অনুজ্ঞাপত্ৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 30 October 2023

অনুজ্ঞাপত্ৰ




                                   


W7s news,,,গুৱাহাটী: প্ৰসিদ্ধ উৰ্দু সাহিত্যিক ছাদাত হাছান মান্টোৰ কালজয়ী কাহিনী 'লাইচেন্স’ৰ আধাৰত ছীগাল নাট্য গোষ্ঠীয়ে পৰিৱেশন কৰে তেওঁলোকৰ নৱতম প্ৰযোজনা 'অনুজ্ঞাপত্ৰ'৷ নাট্যকৰ্মী, অভিনেতা বিকাশ দাসৰ পৰিচালনাত যোৱা ২৯ অক্টোবৰত মহানগৰীৰ জুৰোডস্থিত ছীগাল থিয়েটাৰৰ প্ৰেক্ষাগৃহত নাটখন মঞ্চস্থ হয়৷ নতুন দিল্লীৰ সংগীত নাটক একাডেমীৰ সহযোগিতাত নিৱেদিত নাটখনৰ নাট্যৰূপ বিকাশ দাস আৰু মিনাক্ষী ডেকাৰ৷ নাটখনৰ 'নীতি' নামৰ মূল নাৰী চৰিত্ৰটোত অভিনয় কৰিছে অভিনেত্ৰী তথা কথক নৃত্যাংগনা বি পাল্কীয়ে৷ 'অব্বু' নামৰ মূল পুৰুষ চৰিত্ৰত অভিষেক ভাৰতীয়ে অভিনয় কৰিছে৷ অংকিত গোস্বামী, দেৱশংকৰ নাথ, শ্ৰেয়ান শেখৰ শৰ্মা, আকাশ শইকীয়া, আফ্তাব হুছেইন, কৰণ কুমাৰ হাজৰিকা, প্ৰণৱ নিবিড়, পৱন কাশ্যপ, ধৰিত্ৰী গগৈ, অংকিতা বৈশ্য আৰু সম্প্ৰীতি শিৱমে নাটখনৰ অন্যান্য চৰিত্ৰ সমূহত অভিনয় কৰিছে৷ নাটখনৰ সংগীত কৰিছে সুদীপ্ত শৰ্মা ভৰালীয়ে৷ বিকাশ দাস আৰু কাণুৱে লাইট ডিজাইন কৰা নাটখনৰ কষ্টিউমৰ দায়িত্বত আছিল গীতিকা শৰ্মা৷  নাটখনৰ সামগ্ৰিক পৰিকল্পনা বাহাৰুল ইছলাম আৰু ভাগীৰথী বাই কাদমৰ৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here