ৰাষ্ট্ৰীয় হস্ততাঁত বস্ত্ৰমেলা 'গান্ধী বুনকৰ মেলা' ২০২৩-২৪ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 2 December 2023

ৰাষ্ট্ৰীয় হস্ততাঁত বস্ত্ৰমেলা 'গান্ধী বুনকৰ মেলা' ২০২৩-২৪

 



W7s news গুৱাহাটী: গুৱাহাটীৰ পশ্চিম বৰাগাৱঁ প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত পহিলা ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে ৰাষ্ট্ৰীয় হস্ততাঁত বস্ত্ৰমেলা 'গান্ধী বুনকৰ মেলা' ২০২৩-২৪। এই মেলাখন শুকুৰবাৰে উদ্বোধন কৰে তামূলপুৰ সমষ্টিৰ বিধায়ক জলেন দৈমাৰী। তেওঁ ভাষণত কয়-ৰাষ্ট্ৰীয় পর্যায়ত এনে এখন মেলাৰ আয়োজন কৰা বাবে বড়োলেণ্ড ৰিজিঅ'নেল এপেস্ক্স উইভাৰ্ছ এণ্ড আৰ্টিছানছ কো-অপাৰেটিভ ফেডাৰেচন লিমিটেড (ব্ৰাফেড) ক ধন্যবাদ জনালোঁ।থলুৱা মানুহৰ পৰিচিত গামোচা, আৰনাই আমাৰ হৃদয়ত আছে। আমি হস্তশিল্পক মিছন হিচাপে এই কাম কৰিছোঁ। আজি হস্তশিল্পৰ সৈতে তিনি লাখৰ অধিক মহিলা জড়িত হৈ আছে। আমি নিজৰ পৰিচিতি ৰক্ষা কৰাৰ প্ৰয়াস কৰিছোঁ। স্ব-নিৰ্ভৰশীল আঁচনিৰ জৰিয়তে আমি আমাৰ থলুৱা শিপীনী, বোৱানী সকলক আৰ্থিকভাবে স্বাৱলম্বী কৰিবলৈ, তেওঁলোকক উৎসাহ দিবলৈ প্ৰয়াস কৰিছোঁ। তেওঁলোকযাতে আৰ্থিকভাবে আগবাঢ়ি যাব পাৰে তাৰে প্ৰয়াস কৰিছোঁ। হস্তশিল্পৰ মানসদায় উন্নত। দেশৰ বিভিন্ন ৰাজ্যৰ পৰা অহা মুঠ ৮০ খন বিপনীয়ে এই মেলাত অংশগ্ৰহণ কৰিছে।হেণ্ডলুম আৰু পাৱাৰলুমৰ পার্থক‍্য যাতে ৰাইজে বুজি পায় তাৰপৰা এনে মেলালৈ ক্ৰেতা সকল অহা উচিত।'ব্ৰাফেডৰ উদ্যোগত অনুষ্ঠিত এই মেলাৰ উদ্বোধনী অনুষ্ঠানত বৰাগাৱঁৰ ১০নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড কাউন্সিলাৰ নম্বৰ কল্পনা দাস, জি এম চি ৱাৰ্ড কাউন্সিলাৰ দেৱজিৎ ৰাজবংশী,ডব্লিউ এছ চিৰ  সহকাৰী সঞ্চালক পংকজ শর্মা,  পশ্চিম বৰাগাঁও প্ৰাথমিক বিদ্যালয়ৰ পৰিচালন সমিতিৰ সভাপতি নৃপেন দাস, বিদ্যালয়খনৰ প্ৰধান শিক্ষক তপন কুমাৰ দাস,ব্ৰাফ্ৰেডৰ প্ৰৱন্ধক এইছ উপাধ্যায় আদি উপস্থিত থাকে।ব্ৰাফ্ৰেড ৰ প্ৰৱন্ধক নীনা বসুমতাৰীয়ে আদৰণি ভাষণ দিয়ে।এই মেলাখনত থলুৱা শিপিনী, বোৱনী


সকলে হাতে বোৱা বিভিন্ন সাজ পোছাক আদি উপলদ্ধ হৈছে।এই মেলাখনৰ ১৪ ডিচেম্বৰত সামৰণি পৰিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here