পশ্চিম বৰা গাওঁত তৃতীয়টো শ্ব'ৰূম মুকলি কামাখ্যা মটৰ্ছৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 17 October 2023

পশ্চিম বৰা গাওঁত তৃতীয়টো শ্ব'ৰূম মুকলি কামাখ্যা মটৰ্ছৰ


 


গ্ৰাহকে অতি যুক্তিসঙ্গত মূল্যত লাভ কৰিব ছেকেণ্ড হেণ্ড কাৰ 


W7s news,,,গুৱাহাটী,  অক্টোবৰঃজনপ্ৰিয় আৰু অতিকৈ  বিশ্বস্ত ছেকেণ্ড হেণ্ড কাৰ ডিলাৰ কামাখ্যা মটৰ্ছে গুৱাহাটীৰ  ৰাষ্ট্ৰীয় ঘাইপথৰ পশ্চিম বৰাগাওঁত  তেওঁলোকৰ তৃতীয়টো শ্ব'ৰূম মুকলি কৰে।শ্ব'ৰূমটো প্ৰখ্যাত সমাজকৰ্মী সন্তোষ খেতানে অনুষ্ঠানিক ভাবে উদ্বোধন কৰে। অনুষ্ঠানটোত বক্তব্য ৰাখি শ্ব'ৰূমৰ সঞ্চালক অনিল খেতানে কয় যে এই শ্ব'ৰূমটো বিশেষকৈ ছেকেণ্ড হেণ্ড কাৰৰ বাবে। ইয়াত কেৱল মাৰুতি, হুণ্ডাই, মহিন্দ্ৰা, টাটা, টয়োটা, ৰেনল্ট আদিৰ দৰে সকলো প্ৰতিষ্ঠিত কোম্পানীৰ ছেকেণ্ড হেণ্ড কাৰৰ সৈতে লেনদেন কৰা হয়। গ্ৰাহকৰ চাহিদা অনুসৰি তেওঁলোকৰ বাজেটত ভাল গাড়ী যোগান ধৰা হয়। আমাৰ শ্ব'ৰূমটো সেই লোকসকলৰ বাবে বিশেষকৈ যিসকলে নতুন গাড়ী কিনিবলৈ আৰ্থিকভাৱে অক্ষম। এনে লোকসকলৰ বাবে ছেকেণ্ড হেণ্ড কাৰ উপলব্ধ। যাৰ আৰম্ভণি মূল্য মাত্ৰ দুই লাখ টকা। ইয়াৰ উপৰিও প্ৰিমিয়াম শাখাৰ কাৰ যেনে মাৰ্চিডিজ, অডি আদি বাহনো যোগান ধৰা হয়। তেওঁ আৰু কয় যে অতি সোনকালেই আমি গাড়ী সেৱাৰ সুবিধাও আৰম্ভ কৰা হব।গ্ৰাহকসকলক গাড়ী পঞ্জীয়ন, বীমা আদিৰ দৰে সুবিধাও প্ৰদান কৰি থকা হৈছে। খেতানে কয় যে প্ৰতি মাহে বিক্ৰী হোৱা নতুন গাড়ীৰ সংখ্যাৰ তুলনাত পুৰণি গাড়ী দুগুণ বিক্ৰী হয়। এনে পৰিস্থিতিত অসমত পুৰণি গাড়ীৰ বজাৰ বহুত ডাঙৰ আৰু গ্ৰাহকৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ আমি পশ্চিম বৰা গাওঁত  আমাৰ তৃতীয়টো শ্ব'ৰুম মুকলি আনন্দিত হৈছো।অনুষ্ঠানত ভাষণ প্ৰদান কৰি যুৱ ব্যৱসায়ী বিকাশ খেতানে কয় যে গ্ৰাহকসকলৰ বাবে বিত্তীয় সুবিধাও উপলব্ধ কৰা হৈছে। এইচ ডি এফ চি বেংক, টাটা কেপিটেল, আই ডি এফ চি, মহিন্দ্ৰা ফাইনেন্স আৰু চোলামাণ্ডালামৰ প্ৰতিনিধিসকল সেই গ্ৰাহকসকলৰ বাবে শ্ব'ৰূমত উপলব্ধ যিসকলক বিত্তীয় সাহায্যৰ প্ৰয়োজন হয়।গ্ৰহকে অতি সহজে তেওঁলোকৰ পছন্দৰ গাড়ীখন ক্ৰয় কৰি নিব পাৰিব। বিনিত খেতানে আৰু কয় যে শ্ব'ৰূমত পুৰণি গাড়ী ক্ৰয় আৰু বিক্ৰী কৰাৰ উপৰিও বিনিময় সুবিধাও উপলব্ধ। তেওঁ আৰু কয় যে আমি যোৱা ৩০ বছৰ ধৰি এই ব্যৱসায়ৰ সৈতে জড়িত হৈ আছোঁ আৰু গ্ৰাহকসকলে ছেকেণ্ড হেণ্ড কাৰ ক্ৰয় কৰাৰ বাবে আমাৰ ওপৰত বিশ্বাস ৰাখে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here