আইএএছ প্ৰশিক্ষণৰ বাবে ১০০% সাহায্যৰ সৈতে চাকৰি প্ৰত্যাশীসকলৰ বাবে নেক্সট আইএএছ-য়ে আগঢ়াইছে আকৰ্ষণীয় বৃত্তিমূলক কাৰ্য্যসূচী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 1 October 2023

আইএএছ প্ৰশিক্ষণৰ বাবে ১০০% সাহায্যৰ সৈতে চাকৰি প্ৰত্যাশীসকলৰ বাবে নেক্সট আইএএছ-য়ে আগঢ়াইছে আকৰ্ষণীয় বৃত্তিমূলক কাৰ্য্যসূচী


 

W7s news,,,গুৱাহাটী, ১ অক্টোবৰ ২০২৩: বৰ্তমান ভাৰতত বিভিন্ন প্ৰকাৰৰ কেৰিয়াৰ বিকল্পৰ প্ৰসাৰ ঘটা স্বত্বেও যথেষ্ট সংখ্যক ভাৰতীয় যুৱক-যুৱতীয়ে আইএএছ বা আইপিএছ বিষয়াৰ দৰে সন্মানীয় পদত অধিষ্ঠিত হোৱাৰ সপোন দেখে। এই উচ্চাকাংক্ষী ব্যক্তিসকলৰ প্ৰায়ভাগেই নিজৰ সপোনক বাস্তৱ ৰূপ দিয়াৰ উদ্দেশ্যে সচৰাচৰ দিল্লী, পাটনা আৰু এলাহাবাদৰ দৰে ব্যস্ত মহানগৰলৈ যায় আৰু তেওঁলোকৰ জীৱনৰ এছোৱা গুৰুত্বপূৰ্ণ সময় দেশৰ আটাইতকৈ কৃচ্ছ্ৰসাধ্য পৰীক্ষাটিত উত্তীৰ্ণ হ’বলৈ উৎসৰ্গা কৰে।এনে কৃচ্ছ্ৰ সাধনাৰ বাবে আগ্ৰহী শিক্ষাৰ্থীসকলৰ বাবে মেড ইজি গ্ৰুপৰ এক সন্মানীয় শাখা নেক্সট আইএএছ ইনষ্টিটিউটে এক বিশেষ বৃত্তিমূলক কাৰ্যসূচী আগবঢ়াইছে। এই বিশেষ সুযোগটোৱেই হয়টো মুকলি কৰিব পাৰে আপোনাৰ এগৰাকী আইএএছ বিষয়া হোৱাৰ সপোনক বাস্তৱায়িত কৰাৰ পথ। ইংৰাজী আৰু হিন্দী দুয়োটা ভাষাতে উপলব্ধ এই কাৰ্যসূচীটোৰ অধীনত প্ৰাৰ্থীসকলে সাধাৰণ জ্ঞানৰ প্ৰাক আৰু মূল ভিত্তি পাঠ্যক্ৰমৰ বাবে অধ্যয়ন মাচুলৰ ক্ষেত্ৰত ১০০% পৰ্যন্ত আৰ্থিক সাহায্য লাভ কৰিব পাৰে।এই বৃত্তি পৰীক্ষাৰ বাবে পঞ্জীয়ন দুৱাৰ ৫ অক্টোবৰত বন্ধ হ'ব আৰু পৰীক্ষাটো ১৫ অক্টোবৰ তাৰিখে অনুষ্ঠিত কৰা হ'ব। সফল প্ৰাৰ্থীসকলে ২৬ অক্টোবৰ, ২০২৩ৰ পৰা ৩১ জুলাই, ২০২৪ লৈ তেওঁলোকৰ প্ৰশিক্ষণ লাভ কৰিব।নেক্সট আইএএছ-য়ে সমগ্ৰ দেশৰ মুঠ ৪২ খন চহৰ সামৰি পৰীক্ষা কেন্দ্ৰ স্থাপন কৰিছে, য’ত বিজয়ৱাড়া, কলকাতা, ভাইজাগ, ইটানগৰ, ডিব্ৰুগড়, গুৱাহাটী, জ্যোতি, শিলচৰ, মুজাফ্ফৰপুৰ, পাটনা, চণ্ডিগড়, ভিলাই, ৰায়পুৰ আদিৰ দৰে গুৰুত্বপূৰ্ণ চহৰসমূহ অন্তৰ্ভুক্ত হৈ আছে। বৃত্তিমূলক কাৰ্যসূচীৰ বাবে বিতং তথ্য লাভ আৰু পঞ্জীয়নৰ বাবে নেক্সট আইএএছৰ অফিচিয়েল ৱেবছাইট nextias.com লৈ যাব পাৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here