ডিব্ৰুগড়ত অপেক্ষা হাস্পতালে মেক্স স্মাৰ্ট চুপাৰস্পেচিয়েলিটি হাস্পতাল, চাকেটৰ সহযোগত আৰম্ভ কৰিলে বিশেষ বহিঃ চিকিৎসা সেৱা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 9 December 2023

ডিব্ৰুগড়ত অপেক্ষা হাস্পতালে মেক্স স্মাৰ্ট চুপাৰস্পেচিয়েলিটি হাস্পতাল, চাকেটৰ সহযোগত আৰম্ভ কৰিলে বিশেষ বহিঃ চিকিৎসা সেৱা


 


W7s news,,ডিব্ৰুগড়: উত্তৰ ভাৰতৰ অন্যতম স্বাস্থ্যসেৱা প্ৰতিষ্ঠান, মেক্স স্মাৰ্ট চুপাৰস্পেচিয়েলিটি হাস্পতাল, চাকেটে ডিব্ৰুগড়ৰ অপেক্ষা হাস্পতালৰ সৈতে যুটীয়াভাৱে বিশেষ অস্থিৰোগ সেৱা আৰু হাড়ৰ প্ৰত্যাৰোপণ (জইণ্ট ৰিপ্লেচমেন্ট), ৰাজহাড়ৰ শল্যসেৱা (স্পাইনেল চাৰ্জাৰী)ৰ বহিঃসেৱা বিভাগ আৰম্ভ কৰা বুলি ঘোষণা কৰে।এই আনুষ্ঠানিক ঘোষণা অনুষ্ঠানত উপষ্ঠিত থাকে মেক্স চুপাৰস্পেচিয়েলিটিৰ অস্থিৰোগ সেৱা আৰু হাড়ৰ প্ৰত্যাৰোপণ (জইণ্ট ৰিপ্লেচমেন্ট), ৰাজহাড়ৰ শল্যসেৱা (স্পাইনেল চাৰ্জাৰী) বিভাগৰ জ্যেষ্ঠ সঞ্চালক ড. হৰ্ষবৰ্ধন হেগড়ে আৰু অন্যান্য সতীৰ্থসকল। তেখেত প্ৰত্যেক মাহৰ দ্বিতীয়টো শনিবাৰে দুপৰীয়া ১ বজাৰ পৰা ৩ বজালৈ প্ৰাথমিক দিহা-পৰামৰ্শৰ বাবে অপেক্ষা হস্পিতালত উপস্থিত থাকিব। এই বহিঃসেৱা বিভাগৰ মূল উদ্দেশ্য হৈছে ডিব্ৰুগড়ৰ লগতে ইয়াৰ ওচৰ-পাজৰৰ অঞ্চলবাসীৰ বাবে বিশ্বৰ আধুনিক মানদণ্ডসম্পন্ন চিকিৎসকৰ পৰা ৰাজহাড়ৰ শল্য চিকিৎসা সেৱাৰ সুবিধা লাভ কৰাৰ সুবিধা উপলব্ধ কৰোৱাটো। আধুনিক চিকিৎসা পদ্ধতিৰ ওপৰত বক্তব্য ৰাখি জ্যেষ্ঠ সঞ্চালক ড. হৰ্ষবৰ্ধন হেগড়েই কয়, “আধুনিক প্ৰযুক্তিবিদ্যাৰ সহায়ত চিকিৎসা সেৱাৰ বৰ্ধিত উন্নয়নৰ পৰিপ্ৰেক্ষিতত ৰাজহাড়ৰ বিভিন্ন ৰোগৰ নতুন আৰু উন্নত চিকিৎসা কৰাটো সম্ভৱ হৈছে। যুটীয়াভাৱে আৰম্ভ হোৱা এই স্বাস্থ্যসেৱাই ডিব্ৰুগড়বাসীৰ বাবে লৈ আহিছে আধুনিক মানদণ্ডৰ অৰ্থ’-স্পাইন ছাৰ্জাৰীৰ সুবিধা। ৰাজহাড় সম্বন্ধীয় দিহা-পৰামৰ্শ লগতে অতি উন্নতমানৰ প্ৰযুক্তি যেনে মিনিমেলী ইনভেচিভ আৰু নেভিগেচন এচিষ্টেড ছাৰ্জাৰীৰ সহায়ত আমি ৰোগীক সু-চিকিৎসা প্ৰদান কৰি সমগ্ৰ অঞ্চলটোৰ সামগ্ৰিক উন্নতিত অৱদান আগবঢ়াম।”

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here