অসমত প্ৰতি চাৰি গৰাকী পৰিয়ালৰ সদস্যৰ এগৰাকী জীৱন কালত ষ্ট্ৰ'কত আক্ৰান্ত হ'ব পাৰে ঃ ডাঃ ৰূপজ্যোতি দাস
প্ৰতিবছৰে বিশ্বজুৰি ১৫ নিযুত লোক ষ্ট্ৰ'কত আক্ৰান্ত হয়। ইয়াৰে ৫ নিযুত লোক মৃত্যুমুখত
পৰে আৰু অন্য ৫ নিযুত লোক জীৱনৰ বাবে অক্ষম হৈ পৰে।
অসমত প্ৰতিবছৰে ৭২,০০০ লোক ষ্ট্ৰ'কত আক্রান্ত হয়
প্রতি চাৰিগৰাকী ব্যক্তিৰ এগৰাকীৰ জীৱন কালত ষ্ট্ৰ'ক হ'ব পাৰে
১০০ শতাংশ ষ্ট’কেই প্ৰতিৰোধ কৰিব পাৰি
দিশপুৰৰ জি এন আৰ চি চিকিৎসালয়ত আগতীয়াকৈ ষ্ট্ৰোক দিৱস পালন
W7s news গুৱাহাটী :সমগ্ৰ বিশ্বতে ষ্ট্ৰ'ক মৃত্যুৰ এক প্ৰধান কাৰক। অসমত প্ৰতি চাৰিজন পৰিয়ালৰ সদস্যৰ এজনৰ জীৱন কালত ষ্ট্ৰ'কত আক্ৰান্ত হ'ব পাৰে এইদৰে কয় জিএনআৰচি হাস্পতালৰ স্নায়ুৰোগ বিভাগৰ জ্যেষ্ঠ চিকিৎসক ডাঃ ৰূপজ্যোতি দাসে। শনিবাৰে জিএনআৰচি দিছপুৰ হাস্পতালত অনুষ্ঠিত এখন সংবাদ মেলত তেওঁ লগতে কয়-বিশ্ব স্বাস্থ্য সংস্থাৰ এক তথ্য অনুসৰি প্ৰতিবছৰে বিশ্বজুৰি ১৫ নিযুত লোক ষ্ট্ৰ'কত আক্ৰান্ত হয়। ইয়াৰে ৫ নিযুত লোক মৃত্যুমুখত পৰে আৰু অন্য ৫ নিযুত লোক জীৱনৰ বাবে অক্ষম হৈ পৰে। অসমত প্ৰতিবছৰে ৭২,০০০ লোক ষ্ট্ৰ'কত আক্রান্ত হয়। প্রতি চাৰিগৰাকী ব্যক্তিৰ এগৰাকীৰ জীৱন কালত ষ্ট্ৰ'ক হ'ব পাৰে।১০০ শতাংশ ষ্ট’কেই প্ৰতিৰোধ কৰিব পাৰি ।বিগত ৩৭ বছৰে ৫০ হাজাৰতকৈও অধিক ষ্ট্ৰ'ক ৰোগীৰ চিকিৎসাৰ অভিজ্ঞতাৰে জিএনআৰচি হাস্পতাল সমৃদ্ধ। বিশ্ব ষ্ট্ৰ'ক দিৱস উপলক্ষে জন সচেতনতা সৃষ্টিৰ উদ্দেশ্যে জিএনআৰচি হাস্পতালৰ দিছপুৰ চৌহদত শনিবাৰে এখন সংবাদমেলত বিশেষজ্ঞ চিকিৎসকজনে লগতে কয়-ষ্ট্ৰ'কৰ লক্ষণসমূহক ইংৰাজীত চমুকৈ FAST বুলি কোৱা হয়। অসমীয়াত ইয়াৰ ভাঙনি হ'ল— মুখখন এফালে বেঁকা হৈ যোৱা, বাহু দুৰ্বল হোৱা, কথা লাগি ধৰা আৰু এম্বুলেঞ্চ মতাৰ সময় । বিগত দুটা দশক ধৰি জিএনআৰচি হাস্পতালে বিভিন্ন সজাগতা কাৰ্যসূচীৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজক ষ্ট্ৰ'কৰ এই লক্ষণসমূহৰ বিষয়ে সচেতন কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। বিগত কেবা দশক ধৰি ভাৰতবৰ্ষত ষ্ট্ৰ'কত আক্রান্ত লোকৰ সংখ্যা ক্রমান্বয়ে বাঢ়ি অহা দেখিবলৈ পোৱা গৈছে। উচ্ছৃংখল জীৱনযাপন আৰু অস্বাস্থ্যকৰ জীৱনশৈলীৰ লগতে ক্রমবর্ধমান বয়োবৃদ্ধ লোকৰ বাবেও ভাৰতবৰ্ষত ষ্ট্ৰ'কৰ সংখ্যা বাঢ়ি আহিছে বুলি বিশেষজ্ঞসকলে মত পোষণ কৰিছে। ভাৰতবৰ্ষত মৃত্যু আৰু পংগুত্বৰ এক প্ৰধান কাৰক ষ্ট্ৰ'ক ।
সমগ্র বিশ্বজুৰি ২০০ কোটি লোকৰ তেওঁলোকৰ জীৱন কালত ষ্ট্ৰ'ক হোৱাৰ সম্ভাৱনা থাকে। ইয়াৰে ২০ শতাংশ মৃত্যুমুখত পৰিব পাৰে আৰু ৬০ শতাংশ লোক জীৱনৰ বাবে পংগু হৈ ৰোৱাৰ সম্ভাৱনা থাকে। ষ্ট্ৰ'ক এটা মাৰাত্মক ৰোগ, কিন্তু আশাব্যঞ্জক কথাটো হ'ল ইয়াক প্ৰতিৰোধ কৰিব পাৰি আৰু ইয়াৰ চিকিৎসা আছে। জনসচেতনতা, শিক্ষা আৰু উচিত সময়ত উপযুক্ত চিকিৎসাৰে ষ্ট্ৰ'কক বহুলাংশে নিয়ন্ত্ৰণ কৰিব পৰা যায়, যিয়ে ষ্ট্ৰ'ক আক্ৰান্ত ৰোগী আৰু তেওঁলোকৰ পৰিয়ালক যথেষ্ট সকাহ দিব পাৰে। যিমানেই সাধাৰণ ৰাইজক ষ্ট্ৰ'কৰ লক্ষণসমূহ আৰু চিকিৎসাৰ ব্যৱস্থাসমূহৰ বিষয়ে অৱগত কৰিম সিমানেই বেছিসংখ্যক ৰাইজক আমি ষ্ট্ৰ'কৰ পৰা ৰক্ষা কৰিব পাৰিম । যিকোনো সময়তে যিকোনো ব্যক্তিৰে ষ্ট্ৰক হ'ব পাৰে। আমাৰ জীৱনশৈলীৰ কিছুমান সাল-সলনিৰে সহজতে ষ্ট্ৰকৰ হাতোৰাৰ পৰা হাত সাৰি থাকিব পাৰো। সুষম তথা সঠিক ভাৰসাম্যযুক্ত খাদ্য গ্রহণ, সুৰা আৰু ধঁপাতজাতীয় সামগ্ৰী বৰ্জন আৰু মেদবহুলতাৰ পৰা আঁতৰি থাকিব পাৰিলে সহজে ষ্ট্ৰ'ক প্ৰতিহত কৰিব পৰা যায়। তদুপৰি আমি উচ্চ ৰক্তচাপ, মধুমেহ, ডিছলিপিডিমিয়া, অনিয়মীয়া হৃদস্পন্দন, মানসিক চাপ আৰু হতাশাৰ পৰা মুক্ত থাকি ষ্ট্ৰ'কক বাধা দি ৰাখিব পাৰো। প্ৰতিৰোধৰ লগতে সঠিক সময়ত উপযুক্ত চিকিৎসাৰে বহু ষ্ট্ৰ'ক ৰোগীৰ জীৱন ৰক্ষা কৰিব পৰা যায়। ইয়াৰ বাবে আমাক এখন ষ্ট্ৰ'ক ৰেডী হাস্পতালৰ প্ৰয়োজন । এখন ষ্ট্ৰ'ক ৰেডী হাস্পতাল দিনটোৰ ২৪ ঘণ্টাই এগৰাকী ষ্ট্ৰ'ক ৰোগীৰ চিকিৎসা কৰিব পৰাকৈ অত্যাধুনিক সুবিধাৰে সুসজ্জিত আৰু লগতে প্ৰয়োজনীয় দক্ষ আৰু অভিজ্ঞ চিকিৎসক আৰু চিকিৎসা সহযোগীৰে সমৃদ্ধ । সমগ্ৰ ভাৰতবৰ্ষতে এনে ষ্ট্ৰ'ক ৰেডী হাস্পতালৰ সংখ্যা খুবেই তাকৰ। উত্তৰ-পূৰ্বাঞ্চলত একমাত্র জিএনআৰচি হাস্পতালেই এখন ষ্ট্ৰ'ক ৰেডী হাস্পতাল য'ত দিনটোৰ ২৪ ঘণ্টাই ষ্ট্ৰ'কৰ অত্যাধুনিক চিকিৎসা সম্ভৱ।” সংবাদমেলত জিএনআৰচিৰ ইণ্টাৰভেনশ্যনেল ৰেডিঅ'লজিষ্ট ডাঃ ফিদৌছ আহমেদ, স্নায়ুশল্য বিশেষজ্ঞ ডাঃ ইনামূল হক আৰু ফিজিঅ'থেৰাপিষ্ট তৃষ্ণা দত্তও উপস্থিত থাকে আৰু তেওঁলোকৰ ষ্ট্ৰ'কৰ চিকিৎসাৰ বিভিন্ন দিশ সামৰি বক্তব্য আগবঢ়ায় ।
No comments:
Post a Comment