আমাজন প্ৰাইম ভিডিঅ’ৰ সৈতে অংশীদাৰিত্ব ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলৰ, চলচ্চিত্ৰ নিৰ্মাতাসকলক অ’টিটি মঞ্চখনত সৃষ্টিসমূহ উপস্থাপনৰ সুযোগ প্ৰদান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 4 December 2023

আমাজন প্ৰাইম ভিডিঅ’ৰ সৈতে অংশীদাৰিত্ব ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলৰ, চলচ্চিত্ৰ নিৰ্মাতাসকলক অ’টিটি মঞ্চখনত সৃষ্টিসমূহ উপস্থাপনৰ সুযোগ প্ৰদান


 

W7s news,,,,গুৱাহাটী, ৪ ডিচেম্বৰ, ২০২৩: ৰাজ্যৰ স্বতন্ত্ৰ চলচ্চিত্ৰ নিৰ্মাতা সকললৈ সুৱৰ্ণ সুযোগ ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলৰ। সুপৰিচিত আমাজন প্ৰাইম ভিডিঅ’ৰ সৈতে একেলগে অংশীদাৰিত্ব কৰি আগশাৰীৰ অ’টিটি মঞ্চখনত চলচ্চিত্ৰ নিৰ্মাতাসকলক পোনপোটীয়াকৈ নিজৰ সৃষ্টিসমূহ উপস্থাপনৰ সুযোগ প্ৰদান কৰিছে ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেল চমুকৈ বিভিএফএফয়ে। এক যুগান্তকাৰী পদক্ষেপৰ জৰিয়তে বি ভি এফ এফয়ে স্বতন্ত্ৰ চলচ্চিত্ৰ নিৰ্মাতাসকলৰ বাবে এক ব্যতিক্ৰমী সুযোগৰ সূচনা কৰিছে। এতিয়া তেওঁলোকে অগ্ৰণী অ’টিটি মঞ্চ আমাজন প্ৰাইম ভিডিঅ’ত পোনপোটীয়াকৈ জমা দিব পাৰিব তেওঁলোকৰ নিজৰ সৃষ্টিসমূহ। বি ভি এফ য়ে গ্ৰহণ কৰা এই পদক্ষেপৰ লক্ষ্য হৈছে চলচ্চিত্ৰ নিৰ্মাতাসকলক শক্তিশালী কৰা, তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শনৰ বাবে এক মঞ্চ প্ৰদান কৰা, চলচ্চিত্ৰ নিৰ্মাণৰ মানদণ্ড বৃদ্ধি কৰা, আৰু উদ্যোগটোত নতুন সুযোগ সৃষ্টি কৰা। উল্লেখ্য যে, চলিত মাহৰ শেষৰ ফালে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেল (বিভিএফএফ)ৰ অষ্টম সংস্কৰণৰ দিন চমু চাপি অহাৰ লগে লগে ছবিপ্ৰেমীৰ মাজত বৃদ্ধি পাইছে উছাহ। তাৰ মাজতে আকৌ এবাৰ বি ভি এফ এফয়ে চলচ্চিত্ৰ নিৰ্মাতাসকলৰ অপৰিসীম প্ৰতিভাৰ প্ৰচাৰ আৰু প্ৰদৰ্শনৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপে চৌদিশে প্ৰত্যাশা আৰু উত্তেজনা বৃদ্ধি কৰিছে।বিগত সাতটা সংস্কৰণৰ সফলতাৰ ধাৰা অব্যাহত ৰাখি উত্তৰ-পূব ভাৰতৰ আটাইতকৈ উদযাপিত চলচ্চিত্ৰ মহোৎসৱটিৰ আগন্তুক সংস্কৰণটোৱেও ছবি প্ৰেমীসকলৰ হৃদয়ত শিপাই অনন্য অভিজ্ঞতা প্ৰদান কৰিব বুলি আশা কৰা হৈছে।আগন্তুক সংস্কৰণ আৰু আমাজন প্ৰাইম ভিডিঅ’ৰ সৈতে অংশীদাৰিত্বৰ সম্পৰ্কে উৎসাহ ব্যক্ত কৰি ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলৰ মহোৎসৱ সঞ্চালিকা তনুশ্ৰী হাজৰিকাই কয়, ''আমি বি ভি এফ এফৰ ৮ম সংস্কৰণৰ বাবে সাজু হোৱাৰ সময়তে আমাজন প্ৰাইম ভিডিঅ’ৰ সৈতেও অংশীদাৰিত্বৰ কথা ঘোষণা কৰি ৰোমাঞ্চিত অনুভৱ কৰিছোঁ। এই সহযোগিতাই স্বতন্ত্ৰ চলচ্চিত্ৰ নিৰ্মাতাসকলৰ বাবে নতুন সুযোগ মুকলি কৰি এক সকলোৰে বাবে এক উল্লেখযোগ্য সুযোগ আগবঢ়াইছে। এই সহযোগিতাই সৃষ্টিশীলতাৰ উত্তৰণ ঘটোৱাৰ ক্ষেত্ৰত আমাৰ দায়বদ্ধতাক শক্তিশালী কৰাৰ লগতে চলচ্চিত্ৰ নিৰ্মাতাসকলক তেওঁলোকৰ কামক সমগ্ৰ বিশ্বজুৰি প্ৰদৰ্শনৰ প্ৰত্যক্ষ পথ প্ৰদান কৰে। আমি আশা কৰিছোঁ যে এই পদক্ষেপে উচ্চাকাংক্ষী চলচ্চিত্ৰ নিৰ্মাতাসকলৰ বাবে এক সুস্থ-সবল পৰিৱেশ পুনৰ গঢ় দিব আৰু উত্তৰ-পূবৰ ঐতিহ্যময় চলচ্চিত্ৰৰ ধাৰাটিক আগবঢ়াই নিয়াত অৰিহণা যোগাব।’’


কেনেকৈ আবেদন কৰিব 

চলচ্চিত্ৰ নিৰ্মাতাসকলে তেওঁলোকৰ সৃষ্টিসমূহসমূহ bvff@tattvacreations.com ইমেইলযোগে জমা দিব পাৰে। সৃষ্টিসমূহ প্ৰেৰণৰ অন্তিম তাৰিখ ৭ ডিচেম্বৰৰ নিশা ৮ বজালৈকে নিৰ্ধাৰণ কৰা হৈছে।নিৰ্বাচিত দলসমূহে মহোৎসৱৰ সময়ত সন্মানীয় জুৰী সদস্যসকলৰ সন্মুখত নিজৰ শ্ৰেষ্ঠ সৃষ্টিসমূহ উপস্থাপন কৰাৰ সুযোগ লাভ কৰিব। প্ৰতিটো দলে নিজৰ সৃষ্টিসমূহ উপস্থাপনৰ বাবে ২০ মিনিট সময় লাভ কৰিব আৰু তাৰ পিছতে অনুষ্ঠিত হ’ব ১০ মিনটৰ প্ৰশ্নোত্তৰ শিতান। সফল সৃষ্টিসমূহসমূহে আমাজন প্ৰাইম ভিডিঅ’ৰ পৰা সমৰ্থন লাভ কৰাৰ সুযোগ পাব পাৰে।এই পদক্ষেপে কেৱল চলচ্চিত্ৰ জগতত সৃষ্টিশীলতা আৰু প্ৰতিভাক বিকশিত কৰাৰ বাবে বি ভি এফ এফৰ দায়বদ্ধতাক আলোকপাত কৰাই নহয়, বৰঞ্চ চলচ্চিত্ৰ নিৰ্মাতাসকলক বিশ্বজুৰি নিজৰ কৰ্মৰাজি প্ৰদৰ্শনৰ বাবে এক উল্লেখযোগ্য মঞ্চও প্ৰদান কৰে। বি ভি এফ এফৰ বিকাশৰ লগে লগে ই উদ্ভাৱনৰ পোহৰ আৰু উত্তৰ-পূবৰ চিনেমাৰ আকাংক্ষাৰ অনুঘটক হৈয়েই আছে।


সৃষ্টিসমূহৰ অনুকল্প

চলচ্চিত্ৰ নিৰ্মাতাসকলক তেওঁলোকৰ সৃষ্টিসমূহ তলত উল্লেখ কৰা ক্ৰম অনুযায়ী পিপিটি আকাৰত জমা দিবলৈ আহ্বান জনোৱা হৈছে:

● সংক্ষিপ্ত বিৱৰণ: ছবিখনৰ কাহিনীভাগ আৰু মূল চৰিত্ৰসমূহৰ সংক্ষিপ্ত আভাস প্ৰদান কৰিব লাগিব।

● নিৰ্দিষ্ট দৰ্শক: কোনখিনি দৰ্শকক উদ্দেশ্যি ছবিখন প্ৰস্তুত কৰা হৈছে সেয়া নিৰ্দিষ্টকৈ উল্লেখ কৰিব লাগিব।

● ইউনিক চেলিং প্ৰপ’জিচন (ইউএছপি): ছবিখনক পৃথক কৰা স্বতন্ত্ৰ উপাদানসমূহ প্ৰকট কৰিব লাগিব।

● বাজেট অনুমান: ছবি প্ৰস্তুতৰ বাবে প্ৰয়োজনীয় বাজেটৰ আনুমানিক ৰাশি প্ৰদান কৰিব লাগিব।

● প্ৰতিভা আৰু কৰ্মীদল: পৰিচালক, মুখ্য অভিনেতা আৰু আন সদস্যসকলৰ বিষয়ে তথ্য, তেওঁলোকৰ অভিজ্ঞতা আৰু প্ৰাসংগিকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব।

● বজাৰ বিশ্লেষণ: তুলনামূলকভাৱে সফল প্ৰকল্পসমূহকে ধৰি ছবিখনৰ সম্ভাৱ্য বজাৰৰ এক অন্তৰ্দৃষ্টি প্ৰকাশ কৰিব লাগিব।

● সময়সীমা: প্ৰাক-প্ৰযোজনা, প্ৰযোজনা, আৰু পৰৱৰ্তী- প্ৰযোজনা পৰ্যায়ৰ বাবে এটা বাস্তৱসন্মত সময়কাল প্ৰদান কৰিব লাগিব। 

● দৃশ্যমান সামগ্ৰী: ছবিখনৰ দৃশ্য শৈলী আৰু ধাৰা প্ৰকাশ কৰিবলৈ কনচেপ্ট আৰ্ট, ভিডিঅ’ বা এটা মুড ব’ৰ্ডৰ দৰে দৃশ্য অন্তৰ্ভুক্ত     কৰিব লাগিব।


ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেল আৰু পিটচিঙৰ সুযোগৰ বিষয়ে অধিক তথ্যৰ বাবে বি ভি এফ এফৰ ৱেবছাইট ভিজিট কৰিব পাৰে অথবা মহোৎসৱৰ আয়োজকসকলৰ সৈতে bvff@tattvacreations.com ৰ জৰিয়তে যোগাযোগ কৰিব পাৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here