গুৱাহাটীখন সুন্দৰ হ'বলৈ হলে কৃত্ৰিমবানমুক্ত, অৱর্জনা মুক্ত হ'ব লাগিব- ছেভ ভৰলু অভিযান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 16 October 2023

গুৱাহাটীখন সুন্দৰ হ'বলৈ হলে কৃত্ৰিমবানমুক্ত, অৱর্জনা মুক্ত হ'ব লাগিব- ছেভ ভৰলু অভিযান

 

W7s news ষ্টাফৰিপোৰ্টাৰ


: গুৱাহাটীখন সুন্দৰ হ'বলৈ হলে কৃত্ৰিমবানমুক্ত, অৱর্জনা মুক্ত হ'ব লাগিব-এইদৰে কয় ছেভ ভৰলু অভিযানৰ সভাপতি ডাঃ ৰবীন্দ্ৰনাথ মজুমদাৰে। সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদ মেলত তেওঁ লগতে কয়-গুৱাহাটীখন পৰিস্কাৰ, পৰিচ্ছন্ন কৰি ৰখা প্ৰতিজন নাগৰিকৰ দায়িত্ব হোৱা উচিত। আমি আগন্তক দুৰ্গা পূজা সমিতিসমূহলৈ আহ্বাবন জনাইছোঁ যে দেৱীৰ প্ৰতিমা বিসৰ্জনৰ লগে লগে মূৰ্তিৰ দায়িত্বশীল পৰিচালনাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰক। এই অনুৰোধ বিভিন্ন ৰাজ্যত গ্ৰহণ কৰা পদ্ধতিৰ সৈতে সামঞ্জস্য ৰাখি কৰা হৈছে, য’ত জলভাগৰ পৰা আৱৰ্জনাসমূহ উদ্ধাৰৰ প্ৰচেষ্টা চলোৱা হয় আৰু বিসৰ্জনৰ ঠাইবোৰ ভালদৰে পৰিষ্কাৰ কৰাটো নিশ্চিত কৰা । ইয়াৰ উদ্দেশ্য হ'ল  জলভাগত ৰাসায়নিক আৰু জাবৰ প্ৰদূষণ ৰোধ কৰা। সেয়েহে প্ৰতিমা বিসৰ্জনৰ সময়ত প্রতিমা সমূহৰ পৰা আ-অলংকাৰ, সাজপাৰসমূহ আঁতৰাই কেৱল মাত্ৰ প্ৰতিমা বিসৰ্জন দিয়ক। লগতে বশিষ্ট নদীত যাতে প্ৰতিমা বিসৰ্জন কৰা হয় তাৰবাবে অনুৰোধ জনালোঁ।গুৱাহাটীবাসীৰ বাবে স্বচ্ছ আৰু স্বাস্থ্যসন্মত পৰিবেশ গঢ়ি তোলাৰ উদ্দেশ্যত ছেভ ভৰলু অভিযান নিষ্ঠাবান আৰু  এই পদক্ষেপসমূহৰ সফল ৰূপায়ণে নিঃসন্দেহে এই মহান  কামত অৰিহণা যোগাব বুলি আশাবাদী। এখন স্বচ্ছ আৰু সুস্থ গুৱাহাটী  লক্ষ্যৰে আমি কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছোঁ। 

ছেভ ভৰলু অভিযানে ইয়াৰ শেহতীয়া পদক্ষেপ  -"জাবৰ বোটলো আহক"’ আৰম্ভ কৰিব  যিটো স্বচ্ছ আৰু সুস্থ স্মাৰ্ট চিটিলৈ অৰিহণা যোগোৱাৰ এক যুগান্তকাৰী উপায়। এই কাৰ্যসূচীৰ প্ৰধান লক্ষ্য হৈছে নাগৰিকসকলৰ মাজত সজাগতা বৃদ্ধি আৰু গুৱাহাটীক আৱৰ্জনামুক্ত কৰি তোলা আৰু প্ৰায়ে কৃত্ৰিম বানপানীত অৰিহণা যোগোৱা প্লাষ্টিকৰ আৱৰ্জনা ই  কৰা বিপদ হ্ৰাস কৰাত সক্ৰিয়ভাৱে অৰিহণা যোগোৱা। এই অভিযান গুৱাহাটীৰ চাৰিটা ভিন্ন স্থান ক্ৰমে: জোনালী, ৰাজগড়, কাহিলীপাৰা, বৰষাপাৰা- ভাস্কৰ নগৰত ২০ অক্টোবৰৰ পুৱা ৬ বজাত অনুষ্ঠিত হ’ব। প্ৰতিটো স্থানীয়তাৰ নেতৃত্ব দিব অভিযানৰ জ্যেষ্ঠ সদস্যসকলে। অংশগ্ৰহণকাৰীক উৎসাহিত কৰিবলৈ ‘প্ৰথমে অহা -প্ৰথমে পোৱা’ৰ ভিত্তিত টি-চাৰ্ট আৰু টুপি বিতৰণ কৰা হ’ব, লগতে গ্ল’ভছ, মাস্ক, চেনিটাইজাৰ, আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰীও বিতৰণ কৰা হ’ব যাতে সকলোৰে বাবে নিৰাপদ আৰু উপভোগ্য অভিজ্ঞতা নিশ্চিত হয়। ছেভ ভৰলু অভিযানক গুৱাহাটী পৌৰ নিগমৰ দ্বাৰা আৱৰ্জনা ব্যৱস্থাপনাৰ এক গুৰুত্বপূৰ্ণ পাইলট প্ৰজেক্টৰ দায়িত্ব অৰ্পণ কৰা হৈছে। প্ৰকল্পটোৰ ৰূপায়ণৰ তদাৰক কৰিবলৈ পৌৰ নিগম কৰ্তৃপক্ষই এজন সহকাৰী আয়ুক্ত নিযুক্তি দিয়াৰ পিছতো  এতিয়ালৈকে অগ্ৰগতি অতি ক্ষীণ । ইয়াৰ প্ৰতি লক্ষ্য ৰাখি অভিযানে নিজাববীয়াকৈ উদ্যোগ লৈ বৰ্ষাপাৰা আৰু ভাস্কৰনগৰ স্থানীয় অঞ্চলত দহযোৰ ডাষ্টবিন স্থাপন কৰিছে। বিশেষকৈ মৰাভৰলু অঞ্চলত আৱৰ্জনা পেলোৱা আৰু অনুচিত আৱৰ্জনা নিষ্কাশনক নিৰুৎসাহিত কৰাৰ উদ্দেশ্যেৰে এই পদক্ষেপ লোৱা হৈছে।' সংবাদ মেলত ছেভ ভৰলু অভিযানৰ সম্পাদক সত্যৰঞ্জন বৰা,যুটীয়া সম্পাদক ডাঃ ৰুবি কটকী উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here