যোৱা ২০২৩ বৰ্ষৰ ৩১ ডিচেম্বৰ তাৰিখে ডাঃ কন্দৰ্প কুমাৰ দাস স্মাৰক ছোৱালী হাইস্কুলৰ প্ৰাক্তন ছাত্ৰী সন্মিলন উদযাপন কৰা হয় । ৰাতিপুৱা ১০ বজাত বিদ্যালয় প্ৰাংগণত পতাকা উত্তোলনেৰে অনুষ্ঠানটো আৰম্ভ কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক গুণীন্দ্ৰ নাথ ওজা দেৱ।
১০.৩০ বজাত প্ৰাক্তন ছাত্ৰীসকলৰ নাম পঞ্জীয়ন আৰু দুপৰীয়া ১২ বজাত অন্তৰংগ আলাপেৰে অনুষ্ঠানটো আগবঢ়াই নিয়ে বিদ্যালয়ৰ প্ৰাক্তন শিক্ষয়িত্ৰী চিত্ৰলেখা দাস চৌধুৰীয়ে..
এই অনুষ্ঠানত প্ৰাক্তন শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে প্ৰাক্তন ছাত্ৰী সকলে অতীত মন্থন কৰি দিয়া আবেগিক ভাষণত পৰিৱেশ আবেগিক কৰি তোলে।
১৯৭০ চনত স্থাপিত এই বিদ্যালয় খনে ইতিমধ্যে সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিছে।
প্ৰথমে বিদ্যালয়খনে এম,ই শাখাৰ পাঠদান গোপীনাথ বৰদলৈ স্মাৰক হাই স্কুলৰ এটা কোঠাৰ পৰা আৰম্ভ কৰিছিল।
১৯৭১ চনত বৰপেটা জিলাৰ বৰপেটা ৰোডৰ স্থানীয় বাসিন্দা স্বৰ্গীয় ডাঃ কন্দৰ্প কুমাৰ দাসৰ পত্নী স্বৰ্গীয় সৰস্বতী বালা দাসে তেওঁৰ স্বৰ্গীয় স্বামীৰ স্মৃতিত বিদ্যালয় খন নিৰ্মাণ কৰাইছিল।
বিদ্যালয় খন উদ্ধোধন কৰিছিল সেই সময়ৰ অসমৰ মুখ্যমন্ত্ৰী মহেন্দ্ৰ মোহন চৌধুৰী আৰু সেই সময়ৰ বৰপেটা ৰোডৰ পৌৰপতি মোহন লাল চৌধুৰী দেৱে..
বিদ্যালয় খনৰ প্ৰথম প্ৰধান শিক্ষক হিচাপে দায়িত্বত আছিল স্বর্গীয় হৰেশ্বৰ তালুকদাৰ..
১৯৭৯ চনত এম,ই শাখা প্ৰদেশীকৃত হয় আৰু ফায়জুল ৰহমান দেৱক প্রধান শিক্ষকৰ দায়িত্ব ভাৰ দিয়া হয়।
১৯৮৫ চনত হাই স্কুল শাখা প্ৰদেশীকৃত হয় আৰু প্ৰধান শিক্ষক হিচাপে দায়িত্বত লৈছিল ভূমিধৰ দাসে।
১৯৯৭ চনত এম,ই আৰু হাই শাখা একত্ৰিকৰণ হয়।
এম,ই শাখাৰ প্ৰধান শিক্ষক হিচাপে ফায়জুল ৰহমান আৰু হাইস্কুল শাখাৰ শশী মোহন চৌধুৰী দেবে প্ৰধান শিক্ষক ৰূপে দায়িত্ব পালন কৰে।
বৰ্তমান ৫৩৯ গৰাকী ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰি থকা বিদ্যালয় খনৰ প্রধান শিক্ষকৰ দায়িত্বভাৰত আছে গুণীন্দ্ৰ নাথ ওজা। তেখেত ২০২৩ বৰ্ষৰ অসম ৰাজ্যিক কৃতি শিক্ষক বঁটাৰে পুৰস্কৃত।
No comments:
Post a Comment