বালিপাৰা ফাউণ্ডেচনৰ উদ্যোগত ইষ্টাৰ্ণ হিমালয়ান নেচাৰনোমিক্স ফ'ৰামৰ ১১ তম সংস্কৰণ আৰম্ভ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 18 December 2023

বালিপাৰা ফাউণ্ডেচনৰ উদ্যোগত ইষ্টাৰ্ণ হিমালয়ান নেচাৰনোমিক্স ফ'ৰামৰ ১১ তম সংস্কৰণ আৰম্ভ


 

প্ৰকৃতিৰ পৰা লাভ কৰা আনন্দক অৰ্থনীতিলৈ পৰিবৰ্তন কৰিলে ইয়াৰ পৰাই মূল্যাংকন সৃষ্টি হয় - ৰঞ্জিত বৰঠাকুৰ

W7s news,,,গুৱাহাটী, ১৮ ডিচেম্বৰ, বালিপাৰা ফাউণ্ডেচনৰ উদ্যোগত মহানগৰীৰ গ্ৰীণ উড ৰিজৰ্তত আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা ইষ্টাৰ্ণ হিমালয়ান নেচাৰনোমিক্স ফ'ৰামৰ ১১ তম সংস্কৰণৰ এই বছৰৰ মূল বিষয়টো হল 'গ্ৰেট পিপলছ ফৰেষ্ট ২০৩০ ' ৰ আহ্বান, যত আজিৰ দিনটোত ১৫  খনতকৈও অধিক দেশৰ প্ৰায় ৬০ গৰাকী লোকে অংশগ্ৰহণ   কৰি বহু কেইটা গুৰুত্বপূৰ্ণ বিষয়ত গুৰুত্বপূৰ্ণ  আলোচনা আগবঢ়ায়। উল্লেখ্য যে 'গ্ৰেট পিপলছ ফৰেষ্ট ২০৩০ ' বিষয়টো বালিপাৰা ফাউণ্ডেচন আৰু কনজাৰ্ভেচন ইণ্টাৰনেচনেলৰ মাজৰ অংশীদাৰীত্বত ২০৩০ চনৰ ভিতৰত ১ নিযুত হেক্টৰ বন আৰু কৃষিভূমি পুনৰুদ্ধাৰৰ বাবে জি-২০ সন্মিলনত আৰম্ভ কৰা  উচ্চাভিলাষী গ্ৰেট পিপলছ ফৰেষ্ট শীৰ্ষক উদ্যোগৰ পৰাই  উদ্ভৱ হৈছে। আট্ৰি আৰু টেৰি অন্তৰ্ভুক্ত থকা অংশীদাৰসকলৰ এক মিত্ৰজোঁটৰ সৈতে এই উদ্যোগটোৱে ২০২৪ বৰ্ষত চি অ পি, ২৮ ত  ইয়াৰ প্ৰথম দ্ৰুত স্কেলিং পৰ্টফলিঅ'ৰ জৰিয়তে কাম আৰম্ভ কৰাৰ লগতে এই উচ্চাভিলাষী লক্ষ্য কেনেদৰে প্ৰাপ্ত কৰিব পাৰি তাৰ বাবে মিত্ৰজোঁটক একত্ৰিত কৰাৰ ক্ষেত্ৰত এক মঞ্চ হিচাপে কাম কৰিব । 

আজিৰ এই সন্মিলনত জলবায়ু আৰু জৈৱ বৈচিত্ৰ্যৰ ওপৰত বিশ্বব্যাপী গ্ৰহণ কৰা প্ৰতিশ্ৰুতিক কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত উদ্যোগ প্ৰতিষ্ঠানসমূহে পালন কৰিব লগা গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত টাটা ষ্টীল ফাউণ্ডেচনৰ সঞ্চালক আৰু টাটা ষ্টীল ফাউণ্ডেচনৰ উপাধ্যক্ষ চাণক্য চৌধুৰীৰ মূল বক্তব্যৰে আৰম্ভণি হয়। ইয়াৰ পিছত এমি বঁটা বিজয়ী তথা  প্ৰযোজক- পৰিচালক আৰু ৱাও মিডিয়া কমিউনিকেশ্বন গ্ৰুপৰ সহ-প্ৰতিষ্ঠাপক নিকোলাছ ক্লেক্সটনৰ দ্বাৰা পৰিচালিত এক আলোচনা চক্ৰ অনুস্থিত হয়,  যত পূৱ হিমালয় অঞ্চলৰ বাবে চিঅ'পি ২৮ ৰ শেহতীয়া কাৰ্যক্ৰম আৰু ফলাফলৰ প্ৰভাৱ মূল্যায়ন কৰা হয় । 

জৈৱ বৈচিত্ৰ্যৰ প্ৰচাৰৰ বাবে বিশেষ প্ৰদক্ষেপ গ্ৰহণ কৰা দেশৰ বিশিষ্ট পৰিৱেশবিদ আৰু নৱদান্যৰ প্ৰতিষ্ঠাপক ড০ বন্দনা শিৱাই আলোচনাত ভাগ লৈ কয় যে "বনাঞ্চলৰ ক্ষেত্ৰত কোনো নিম্ন বা উৎকৃষ্ট মানদণ্ডৰ কথা নাহে। ই গণতান্ত্ৰিক স্থান। এনে ধৰণৰ পদক্ষেপৰ দ্বাৰা আমি মানুহ আৰু অৰণ্যৰ পৃথকীকৰণ বিলুপ্ত কৰাৰ প্ৰৱণতা দেখুৱাইছো। মানুহ আৰু গছ লতাৰ মাজত বিভিন্নতা অনাতকৈ সম্প্ৰীতি সৃষ্টি কৰাটো অধিক উত্তম।বালিপাৰা ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক ৰঞ্জিত বৰঠাকুৰে আলোচনা চক্ৰত ভূটানৰ ভিজন ২০৩০ সম্পৰ্কত  ভাষণ প্ৰদান কৰি কয়, "মূল্যাঙ্কন হৈছে নেচাৰনোমিক্সৰ মূল চাবিকাঠি। মূল্যৰ ওপৰত আধাৰিত নেতৃত্ব যিকোনো সফলতাৰ কাৰক হিচাপে বিবেচিত হয়।" তেওঁ লগতে কয় যে প্ৰকৃতিৰ পৰা লাভ কৰা আনন্দক যদি আমি অৰ্থনীতিলৈ পৰিবৰ্তন কৰিব পাৰো, তেনেহলে ইয়াৰ পৰাই মূল্যাংকন সৃষ্টি হয়।আলোচনা চক্ৰত বক্তব্য ৰাখি চেণ্টাৰ পলিচী ৰিচাৰ্চৰ জ্যেষ্ঠ ভিজিতিং ফেলো গৌতম মুখোপাধ্যায়ে  উল্লেখ কৰে যে "আমি জৈৱ বৈচিত্ৰ্য সন্মিলনত চি অ পি ২৭ আৰু চিঅপি ২৮ ত অনুষ্ঠিত জৈৱ বৈচিত্ৰ সন্মিলনত অৰণ্যৰ ওপৰত আমাৰ মহান প্ৰতিশ্ৰুতি প্ৰদান কৰিছো যদিও বন সংৰক্ষণ সংশোধনী আইনৰ দৰে বিষয় সমূহত আমাৰ প্ৰকৃত নীতিয়ে ইয়াৰ ওপৰত ওলোটা অগ্ৰগতিহে প্ৰদৰ্শন কৰে।"ইষ্টাৰ্ণ হিমালয় নেচাৰনোমিক্স সন্মিলনত কাইলৈৰ কাৰ্যসূচীত ভূমি, শক্তি, আৱৰ্জনা, পানী, বায়ু, কাৰ্বন আৰু পূৱ হিমালয়ৰ বাবে এক গঠনমূলক ভৱিষ্যত গঢ়ি তোলাৰ ক্ষেত্ৰত তেওঁলোকৰ ভূমিকাৰ বিষয়ে অধিক আলোচনা কৰা হব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here