ’ এম চি: এই বিপণন অনুমোদনে আই পি এমক ইণ্ডিয়ান অইল, ভাৰত পেট্ৰলিয়াম, হিন্দুস্তান পেট্ৰলিয়াম আৰু ৰিলায়েন্স, নায়াৰা আৰু শ্বেলৰ দৰে ব্যক্তিগত খণ্ডৰ অ’ এম চিৰ দৰে  অইল মাৰ্কেটিং কোম্পানী (অ’এমচি)ৰ মৰ্যাদা প্ৰদান কৰিছে। ইন্ধনৰ খুচুৰা ব্যৱসায় পৰিচালনা কৰিবলৈ আই পি এমে সমগ্ৰ দেশতে খুচুৰা বিপণী (পেট্ৰল পাম্প) স্থাপন কৰিব । প্ৰথম পৰ্যায়ত মন্ত্ৰালয়ে আই পি এমক ৫ বছৰৰ ভিতৰত ১০০টা আউটলেট স্থাপনৰ অনুমতি প্ৰদান কৰিছে। দৰাচলতে আই পি এম হৈছে এনে ব্যৱসায় আৰম্ভ কৰা মন্ত্ৰালয়ৰদ্বাৰা  অনুমোদন লাভ কৰা প্ৰথমটো ষ্টাৰ্ট-আপ ব্যক্তিগত অ’ এম চি ।

ৰিফিউল...ৰিচাৰ্জ...ৰিফ্ৰেশ্ব: ইয়াৰ ‘ৰিফিউল...ৰিচাৰ্জ...ৰিফ্ৰেছ’ টেগলাইনৰ সৈতে আই পি এমে তৈল বিপণন খণ্ডত ‘সতেজ বতাহৰ উশাহ’ৰ দৰে হোৱাৰ প্ৰস্তাৱ আগবঢ়াইছে। সকলো আই পি এম খুচুৰা বিপণীতে ইন্ধন বিক্ৰীৰ সুবিধা, চি এন জি বা বায়’ ডিজেলৰ দৰে এটা নতুন যুগৰ, পৰিৱেশ অনুকূল ‘সেউজ ইন্ধন বিকল্প’ আৰু/বা বৈদ্যুতিক বাহনৰ ‘বেটাৰী ব্যৱস্থাপনা’ বিকল্প থাকিব। ইন্ধন/শক্তিৰ বিকল্পৰ উপৰিও আই পি এম আউটলেটসমূহত মানুহ আৰু যন্ত্ৰ দুয়োটাই সজীৱ হোৱাৰ আশা কৰিব পৰাকৈ গ্ৰাহকৰ সুবিধাজনক বিকল্পসমূহ সজ্জিত কৰাৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। তদুপৰি সকলো আই পি এম আউটলেটে এতিয়ালৈকে অনভিজ্ঞ স্তৰৰ প্ৰযুক্তি আৰু উদ্ভাৱন-চালিত গ্ৰাহক অভিজ্ঞতা প্ৰদান কৰিব।আই পি এমে জ্যেষ্ঠ অ’ এম চি পৰ্যায়ত কৌশলগত বিপণন আৰু ব্যৱসায় বিকাশৰ অভিজ্ঞতাত আউটলেট-পৰ্যায়, হেণ্ড-অন অভিজ্ঞতাৰ লগতে তেল বিপণনত গভীৰ অভিজ্ঞতাৰ সৈতে তৈল খণ্ডৰ অভিজ্ঞ পেছাদাৰীসকলক অন্তৰ্ভুক্ত কৰিছে। ইয়াৰ উপৰিও আই পি এম প্ৰমোটাৰসকলৰ আতিথ্য খণ্ড আৰু প্ৰযুক্তিৰ ক্ষেত্ৰতো বিস্তৃত ব্যৱসায়িক অভিজ্ঞতা আছে।

অসমৰ বাবে কেইটামান উল্লেখযোগ্য ‘প্ৰথম’ : উপৰোক্ত নীতিগত পদক্ষেপ অনুসৰি অসমৰ নুমলীগড় শোধনাগাৰ লিমিটেড (এন আৰ এল) হৈছে দেশৰ ভিতৰতে প্ৰথম তেল যোগানকাৰী, যিয়ে এনে নতুনকৈ অনুমোদিত ব্যক্তিগত অ’ এম চিক ইন্ধন যোগানৰ বাবে ইন্ধন বিক্ৰী/ক্ৰয় চুক্তিত সক্ৰিয়ভাৱে স্বাক্ষৰ কৰিছে। লগতে জিলা পৰ্যায়ত এনে ব্যক্তিগত অ’ এম চি সৃষ্টি সম্পৰ্কীয় বাৰ্তা সক্ৰিয়ভাৱে প্ৰচাৰ কৰা আৰু জিলাসমূহক এনে ব্যক্তিগত অ’ এম চিৰ দ্বাৰা খুচুৰা বিপণী উন্নয়নৰ বাবে উপযুক্ত চৰকাৰী স্থান উপলব্ধ কৰাৰ সম্ভাৱনাক পৰ্যবেক্ষণ কৰিবলৈ পৰামৰ্শ আগবঢ়োৱা দেশৰ প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হৈছে অসম। তৃতীয়তে, আই পি এম হৈছে অসম ৰাজ্যৰ পৰা সৰ্বভাৰতীয় কাম-কাজ আৰম্ভ কৰা প্ৰথমটো ব্যক্তিগত খণ্ডৰ অ’ এম চি।ৰঙা নদী আৰু নীলা পাহাৰৰ ভূমিঃ আজিৰ অসমৰ  উদ্যোগ, লজিষ্টিক আৰু আন্তঃগাঁথনিৰ ‘সমৃদ্ধিশালী হাব’ৰ পৰা যাত্ৰা আৰম্ভ কৰিবলৈ আগ্ৰহেৰে বাট চাই আছে আই পি এমে। বিশিষ্ট স্থানত আউটলেটৰ উপৰিও আই পি এমে অসমৰ দুৰ্গম অঞ্চলত আউটলেট স্থাপন কৰিও নিজৰ ‘দুৰ্গম অঞ্চল’ৰ বাধ্যবাধকতা পালন কৰিব, যিয়ে আন্তঃগাঁথনিগত আৰু লজিষ্টিক প্ৰসাৰ সাধন কৰিব, উদ্যোগীকৰণৰ বিকাশৰ প্ৰসাৰ ঘটাব (মহিলা উদ্যোগীসকলৰ ওপৰত গুৰুত্ব দিয়াকে ধৰি) আৰু প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে কৰ্মসংস্থাপনৰ সৃষ্টি কৰিব চৰকাৰী পৰ্যায়ত সহায় আৰু পথ প্ৰদৰ্শন, অন্য সংস্থাৰ সহযোগিতা আৰু অসমবাসীৰ শুভকামনাৰে আমি আশাৰে আগবাঢ়িছো। গতিকে “দিল হুম হুম কৰে”....হয়, উত্তেজনা আৰু প্ৰত্যাশাৰে, কিন্তু শংকিতও হওঁ...নিশ্চিতভাৱে নহয়, কাৰণ আমি মা কামাখ্যাৰ পবিত্ৰ ভূমিৰ পৰা যাত্ৰা আৰম্ভ কৰিছো।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here