গুৱাহাটীত দূৰ্গা পূজাৰ বাবে গুৱাহাটী পৌৰ নিগমৰ বিশেষ স্বচ্ছতা প্ৰতিযোগিতা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 16 October 2023

গুৱাহাটীত দূৰ্গা পূজাৰ বাবে গুৱাহাটী পৌৰ নিগমৰ বিশেষ স্বচ্ছতা প্ৰতিযোগিতা

 

দুৰ্গা পূজা সমিতিৰ মাজত  অনুষ্ঠিত হ'ব স্বচ্ছতা 

প্ৰতিযোগিতা


প্লাষ্টিক ব্যৱহাৰ নিষিদ্ধ কৰিব লাগিব পূজা সমিতি সমূহে-মেয়ৰ মৃগেন শৰণীয়া




W7s news গুৱাহাটী: গুৱাহাটীত দূৰ্গা পূজাৰ বাবে  গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষই বিশেষ স্বচ্ছতা প্ৰতিযোগিতাৰ আয়োজন কৰিছে। গুৱাহাটীৰ দুৰ্গা পূজা সমিতিৰ মাজত ২০অক্টোবৰৰ পৰা  অনুষ্ঠিত হ'ব 'স্বচ্ছতা' প্ৰতিযোগিতা-এইদৰে কয় গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই। সোমবাৰে গুৱাহাটীৰ উজানবজাৰস্থিত নিগমৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদ মেলত তেওঁ লগতে কয়-এই প্ৰতিযোগিতাৰ বাবে প্লাষ্টিক ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিব লাগিব পূজা সমিতি সমূহে। পূজামণ্ডপৰ লগতে মণ্ডপৰ চৌদিশ পৰিষ্কাৰ কৰিব লাগিব পূজা কমিটীসমূহে। ডাষ্টবিনৰ ব্যৱহাৰ কৰিব লাগিব। দেৱীৰ ভোগ খোৱা প্লেট সমূহো যাতে প্লাষ্টিকৰ ব্যৱহাৰ নকৰে তাৰে আশা কৰিলোঁ।আমি ৱাৰ্ড সমূহৰ পৰা পূজা কমিটিৰ তালিকা প্ৰস্তুত কৰিছো। এই প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ হিচাপে ১০ হাজাৰকৈ টকা ২৫ খন পূজা সমিতিয়ে লাভ কৰিব। সেইদৰে দ্বিতীয় পুৰস্কাৰ হিচাপে ৭ হাজাৰকৈ টকা ৫০ খন পূজা সমিতিয়ে লাভ কৰিব। তৃতীয় পুৰস্কাৰ হিচাপে ৫ হাজাৰকৈ টকা ১০০ খন পূজা সমিতিয়ে লাভ কৰিব।আমি মুঠতে ১৭৫ খন পূজা কমিটীক পুৰস্কৃত কৰিম।লগতে মানপত্ৰও প্ৰদান কৰা হ'ব। এই প্ৰতিযোগীতাতকোনো কাউঞ্চিলাৰ জড়িত হ'ব নোৱাৰিব ।নিৰীক্ষণৰ বাবে থাকিব সুকীয়াকৈ তৃতীয় পক্ষৰ লোক, এজেন্সি আৰু স্বেচ্ছাসেৱী সংগঠন। প্ৰতিযোগিতাৰ


পুৰস্কাৰ সমূহ ২৮ অথবা ২৯ অক্টোবৰত ঘোষণা কৰা হ'ব। আমাৰ মূল উদ্দেশ্য হ'ল গুৱাহাটীখন স্বচ্ছ কৰি ৰখা।গুৱাহাটীৰ পুজাসমূহ এক সুন্দৰ পৰিবেশনত অনুষ্ঠিত হ'ব লাগে।আমাকো যাতে গুৱাহাটী বাসীয়ে সহযোগ কৰে তাৰে আশা কৰিলোঁ। গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া চাৰি শতাধিক দুৰ্গা পূজাত স্বচ্ছতা বৰ্তাই ৰাখি গুৱাহাটীখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি তুলিবলৈ আমি গুৱাহাটীবাসীক আহ্বান জনালোঁ। এই সন্দৰ্ভত আমি নিৰ্দেশা অতি শীঘ্ৰে জাৰি কৰিম।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here