কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে উত্তৰ-পূবত খোজ বাংগালুৰুৰ এইচচিজি কৰ্কট চিকিৎসালয়ৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 9 December 2023

কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে উত্তৰ-পূবত খোজ বাংগালুৰুৰ এইচচিজি কৰ্কট চিকিৎসালয়ৰ


 


অংকলজিষ্টৰ সৈতে মেডিচিটি ইনফৰ্মেচন চেণ্টাৰত অ পি ডি পৰামৰ্শ সেৱা মুকুলি   


W7s news,,,গুৱাহাটী, ৯ ডিচেম্বৰ: ভাৰতৰ অন্যতম বৃহৎ কৰ্কট ৰোগ কেয়াৰ নেটৱৰ্ক  এইচ চি জিয়ে আজি উত্তৰ-পূব ভাৰতৰ লোকসকলক সেৱা আগবঢ়োৱাৰ লক্ষ্যৰে অংকলজিষ্টৰ এক দলৰ সৈতে অ'পিডি পৰামৰ্শ সেৱা আৰম্ভ কৰিছে।  গুৱাহাটীৰ মেডিচিটি ইনফৰ্মেচন চেণ্টাৰত মাহত এবাৰকৈ অ'পিডি পৰামৰ্শৰ বাবে বাংগালুৰুৰ কৰ্কট চিকিৎসালয়ৰ অংকলজিষ্টৰ এটা দল উপলব্ধ হ'ব। চিকিৎসকৰ দলটোত থাকিব জ্যেষ্ঠ পৰামৰ্শদাতা ৰেডিয়েচন অংক'লজী আৰু চাইবাৰনাইফৰ সঞ্চালক ডাঃ শ্ৰীধৰ পি এছ, হেমাটোলজীৰ পৰামৰ্শদাতা  ডাঃ নটৰাজ কেএছ আৰু পৰামৰ্শদাতা লিভাৰ ট্ৰান্সপ্লান্ট চাৰ্জন তথা হেপাটোলজিষ্ট ডাঃ বসন্ত মহাদেৱাপ্পা। এই পদক্ষেপে বিশেষজ্ঞ অংকলজিষ্টৰ জৰিয়তে উত্তৰ-পূবৰ ৰোগীসকলক বিশ্বমানৰ কৰ্কট ৰোগৰ সেৱা প্ৰদানৰ ক্ষেত্ৰত নিশ্চিয়তা আনি দিব। 

এই অ'পিডিৰ জৰিয়তে এইচচিজি কৰ্কট চিকিৎসালয় বাংগালুৰুৰ অংকলজিষ্টসকলে আগতীয়াকৈ চিনাক্তকৰণ, চিকিৎসা সেৱাৰ উন্নত প্ৰৱেশাধিকাৰ, সজাগতা বৃদ্ধি আৰু উত্তৰ-পূবত কৰ্কট ৰোগৰ যত্নৰ বাবে এক বহুমুখী দৃষ্টিভংগীৰ সুযোগ প্ৰদান কৰিব। ইয়াৰ মূল উদ্দেশ্য হৈছে আগতীয়াকৈ কৰ্কট ৰোগ চিনাক্ত কৰি আৰু মূল্যাঙ্কনৰ জৰিয়তে অতি সহজে চিকিৎসা সেৱা  প্ৰদান কৰা। আৰম্ভণিৰ পৰাই উদ্ভাৱন আৰু মূল্য-আধাৰিত যত্নৰ প্ৰতি ইয়াৰ নিৰন্তৰ প্ৰতিশ্ৰুতিৰ বাবে জনাজাত এইচচিজিয়ে উত্তৰ-পূব ভাৰতত কৰ্কট ৰোগৰ সেৱা আগবঢ়োৱাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি আহিছে।

 বাংগালুৰুৰ চি জি কৰ্কট চিকিৎসালয়ত বিশেষজ্ঞ তথা বহুমুখী সেৱা সকলৰ  ভিতৰত আছে চাইবাৰনাইফ, ৰবটিক অস্ত্ৰোপচাৰ, প্ৰাপ্তবয়স্ক আৰু শিশুৰোগৰ অস্থি মজ্জা সংৰোপণ, যকৃত সংৰোপণ, উচ্চ-স্তৰৰ ইমিউনোথেৰাপী আৰু কৰ্কট ৰোগীৰ বিভিন্ন প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে প্ৰস্তুত কৰা জিনোমিক্স।কৰ্কট ৰোগী সকলক উন্নত মানদণ্ডৰ চিকিৎসা সেৱা প্ৰদান কৰাৰ লক্ষ্যৰে বাংগালুৰুৰ এইচ চি জি কৰ্কট চিকিৎসালয়ৰ বিশেষজ্ঞ   দলটোক উত্তৰ-পূব ভাৰতলৈ অনা হৈছে।কৰ্ণাটকৰ আঞ্চলিক মুখ্য সঞ্চালন বিষয়া  মনীষা কুমাৰে কয় যে উত্তৰ-পূবৰ লোকসকলৰ বাবে আমি অংক'লজী দলৰ সৈতে অ পি ডি পৰামৰ্শদাতা সেৱা কেন্দ্ৰ আৰম্ভ কৰাৰ কথা  ঘোষণা কৰিবলৈ পাই আনন্দিত হৈছো।কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত এইচচিজি কৰ্কট চিকিৎসালয় শীৰ্ষ স্থান দখল কৰি আহিছে।  ৰোগ নিৰ্ণয় আৰু ৰোগীৰ যত্নত নতুন মানদণ্ড স্থাপন কৰিছে। উত্তৰ-পূবত আমাৰ সেৱাৰ সম্প্ৰসাৰণৰ সৈতে আমাৰ লক্ষ্য হৈছে সমগ্ৰ অঞ্চলটোত কৰ্কট ৰোগৰ উন্নত চিকিৎসা সেৱা প্ৰদান কৰা।এইচ চি জিত বহুমুখী পদ্ধতিটোত কেৱল অত্যাধুনিক চিকিৎসা প্ৰদান কৰাই নহয় সামগ্ৰিক আৰু ৰোগীৰ যত্ন লোৱা হয়। আমি অঞ্চলটোত আমাৰ ৰোগীসকলক  সৰ্বশ্ৰেষ্ঠ আৰু এডভান্স নিদানিক চিকিৎসা সেৱা প্ৰদান কৰি অহা হৈছে লগতে ব্যক্তিগতকৃত ঔষধৰ সৈতে একত্ৰিত সৰ্বশ্ৰেষ্ঠ চিকিৎসা কৌশলবোৰ অৱলম্বন কৰা হয়।বাংগালুৰুৰ কৰ্কট চিকিৎসালয়ৰ  ৰেডিয়েচন অংক'লজীৰ জ্যেষ্ঠ পৰামৰ্শদাতা আৰু চাইবাৰনাইফৰ সঞ্চালক ডাঃ শ্ৰীধৰ পি এছে  কয় যে উত্তৰ পূবত কৰ্কট ৰোগীৰ সংখ্যা বৃদ্ধি পাই আহিছে আৰু সেই বাবে অঞ্চলটোৰ লোকসকলক সেৱা কৰিবলৈ আগবাঢ়ি আহিছো।আমাৰ অ'পিডিৰ জৰিয়তে আমি লোক সকলক নিয়মীয়া স্ক্ৰীণিংৰ বাবে উৎসাহিত কৰোঁ যি আগতীয়া চিনাক্তকৰণত সহায়ক হয় যাতে ৰোগীয়ে সময়ত চিকিৎসা সেৱা লাভ কৰে।বাংগালুৰুৰ কৰ্কট চিকিৎসালয়ৰ হেমাটো অংক'লজী আৰু হাড়ৰ মজ্জা সংৰোপণ বিশেষজ্ঞ ডাঃ নটৰাজ কেএছে  কয় যে এইচচিজিয়ে এক ৰোগী-কেন্দ্ৰিক আৰু বহু-শৃংখলামূলক পদ্ধতি কৰ্কট ৰোগৰ সেৱাৰ বাবে সমৰ্পণ কৰিছে। হেমাটো-অংক'লজী আৰু হাড়ৰ মজ্জা সংৰোপণত প্ৰাপ্তবয়স্ক আৰু শিশু ৰোগী দুয়োৰে প্ৰতি আমাৰ  আধুনিক চিকিৎসা কৌশলৰ লগতে আৰু  ৰোগী দুয়োৰে প্ৰতি দয়াৰ দৃষ্টিভংগী নিহিত হৈ থাকে। আমি এই অঞ্চললৈ আমাৰ সেৱা সম্প্ৰসাৰিত কৰিব বিচাৰিছো যাতে  তেওঁলোকে সৰ্বোচ্চ মানদণ্ডৰ চিকিৎসা সেৱা আৰু সমৰ্থন লাভ কৰে।

বাংগালুৰুৰ কৰ্কট চিকিৎসালয়ৰ লিভাৰ ট্ৰান্সপ্লান্ট চাৰ্জন ডাঃ বসন্ত মহাদেৱাপ্পাই কয় যে এই সম্প্ৰসাৰণে কৰ্কট ৰোগৰ যত্নৰ লগতে আমাৰ দক্ষতা বৃদ্ধিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত কৰিছে। এইচ চি জিত আমি যকৃত সংৰোপণৰ প্ৰক্ৰিয়াগত দিশবোৰৰ বাহিৰত যাওঁ, আমাৰ ৰোগীসকলৰ জীৱনৰ সামগ্ৰিক মানদণ্ড পুনৰুদ্ধাৰ আৰু বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আহিছো। আমি উত্তৰ-পূব ভাৰতৰ লোকসকলক ঘৰৰ ওচৰত উন্নত আৰু সামগ্ৰিক চিকিৎসা প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।উদ্ভাৱনী চিকিৎসা প্ৰটোকল, অত্যাধুনিক ৰোগ নিৰ্ণয় আৰু চিকিৎসা প্ৰযুক্তিৰে সফলতা লাভ কৰা   লাখ লাখ ৰোগীৰ বাবে একমাত্ৰ ভৰসা হৈ পৰিছে এইচচিজি কৰ্কট চিকিৎসালয়।বিশ্বৰ শেহতীয়া প্ৰযুক্তিৰে কম পালিৰ ইমিউনোথেৰাপী, উচ্চ-স্তৰৰ নিউক্লিয়ৰ ঔষধ আৰু পিইটি-চিটিৰ পৰা জিনোমিক্সলৈকে সকলোৰে সৈতে কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে সাজু হৈছে কেন্দ্ৰ টো।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here