নৰ্থইষ্ট ইউনাইটেড এফ চি আৰু ছিগ্ৰামছ ইম্পেৰিয়েল ব্লু: তিনি বছৰৰ অদম্য সহযোগিতা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 27 October 2023

নৰ্থইষ্ট ইউনাইটেড এফ চি আৰু ছিগ্ৰামছ ইম্পেৰিয়েল ব্লু: তিনি বছৰৰ অদম্য সহযোগিতা

 

 

W7s news গুৱাহাটী,: – ছিগ্ৰামছ ইম্পেৰিয়েল ব্লুৱে নৰ্থইষ্ট ইউনাইটেড ফুটবল ক্লাব (এন ই ইউ এফ চি) ৰে ইয়াৰ এক্সক্লুছিভ সহযোগিতাৰ তৃতীয় বৰ্ষপূৰ্তি সগৌৰৱেৰে উদযাপন কৰিছে। ছিগ্ৰামছ ইম্পেৰিয়েল ব্লু আৰু এন ই ইউ এফ চি দুয়োয়ে কেৱল সহযোগী হিচাপেই নহয়, খেলৰ চেম্পিয়ন হিচাপেও এক শক্তিশালী সংযোগ গঢ়ি তুলিছে । তেওঁলোকৰ সহযোগিতাই খেলপথাৰৰ ভিতৰে-বাহিৰে উত্তৰ-পূবৰ ফুটবল অনুৰাগীসকলৰ হৃদয়ত এক গভীৰ ঐক্য আৰু গৌৰৱবোধৰ বীজ ৰোপন কৰি সুন্দৰ খেলখনৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতাক অধিক শক্তিশালী কৰি তুলিছে। ২০২৩ৰ ২৭ অক্টোবৰত গুৱাহাটীত অনুষ্ঠিত সংবাদমেলত এই চিৰস্থায়ী মিত্ৰতাক স্মৰণ কৰা হয়। পাৰ্নোড ৰিকাৰ্ড ইণ্ডিয়াৰ মাৰ্কেটিং বিভাগৰ  জেনেৰেল মেনেজাৰ –ইশ্বিন্দৰ সিঙে কয় “এই উল্লেখযোগ্য যাত্ৰাৰ বিষয়ে নিজৰ চিন্তাধাৰা প্ৰকাশ কৰি কয়, “উত্তৰ-পূবৰ ফুটবলৰ প্ৰতি থকা প্ৰেম সঁচায়ে মহান আৰু আমি এন ই ইউ এফ চিৰ সৈতে এক অবিশ্বাস্য যাত্ৰাত সহযোগী হৈ আনন্দিত হৈছো । এই সহযোগিতা হৈছে আমাৰ গ্ৰাহকৰ আবেগক উদযাপন কৰা আৰু তেওঁলোকৰ সৌহাৰ্দ্যৰ মুহূৰ্তৰ এক অবিচ্ছেদ্য অংশ হোৱাৰ ওপৰত ব্ৰেণ্ডৰ বিশ্বাসৰ সাক্ষ্য । ই আমাক ‘হাঁহিৰে জীৱনক আকোৱালি লোৱা’ৰ ব্ৰেণ্ড প্ৰতিশ্ৰুতিক নিৰৱচ্ছিন্নভাৱে সজীৱ কৰি তোলাত সহায় কৰে । এই সহযোগিতাই কেৱল এই সুন্দৰ খেলখনৰ প্ৰতি আমাৰ দায়বদ্ধতাক প্ৰতিনিধিত্ব কৰাই নহয়, এই সকলোবোৰ সম্ভৱ কৰি তোলা সমুদায় আৰু অনুৰাগীসকলৰ প্ৰতি আমাৰ সমৰ্পণকো প্ৰতিনিধিত্ব কৰে।”এই একেটা উৎসাহকে প্ৰকাশ কৰি নৰ্থইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ চি ই অ’ শ্ৰী মন্দৰ তামহানে কয়, “ছিগ্ৰামছ ইম্পেৰিয়েল ব্লুৰ সৈতে যোৱা তিনি বছৰ সঁচাকৈয়ে উল্লেখযোগ্য আছিল ময্য । নৰ্থইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ প্ৰতি তেওঁলোকৰ অবিৰাম সমৰ্থন আৰু দায়বদ্ধতাই আমাৰ বিকাশ আৰু কৃতিত্ব অৰ্জনত উল্লেখযোগ্য ভূমিকা পালন কৰিছে । আমি একেলগে উত্তৰ-পূব ভাৰতৰ ফুটবলৰ প্ৰতি থকা প্ৰেমৰ মনোভাৱক আকোৱালি লৈছো, আৰু আগলৈ আৰু বহু সফল বছৰৰ বাবে আগ্ৰহেৰে বাট চাই ৰলো।”
ছিগ্ৰামছ ইম্পেৰিয়েল ব্লু আৰু নৰ্থইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ মাজৰ সহযোগিতা হৈছে সম্প্ৰদায়সমূহক একত্ৰিত কৰাৰ ক্ষেত্ৰত ক্ৰীড়াৰ স্থায়ী শক্তিৰ এক প্ৰমাণ। এই সহযোগিতা হৈছে অঞ্চলটোৰ ফুটবলৰ চিৰস্থায়ী মনোভাৱৰ উদযাপন, য’ত প্ৰতিটো কিক আৰু গ’লে ঐক্য, সতীৰ্থতা, আৰু নৰ্থ-ইষ্টৰ সুন্দৰ খেলখনৰ প্ৰতি থকা আবেগক প্ৰতিনিধিত্ব কৰে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here