কাহিলীপাৰাস্থিত মডাৰ্ণ ইংলিছ স্কুলৰ অধ্যক্ষা জোনালী দাসক চি বি এছ ইৰ দ্বাৰা সমল ব্যক্তি নিযুক্তি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 28 December 2023

কাহিলীপাৰাস্থিত মডাৰ্ণ ইংলিছ স্কুলৰ অধ্যক্ষা জোনালী দাসক চি বি এছ ইৰ দ্বাৰা সমল ব্যক্তি নিযুক্তি


 


W7s.news,,,: শেহতীয়াকৈ আবুধাবি ইণ্ডিয়ান স্কুলত অনুষ্ঠিত অভিজ্ঞতাভিত্তিক শিক্ষণ বিষয়ক কৰ্মশালাৰ নেতৃত্ব প্ৰদানৰ উদ্দেশ্যে গুৱাহাটীৰ কাহিলীপাৰাস্থিত মডাৰ্ণ ইংলিছ স্কুলৰ অধ্যক্ষা  জোনালী দাসক চি বি এছ ইৰ দ্বাৰা সমল ব্যক্তি হিচাপে নিযুক্তি প্ৰদান কৰা হয়। মডাৰ্ণ ইংলিছ স্কুলৰ অধ্যক্ষাৰ এই কৃতিত্বৰ পিছতে বিদ্যালয়খনত আনন্দৰ সোঁত বোৱা পৰিলক্ষিত হয়। এই জ্ঞানদায়ক অভিজ্ঞতাৰ বিষয়ে মত প্ৰকাশ কৰি অধ্যক্ষা জোনালী দাসে কয়, "জ্ঞানৰ যাত্ৰাত নামি মই সমগ্ৰ দেশৰ বিদ্যালয়সমূহৰ দূৰদৰ্শী অধ্যক্ষ আৰু অধ্যাপকসকলৰ সৈতে সংযোগ স্থাপন কৰিবলৈ সক্ষম হৈছোঁ। শিক্ষাৰ গতিশীল পৰিৱেশৰ ওপৰত ধাৰণাৰ সমৃদ্ধিশালী আদান-প্ৰদানৰ বাবে মই অতিশয় কৃতজ্ঞ। এই অমূল্য সুযোগ প্ৰদানৰ বাবে মই চি বি এছ ইক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।"

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here