আদিশ্বৰ অটো ৰাইড ইণ্ডিয়াই গুৱাহাটীত মুকলি কৰিলে ‘ম’ট’ ভ’ল্ট’ ছুপাৰবাইক শ্ব’ৰুম - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 27 October 2023

আদিশ্বৰ অটো ৰাইড ইণ্ডিয়াই গুৱাহাটীত মুকলি কৰিলে ‘ম’ট’ ভ’ল্ট’ ছুপাৰবাইক শ্ব’ৰুম


 


~ ম’ট’ ভ’ল্ট হৈছে ভাৰতৰ একমাত্ৰ মাল্টি ব্ৰেণ্ড ছুপাৰবাইক ফ্ৰেঞ্চাইজি ~


~  ম’ট’ ম’ৰিনি, জন্টিছ  আৰু  কিউ  জে  মটৰৰ  সমান্তৰালকৈ অধিক বিশ্বমানৰ ব্ৰেণ্ড  আগবঢ়াব  ম’ট’  ভ’ল্টে


~ ম’ট’ ভ’ল্ট  শ্ব'ৰুমসমূহে পোছাক আৰু আনুষংগিক সামগ্ৰীৰ  এক্সক্লুছিভ  ৰেঞ্জো প্ৰদৰ্শন কৰে ~


 


W7s news,,,,গুৱাহাটী, অক্টোবৰ, ২০২৩: প্ৰিমিয়াম মবিলিটি অফাৰৰ পৰিসৰ বৃদ্ধি কৰাৰ উদ্দেশ্যে মহাবীৰ গ্ৰুপৰ প্ৰতিষ্ঠান আদিশ্বৰ অটো ৰাইড ইণ্ডিয়া প্ৰাইভেট লিমিটেডে (AARI) গুৱাহাটীত এক মাল্টি - ব্ৰেণ্ড ছুপাৰবাইক ফ্ৰেঞ্চাইজি ম’ট’ ভ’ল্ট মুকলিৰ কথা ঘোষণা কৰিছে। প্ৰতিজন গ্ৰাহকে যাতে ছুপাৰবাইকৰ সৰ্বোত্তম অভিজ্ঞতা লাভ কৰিব পাৰে, সেয়া নিশ্চিত কৰিবলৈ সমগ্ৰ ভাৰতত একাধিক টাচ্চ পইণ্ট স্থাপন কৰাৰ প্ৰতিশ্ৰুতিৰ সৈতে সংগতি ৰাখি এই ঘোষণা কৰা হৈছে।

‘আপোনাৰ মটৰ্ছ এল এল পি’ ৰ বেনাৰৰ অধীনত মুকলি কৰা এই অত্যাধুনিক শ্ব’ৰুমটো ডি.এন.টাৱাৰ, বশিষ্ঠ চাৰিআলি, ৰাষ্ট্ৰীয় ঘাইপথ - ৩৭, ডি. মেঘা প্লাজাৰ বিপৰীতে গুৱাহাটী, অসম – ৭৮১০২৯ত অৱস্থিত। ইয়াত ম’ট’ ম'ৰিনি, জন্টিছ আৰু কিউ জে মটৰৰ দৰে আন্তঃৰাষ্ট্ৰীয় ব্ৰেণ্ডৰ ছুপাৰবাইকৰ বিশ্বব্যাপী ৰেঞ্জ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে । আগলৈ AARI -এ ইয়াৰ মাল্টি ব্ৰেণ্ড ফ্ৰেঞ্চাইজিৰ জৰিয়তে অধিক বিশ্বমানৰ ব্ৰেণ্ড মুকলি কৰাৰ পৰিকল্পনা কৰিছে। আউটলেটসমূহক পোছাক আৰু আনুষংগিক সামগ্ৰীৰ এক্সক্লুছিভ ৰেঞ্জ প্ৰদৰ্শন কৰাৰ লগতে এণ্ড-টু-এণ্ড বিক্ৰী, সেৱা আৰু অতিৰিক্ত সমৰ্থন প্ৰদান কৰিব পৰাকৈ ডিজাইন কৰা হৈছে ।এই সন্দৰ্ভত ভাষণ দি আদিশ্বৰ অটো ৰাইড ইণ্ডিয়াৰ পৰিচালন সঞ্চালক বিকাশ ঝাবাখে কয়, “আদিশ্বৰ অটো ৰাইড ইণ্ডিয়াত আমাৰ অন্যতম মূল প্ৰচেষ্টা হৈছে আমাৰ গ্ৰাহকৰ সৈতে সম্পৰ্কৰ জৰিয়তে মূল্যবোধ সৃষ্টি কৰা। এই দিশত আমাৰ প্ৰতিশ্ৰুতি আৰু অধিক শক্তিশালী কৰিবলৈ আমি গুৱাহাটীত একক মাল্টি ব্ৰেণ্ড ছুপাৰবাইক ফ্ৰেঞ্চাইজি – ম’ট’ ভ’ল্ট মুকলি কৰাৰ কথা ঘোষণা কৰি গৌৰৱবোধ কৰিছো। এই মুকলিয়ে আমাৰ সন্মানীয় গ্ৰাহকসকললৈ সামগ্ৰী, বিক্ৰী আৰু সেৱা সমৰ্থনৰ বিস্তৃত পৰিসৰ সম্প্ৰসাৰণৰ প্ৰতি থকা আমাৰ প্ৰতিশ্ৰুতিক আৰু অধিক শক্তিশালী কৰিছে। সমগ্ৰ ভাৰতত ম’ট’ ভ’ল্ট শ্ব’ৰুম মুকলি কৰাৰ আঁৰৰ আমাৰ উদ্দেশ্য হৈছে ছুপাৰবাইক অনুৰাগীসকলে যাতে বিশ্ববিখ্যাত ব্ৰেণ্ড আৰু তেওঁলোকৰ বিশিষ্ট সামগ্ৰীসমূহৰ অভিজ্ঞতা লাভ কৰিব পাৰে, সেই কথা নিশ্চিত কৰা।”নতুন ডীলাৰশ্বিপ মুকলি সন্দৰ্ভত মন্তব্য কৰি ম’ট’ ভ’ল্ট - গুৱাহাটীৰ ডীলাৰ প্ৰিন্সিপাল শ্ৰী মুকেশ কুমাৰ সিঙে কয়, ‘ম’ট’ ভ’ল্ট ইণ্ডিয়াৰ সৈতে জড়িত হৈ আমি নথৈ আনন্দিত হৈছো। আমাৰ গ্ৰাহকমুখী পদ্ধতিৰ জৰিয়তে আমি আমাৰ সকলো গ্ৰাহকক চাপমুক্ত আৰু প্ৰিমিয়াম বিক্ৰী আৰু সেৱাৰ অভিজ্ঞতা প্ৰদান কৰাৰ লক্ষ্য ৰাখিছো। শ্ৰেষ্ঠ মালিকীস্বত্বৰ অভিজ্ঞতা প্ৰদান কৰিব পৰাকৈ ম’ট' ভ’ল্ট গুৱাহাটীৰ পেছাদাৰীসকলক বিশ্বৰ মানদণ্ড অনুসৰি প্ৰশিক্ষণ দিয়া হয় ।"সমগ্ৰ ভাৰতত নিজৰ স্থান দ্ৰুতগতিত সম্প্ৰসাৰণ কৰাৰ লক্ষ্য স্থিৰ কৰিছে ম’ট’ ভ’ল্ট ইণ্ডিয়াই আৰু ই ছুপাৰবাইকিঙৰ প্ৰতি একেধৰণৰ আবেগেৰে আক্ৰমণাত্মকভাৱে বিভিন্ন সহযোগীৰ সন্ধানত আছে ।ম’ট’ ম'ৰিনি ৰেঞ্জত অন্তৰ্ভুক্ত আছে ৫০চিচি ৰেঞ্জৰ টা মডেল, যাৰ প্ৰাৰম্ভিক মূল্য হৈছে ৬,৮৯,০০০ টকা (এক্স-শ্ব’ৰুম, ভাৰত), এক্স-কেপ ৬৫০ আৰু এক্স-কেপ ৬৫০এক্সৰ সৈতে এইকেইটাৰ ভিতৰত আছে ছেয়িমেজো ৰেট্ৰো ষ্ট্ৰীট আৰু স্ক্ৰেম্বলাৰ সমান্তৰালভাৱে ছেইমেজ্জ’ ৰেট্ৰ’ ষ্ট্ৰীট আৰু স্ক্ৰেম্বলাৰ।জন্টিছ ৰেঞ্জৰ প্ৰাৰম্ভিক মূল্য হৈছে  ৩,১৫,০০০ টকা (এক্স-শ্ব’ৰুম, ভাৰত) আৰু ই ৩৫০চিচি শিতানৰ ৫টা মডেলৰে গঠিত - ৩৫০আৰ, ৩৫০এক্স, জিকে৩৫০, ৩৫০টি আৰু ৩৫০টি এডিভি।কিউ জে মটৰ ৰেঞ্জৰ প্ৰাৰম্ভিক মূল্য হৈছে ১,৯৯,০০০টকা(এক্স-শ্ব’ৰুম, ভাৰত) আৰু ই ২৫০চিচিৰ পৰা ৪০০চিচি শিতানৰ ৪টা মডেলৰে গঠিত। ইয়াৰ ভিতৰত আছে এছআৰচি ২৫০, এছআৰচি ৫০০, এছআৰভি ৩০০ আৰু এছআৰকে ৪০০।

অধিক তথ্যৰ  motovault.com চাব পাৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here