ৰটাৰী স্মাৰ্ট চিটিৰ ঘোষণা শাৰদ স্বীকৃতি দুৰ্গা পূজা বঁটা-২০২৩ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 26 October 2023

ৰটাৰী স্মাৰ্ট চিটিৰ ঘোষণা শাৰদ স্বীকৃতি দুৰ্গা পূজা বঁটা-২০২৩

 



W7s news,,,গুৱাহাটী ২৫ অক্টোবৰ। এন জি অ’ ৰটাৰী ক্লাবে গুৱাহাটী স্মাৰ্ট চিটিৰ উদ্যোগত প্ৰথমবাৰৰ বাবে আয়োজন কৰা শৰদ স্বীকৃতি দুৰ্গা পূজা বঁটা ২০২৩ৰ ঘোষণা কৰা হৈছে। ক্লাবৰ সভাপতি ৰবি আগৰৱালাই কয় যে মহানগৰীৰ বিভিন্ন দুৰ্গা পূজা সমিতিক উৎসাহিত কৰাৰ লক্ষ্যৰে প্ৰথমবাৰৰ বাবে এই বঁটাৰ আয়োজন কৰা হৈছে। অনুষ্ঠানৰ অধ্যক্ষ ড০ মন্তু পালে কয় যে শ্ৰেষ্ঠ প্ৰতিমূৰ্তিৰ বঁটা ৰিহাবাডী বিলপাৰ দুৰ্গা পূজা সমিতিক আৰু ৰানাৰ্ছ আপৰ বঁটা নয়ন্তৰা ক্লাব পূজা সমিতিক প্ৰদান কৰা হয়। শ্ৰেষ্ঠ বৈদ্যুতিক সজ্জাৰ বঁটা লাভ কৰে ভাস্কৰনগৰ সৰ্বজনীন দুৰ্গা পূজা কমিটি আৰু ৰানাৰ্ছ আপ ৰেষ্ট কেম্প কালিবাৰী মালিগাঁও, শ্ৰেষ্ঠ পণ্ডলৰ বঁটা ছাত্ৰবাৰী সৰ্বজনীন দেৱো পূজাস্থান কমিটি, ৰানাৰ্ছ আপ আঠগাঁও সৰ্বজনীন দুৰ্গা পূজা কমিটি, শ্ৰেষ্ঠ পৰিৱেশ অনুকূল পণ্ডলৰ বঁটা ব্ৰেহাতৰ ওদালবাক্ৰা সৰ্বজনীন দুৰ্গা পূজা মন্দিৰ কমিটি, শ্ৰেষ্ঠ সামাজিক বাৰ্তাৰ বঁটা প্ৰদান কৰা হৈছে ডাইমণ্ড ক্লাব ৰেলৱে কলনীক। কাৰ্যসূচীৰ সমন্বয়ক মানস মজুমদাৰে কয় যে বিভিন্ন পূজাস্থলী পৰিদৰ্শন কৰি জুৰীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সকলো বিজয়ীকে ২৯ অক্টোবৰত আয়োজন কৰিবলগীয়া এক অনুষ্ঠানৰ সময়ত ক্লাবে বঁটা প্ৰদান কৰিব। ক্লাবৰ সম্পাদক অভিষেক জৈনে কয় যে অনাগত বছৰবোৰতো ক্লাবৰ উদ্যোগত শাৰদ স্বীকৃতি দুৰ্গা পূজা বঁটাৰ আয়োজন কৰা হ’ব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here