দেশব্যাপি এক লাখ কইনাক আনন্দিত কৰাৰ লক্ষ্যৰে টানিস্কৰ সোণ বিনিময় আঁচনি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 5 December 2023

দেশব্যাপি এক লাখ কইনাক আনন্দিত কৰাৰ লক্ষ্যৰে টানিস্কৰ সোণ বিনিময় আঁচনি

 

W7s news গুৱাহাটী :  টাটা গ্রুপৰ তথা দেশৰ সৰ্ববৃহৎ অলঙ্কাৰ বিটেইলাৰ টানিস্ক সদায়ে বিবাহৰ এই ৰূপকথাৰ অঙ্গ। অনাগত বিবাহকালৰ প্রতি লক্ষ্য বাখি টানিস্কে বিশ্বাস, স্বচ্ছতা আৰু তুলনাবিহীন মানৰ পুনৰ প্রতিশ্রুতিৰে ন- ৰূপত আগবঢ়াইছে 'সোণ বিনিময় আঁচনি। প্রতি প্ৰহৰে এশতকৈও অধিক ব্যক্তিয়ে আদৰি লৈছে টানিস্কৰ এই বিনিময় অভিযান। ৩৫ লাখতকৈও অধিক বিবাহসম্পন্ন হ'বলগীয়া অনাগত মাহবোৰৰ বাবে টানিস্কে 'সোণ বিনিময় আঁচনি'ৰ অধীনত গ্রাহকক তেওঁলোকৰ স্বৰ্ণ সম্পদৰ সৰ্বাধিক দাম দিয়াৰ প্রতিশ্রুতি দিছে। ইয়াৰ অধীনত পুৰণা স্বর্ণক নতুন ডিজাইনৰ আকর্ষণীয় গহনালৈ ৰূপান্তৰিত কৰাৰ সুবিধা দিব টানিস্কে- মঙলবাৰে গুৱাহাটীৰ খ্ৰীষ্টিয়ানবস্তিত  টনিস্কৰ শ্ব'ৰূমত অনুষ্ঠিত এখন সংবাদ মেলত এইকথা সদৰী কৰে ষ্টোৰ মেনেজাৰ (জি এছ ৰোড) নৰেন জৈনে। তেওঁ লগতে কয়-যিকোনো অলঙ্কাৰ বিপনীৰ পৰা ক্ৰয় কৰা ২২ কেৰেট বা ততোধিক সোণৰ গহনাৰ ১০০ শতাংশ মূল্য গ্রাহকে পাব পাৰিব। বৰ্তমানৰ সোণৰ চৰা দামৰ দিনওত অতিৰিক্ত ধন নভৰাকৈয়ে পুৰণা সোণ বিনিময় কৰি কইনাসকলে পাব পাৰিব নতুন আকর্ষণীয় ডিজাইনৰ অলঙ্কাৰ।আপোনাৰ প্ৰয়োজনীয়তাৰ কথা বিবেচনা কৰি প্ৰস্তুত কৰা টানিস্কৰ এই বিনিময় কাৰ্যসূচী সম্ভাৱনাৰ এক আকৰ। বৰ্তমানৰ স্বৰ্ণ-বজাৰত ই এক অতি বুদ্ধিমত্তাসম্পন্ন বাস্তৱিক সমাধান। টানিস্কৰ অঙ্গীকাৰ মাথোঁ অলঙ্কাৰ উপলব্ধ কৰোৱাতে সীমাবদ্ধ নহয়, টানিস্কৰ বিভা নামৰ বিবাহ-বিশেষ উপ-ব্রেণ্ডটোৱে প্ৰতিগৰাকী কইনাৰ পছন্দক গুৰুত্ব দিয়ে আৰু সেয়ে আমাৰ এই অলঙ্কাৰ সংগ্ৰহ ভাৰতব্যাপি প্ৰতিগৰাকী কইনাৰ পছন্দ। প্ৰতিগৰাকী কইনাৰ জীৱনত তেওঁৰ বিবাহৰ দিনটো বিশেষ কৰিব পৰাকৈ টানিস্কৰ অলঙ্কাৰত প্ৰতিফলিত কৰা হয় সময়ৰ পৰিধি পাৰ কৰা আমাৰ ঐশ্চর্যশালী পৰম্পৰা। গ্রাহকৰ সৈতে অধিক আত্মীয়তা স্থাপনৰ লক্ষ্যৰে আৰম্ভ কৰা এই অভিযানে সমাজৰ বিভিন্ন পৰ্যায়ৰ বহু কইনাক টানিস্কৰ পৰিচয়ৰূপে চিনাকি কৰাই দিছিল। আমাৰ পৃথিৱীৰ সম্পদ সুৰক্ষিত কৰাৰ লগতে বহনক্ষম পাৰিপার্শ্বিক খনন বিকল্পৰ উপৰি আমদানিৰ পৰিৱৰ্তে পুনৰ ব্যৱহাৰযোগ্য ৰাষ্ট্রীয় নীতিত গুৰুত্ব প্রদানেই আমাৰ মূল লক্ষ্য।টাটা গ্রুপৰ টানিস্ক ভাৰতত সকলোৰে আটাইতকৈ আদৰৰ অলঙ্কাৰ ব্ৰেণ্ড আৰু বিগত দুটা দশকত এই ব্রেন্ড অপূর্ব শিল্পকর্ম, অনন্য ডিজাইনৰ আৰু গহনাৰ মানদণ্ডৰ নিশ্চিতিৰ অন্য নামলৈ ৰূপান্তৰিত হৈছে। আজি ২২০ খনৰো অধিক চহৰত চাৰি শতাধিক বিপনীৰে টানিস্কে নিজৰ ব্যৱসায় সম্প্ৰসাৰণ কৰিছে।আমাৰ ২৭ নৱেম্বৰৰ পৰা এই  অফাৰ আৰম্ভ হৈছে আৰু ৩১ ডিচেম্বৰলৈ চলিব। এতিয়ালৈকে আমি ভাল সঁহাৰি লাভ কৰা কৰিছোঁ।' সংবাদ মেলত এৰিয়া বিজনেছ মেনেজাৰ (পূব) অভিশেষ কৰ, ষ্টোৰ মেনেজাৰ (এ টি ৰোড) ডেনিয়েল নাগছেন, কষ্টমাৰ এক্সপিৰিয়েন্স এক্সজিকিউটিভ (ইষ্ট) দেৱযানী চেটাৰ্জী, টানিস্ক ৰিয়েল ব্ৰাইডৰ টানিস্ক

কাষ্টমাৰ বিজয়ী


আয়েশা বেগম আদি উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here