২০২৩ৰ বাবে অভূতপূৰ্ব সংস্থাপনমূলক ফলাফল অৰ্জন মুম্বাইৰ ইউনিভাৰ্চেল বিজনেছ স্কুলৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 18 December 2023

২০২৩ৰ বাবে অভূতপূৰ্ব সংস্থাপনমূলক ফলাফল অৰ্জন মুম্বাইৰ ইউনিভাৰ্চেল বিজনেছ স্কুলৰ


 


আন্তঃৰাষ্ট্ৰীয় নিযুক্তিৰ ক্ষেত্ৰত সৰ্বোচ্চ দৰমহা ৪২.৩২ লাখ টকা, ভাৰতত নিযুক্তিৰ ক্ষেত্ৰত ২২ লাখ টকা


১৪টা আন্তঃৰাষ্ট্ৰীয় অফাৰ; গড় দৰমহা ১৫.৩১ লাখ টকা


W7s news,,,,গুৱাহাটী, ১৯ ডিচেম্বৰ, ২০২৩: আমেৰিকাত বছৰি ৪২.৩৩ লাখ টকা আৰু ভাৰতত বছৰি ২২ লাখ টকাৰ সৰ্বোচ্চ পেকেজেৰে ২০২৩ চনত এক উল্লেখযোগ্য সংস্থাপনমূলক ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে মুম্বাইস্থিত ইউনিভাৰ্চেল বিজনেছ স্কুল (ইউবিএছ)ৰ স্নাতকোত্তৰ শাখাৰ শিক্ষাৰ্থীসকলে৷ ৬০ গৰাকী চি ই অ’ৰ সহায়ত ঘনিষ্ঠ কৰ্প’ৰেট সম্পৰ্ক আৰু উদ্যোগৰ শক্তিশালী সমৰ্থনৰ জৰিয়তে ইউ বি এছে মুঠ ২২৯টা কোম্পানীক চূড়ান্ত সংস্থাপন আৰু গ্ৰীষ্মকালীন ইন্টাৰ্ণশ্বিপ প্ৰক্ৰিয়াৰ বাবে কেম্পাছ নিযুক্তিত অংশগ্ৰহণ কৰিবলৈ আকৰ্ষিত কৰে। ইউ বি এছে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলক অভিলেখসংখ্যক ১২৩০টা সাক্ষাৎকাৰৰ সুযোগ প্ৰদান কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে, ইউ বি এছৰ প্ৰায় ২১% ছাত্ৰ-ছাত্ৰীয়েই ভাৰতৰ পূব প্ৰান্তৰ পৰা আহি নামভৰ্তি কৰিছে।আনহাতে, ইউ বি এছৰ ফ্লেগশ্বিপ শাখাৰ গড় দৰমহা ১০.৪১ লাখ টকাৰ পৰা ১৫.৩১ লাখ টকালৈ ৪৭% বৃদ্ধি পাইছে। এই বৃদ্ধিৰ কাৰণ হৈছে সৰ্বাধিক সংখ্যক আন্তঃৰাষ্ট্ৰীয় সংস্থাপন। বিছনেছ স্কুলখনৰ ১৪ গৰাকী শিক্ষাৰ্থীয়ে আমেৰিকা আৰু ইউৰোপৰ আগশাৰীৰ বহুজাতিক কোম্পানীত সংস্থাপন লাভ কৰিবলৈ সক্ষম হৈছে। অন্যহাতে ফ্লেগশ্বিপ বেটচৰ গড় দৰমহাও ১০.০০ লাখৰ পৰা ১০.৪২ লাখ টকালৈ বৃদ্ধি পাইছে।ইউনিভাৰ্চেল বিজনেছ স্কুলে সকলো ক্ষেত্ৰতে অতিক্ৰম কৰিবলৈ সক্ষম হৈছে পূৰ্বৰ বছৰৰ সাফল্যক। প্ৰতিষ্ঠানটোৱে অভিলেখ সংখ্যক আন্তঃৰাষ্ট্ৰীয় কোম্পানীক আকৰ্ষণ কৰি বিগত পাঁচ বছৰৰ ভিতৰত লাভ কৰিছে সৰ্বাধিক গড় দৰমহা। উল্লেখযোগ্য যে, মহামাৰীৰ সময়ত বহনক্ষম পৰামৰ্শদাতা, গেমিং কোম্পানী, ডিজিটেল মাৰ্কেটিং, ফিনটেক, ই-কমাৰ্চ আৰু ব্যৱসায়িক বিশ্লেষণৰ ক্ষেত্ৰত সাফল্য অৰ্জন কৰা আৰু প্ৰথমবাৰৰ বাবে নিযুক্তি প্ৰদান কৰা ৪৪ টা কোম্পানীক সফলতাৰে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ইউ বি এছে। এই সংস্থাপন সমাবেশৰ আকৰ্ষণীয় দিশটো আছিল চাহিদা থকা নিয়োগ সমূহৰ ভিতৰত ব্যৱসায়িক বিশ্লেষণৰ অন্যতম উত্থান।ইউনিভাৰ্চেল এআই বিশ্ববিদ্যালয়ৰ প্ৰ’-ভাইচ চ্যাঞ্চেলৰ, অধ্যাপক শ্ৰীৰাম ৰামশংকৰে কৰ্পৰেট ৰিলেশ্যনছ্ দলৰ অসাধাৰণ প্ৰচেষ্টাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয়, "আমি আমাৰ চি আৰ দলৰ উল্লেখযোগ্য কৃতিত্বৰ বাবে গৌৰৱ কৰোঁ, তেওঁলোকে আমাৰ ছাত্ৰ-ছাত্ৰীসকলক সন্মানীয় ভাৰতীয় আৰু বহুজাতিক সংস্থাসমূহত যোগদানৰ সুযোগ প্ৰদান কৰি ধাৰাবাহিকভাৱে আশাৰ পৰিধি ভাঙিবলৈ সক্ষম হৈছে। একবিংশ শতিকাই দাবী কৰি অহাধৰণে ছাত্ৰ-ছাত্ৰীসকলক দক্ষতাপূৰ্ণ কৰি তোলাৰ লগতে তেওঁলোকৰ বাবে উচিত ঔদ্যোগিক স্বীকৃতি আৰু ব্যতিক্ৰমী সুযোগৰ সৃষ্টি কৰাৰ ক্ষেত্ৰত আমাৰ দক্ষতা বিকাশ দল তথা অধ্যাপকসকলে পৰম নিষ্ঠাৰে কাম কৰি আছে।"

ইউ বি এছৰ ছাত্ৰ-ছাত্ৰীক নিযুক্তি দিয়া উল্লেখযোগ্য কোম্পানীসমূহৰ ভিতৰত আছে এছিয়ান পেইণ্টছ, ডেলয়ট, আমুল, টাটা প্লে, এইচ এছ বি চি, হিয়েল্টি ইণ্ডিয়া, ইমামি, ডি এইচ এল এক্সপ্ৰেছ, ৰাইটাৰ কৰ্পৰেশ্যন, টাটা কেপিটেল, এইচ ডি এফ চি বেংক, আই ডি এফ চি ফাৰ্ষ্ট বেংক, চি বি আৰ ই, হেক্সাৱেৰ টেকনঅ’লজিছ্, গেলেক্সি ছাৰ্ফেকেণ্টছ, জে এম ফাইনেন্সিয়েল, টেক্ মহিন্দ্ৰা, টাটা মটৰ্ছ, পিৰামল ৰিয়েলটি, প্ৰপাৰ্টি পিষ্টল, জে পি ইনফ্ৰা আদি কোম্পানী।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here